কামেং সীমান্ত দেখিলো! কিন্তু কামেঙৰ দুৰ্দশাৰ খবৰ আজি কোনে ৰাখিছে?
News18-Assam Updated:August 24, 2019, 11:19 AM IST

ভূপেন দাৰ গীতৰ কথাৰ দৰেই সেই একেই পৰিৱেশ আজিও কামেঙত!
ভূপেন দাৰ গীতৰ কথাৰ দৰেই সেই একেই পৰিৱেশ আজিও কামেঙত!
- News18 Assam
- Last Updated: August 24, 2019, 11:19 AM IST
ভূপেনদাই গাইছিল- “ক'ত জোৱানৰ মৃত্যু হ'ল/কাৰ জীৱন-যৌৱন গ'ল/এই মৃত্যু অপৰাজেয়/এনে মৃতক নহ'লো মই কিয়?.....আজি কামেং সীমান্ত দেখিলো/দেখি শত্ৰুৰ প্ৰভূত্ব চিনিলো/আৰু মৃত-মৌন শত জোৱানলে''/মোৰ অশ্ৰু-অঞ্জলি যাছিলো...”
এয়াই কামেং ৷ চীন সীমান্তৰ কামেং ৷ আজিৰ পাক্কে কেচ্চাং জিলা ৷ সেই যে ভূপেন দাই গাইছিল গীতত, ভূপেন দাৰ গীতৰ কথাৰ দৰেই সেই একেই পৰিৱেশ আজিও কামেঙত ৷

১৯৬২ত চীনে আক্ৰমণ কৰাৰ সময়ত যি পৰিৱেশত ভাৰতীয় সেনাই আছিল বা সেই ঠাইৰ লোক সকলে বসবাস কৰিছিল, তাৰ মাথো সামান্য উন্নত হৈছে ৷
পাক্কে কেচ্চাং! ২০১১ৰ লোকপিয়ল অনুসৰি জনসংখ্যা ৭৮, ৪১৩জন ৷ এই পাক্কে কেচ্চাঙেৰে এতিয়া প্ৰস্তাৱিত ইষ্ট-ৱেষ্ট ইণ্ডাষ্ট্ৰীয়েল কৰিডৰটো পাৰহৈ যাব ৷ মাগু-থিংবুৰ পৰা বিজয়নগৰলৈ নিৰ্মাণ কৰিবলগীয়া ইষ্ট-ৱেষ্ট ইণ্ডাষ্ট্ৰীয়েল কৰিডৰটো ঐতিহাসিক মেকমোহন লাইনৰ কাষেৰে পাৰ হৈ যাব ৷
ফ'টো আৰু ভিডিঅ চছিয়েল মিডিয়াত আপলোড কৰি যুৱকজনে কঠোৰ ভাষাৰে সমালোচনা কৰিছে স্থানীয় ৰাজনৈতিক নেতা-পালি নেতাক ৷ কাৰণ অঞ্চলটোৰ ৰাস্তা-ঘাট নিৰ্মাণ কৰাৰ নামত নিৰ্বাচনৰ সময়চোৱাত দি অহা প্ৰতিশ্ৰুতিসমূহ কোনো কালে পালন কৰা নাই কোনো ৰাজনৈতিক নেতাই ৷ নিৰ্বাচন সময়ত ভোট ভিক্ষা কৰিবলৈ ঠিকেই গাঁৱসমূহলৈ আহে, কিন্তু ভোটাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছত পাহৰি যায় ৰাজনৈতিক নেতাই ৷
যুৱকজনে চছিয়েল মিডিয়াত আপলোড কৰা ফ'টোত দেখা গৈছে এজন আশী উৰ্দ্ধৰ বৃদ্ধক ৷ ৰাস্তাৰ কাষত কেইখনমান কলপাতৰ ওপৰত বঢ়োৱাই দিয়া হৈছে লোকজনক ৷ দেখিলেই বুজিব, কোনো অচিন ৰোগত আক্ৰান্ত হৈছে তেওঁ ৷ কাষত এগৰাকী মহিলা আৰু তিনিজন লোক ৷
