তিনি নাৰী শক্তিয়ে তিনিটা পদক জয় কৰি টকিঅ' অলিম্পিকত (Tokyo Olympics 2020) ভাৰতৰ পতাকাক গৌৰৱান্বিত কৰাৰ পিছত এইবাৰ এটা সোণ (Gold)ৰ পদকৰ আশা সজীৱ হৈছে ভাৰতৰ। ৰবি কুমাৰ দাহিয়া (Ravi Kumar Dahiya)ৰ যোগেদি ১৩০ কোটি জনতাৰ দেশ ভাৰতে আশা কৰিছে এটা সোণ। কাইলৈ ৰবি দাহিয়াৰ ফাইনেল খেল।
মল্ল যুঁজৰ ৫৭ কেজি শাখাত ফাইনেলত প্ৰবেশ কৰি ৰবি দাহিয়াই জীয়াই ৰাখিছে সোণৰ পদকৰ আশা। কাইলৈ ৰাছিয়াৰ উগুৱেভ ঝাভুৰ (Uguev Zavur)ৰ মুখামুখি হ'ব ৰবি দাহিয়া। ইতিমধ্যে ফাইনেলত প্ৰবেশৰ লগে লগে ৰূপৰ পদক নিশ্চিত হৈছে ৰবি দাহিয়াৰ। ছেমি ফাইনেলত দাহিয়াই কাজাখাস্তানৰ নুৰইছলাম ছানায়েভক ১৪-৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।
ৰবি দাহিয়াই ৰূপৰ পদক নিশ্চিত কৰাৰ লগে লগে অলিম্পিকত ভাৰতৰো চতুৰ্থটো পদক নিশ্চিত হ'ল। আনহাতে ৮৭ কেজি শাখাত ব্ৰঞ্জৰ বাবে যুঁঁজ দিব দীপক পুনিয়াই।
ৰবি দাহিয়াই দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰবেশ কৰিছে ফাইনেলত। দাহিয়াৰ প্ৰদৰ্শনলৈ চাই সোণৰ পদকৰ সম্ভাৱনা বৃদ্ধি পাইছে। সমগ্ৰ দেশবাসীৰ দৃষ্টি এতিয়া ৰবি দাহিয়াৰ ওপৰত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|