ফ'টোখনৰ লগত আপলোড কৰা চাৰিটা ভিডিঅ'ৰ এটাত দেখা যায়- এখন স্কুটিত সেই ৰোগাক্ৰান্ত আশী উৰ্দ্ধৰ বৃদ্ধজনক উঠাই আনিছে এজন যুৱকে ৷ স্কুটি চালক যুৱকজনে ৰোগাক্ৰান্ত বৃদ্ধক এখন এড়ি চাদৰেৰে কোনো সন্তানক বোকোচাত বান্ধি লোৱাৰ দৰে বান্ধিলৈ স্কুটিখন চলাইছে ৷
দ্বিতীয় ভিডিঅ'ত পাহাৰৰ অকোৱা-পকোৱা ৰাস্তাৰে বৃদ্ধক লৈ যুৱকজনে চলাই গৈছে স্কুটিখন ৷
তৃতীয়টো ভিডিঅ'ত এজন যুৱকে ৰাস্তাৰ কাষত কেইখনমান কলপাতত লেবেজান হৈ শুই থকা ৰোগাক্ৰান্ত বৃদ্ধজনক দেখুৱাই চিনাকি কৰি দিছে- “এয়া মোৰ দেউতা ৷ ৰোগাক্ৰান্ত মোৰ এই দেউতাক চিকিৎসালয়লৈ নিবলৈ বৰ কষ্ট হৈছে ৷ পাহাৰীয়া এই অঞ্চলত ৰাস্তা বুলিবলৈ কি আছে? ৰাইজে জানক ৷ সেই বাবেই মই এই ভিডিঅ' কৰিছো ৷”
যুৱকজনে পুনৰ কৈছে, “ৰাজনৈতিক নেতাবোৰে এই অঞ্চলত উন্নতি হৈছে, বাট-পথ ভাল হৈছে বুলি কথাৰ ফুলজাৰি মাৰে ৷ কিন্তু এই দৃশ্যসমূহে কি সূচায়? উন্নতি হৈছেনে? মোৰ ৰোগীয়া দেউতাক চিকিৎসালয়লৈ নিবলৈ আজি আমি গোটেই পৰিয়ালটোৱে ঘৰৰ পৰা ওলাই আহিছো ৷ কোনো সময়ত আমি দেউতাক বোকোচাত উঠাই লৈছো, কোনো সময়ত কিছু দূৰ স্কুটিত নিছো ৷ আৰু কোনো সময়ত জান-জুৰি ডাংকোলাকৈ লৈ দেউতাক পাৰ কৰাইছো ৷ এয়াই চীন সীমান্তৰ ৰাস্তা-ঘাট ৷”
যুৱকজনে নিজৰ ৰোগাক্ৰান্ত পিতৃক দুৰ্গম অঞ্চলৰ বাসগৃহৰ পৰা কি দৰে অতি কষ্টেৰে চিকিৎসালয়লৈ নিবলগীয়া হৈছে তাক বৰ্ণনা কৰিছে ৷ বৰ্ণনা কৰি ক্ষোভ উজাৰিছে ৷ সেয়া স্বাভাৱিক ক্ষোভ ৷ কিন্তু সেই যুৱকজনৰ দৰেই সেই পূৰ্বৰ কামেং আৰু আজিৰ পাক্কে কেচ্চাঙৰ ৰাইজে জীয়াতু ভুগিয়ে থাকিবলগীয়া হৈছে ৷ না যাতায়ত ব্যৱস্থাৰ উন্নয়ন হৈছে, না উন্নত চিকিৎসা ব্যৱস্থাৰ! বিজুলী সেৱা বা টেলিফোন সেৱাৰো একেই একেই পয়ালগা অৱস্থা ৷
চীন আক্ৰমণৰ দিনৰ সেই অৱস্থা- সেই যাতায়ত, যোগাযোগ ব্যৱস্থাৰ কোনো বিশেষ পৰিৱৰ্তন নহ'ল ৷ এতিয়া মাথো অপেক্ষা- ইষ্ট-ৱেষ্ট ইণ্ডাষ্ট্ৰীয়েল কৰিডৰলৈ ৷ কেতিয়া নিৰ্মাণ সম্পন্ন হ'ব?