কোৰোণা মহামাৰীৰ দ্বিতীয় ঢৌৰ কবলত পৰা দেশত পুনৰ ব্যয় বহুল হৈ পৰিছে সোণ। সম্প্ৰতি ২৪ কেৰেটযুক্ত সোণৰ বজাৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৮,৫২০ টকা হোৱা পৰিলক্ষিত হৈছে । এনে পৰিস্থিতিত যদিহে আপুনি সোণ ক্ৰয়ৰ পৰিকল্পনা কৰি আছে তেন্তে আৰু দেৰি নকৰিব । কিয়নো চৰকাৰে দি আছে আছে সস্তাতে সোণ ক্ৰয়ৰ সুযোগ আৰু সস্তাতে সোণ ক্ৰয়ৰ চৰকাৰী এই প্ৰস্তাৱৰ আজি অন্তিমটো দিন । গতিকে জানি লওক সকলো আৰু সস্তাতে ক্ৰয় কৰক সোণ ।
সাৰ্বভৌম গোল্ড বণ্ড (Sovereign Gold Bond)ৰ প্ৰথম শৃংখলা- ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে সাৰ্বভৌম গোল্ড বণ্ড আঁচনিৰ প্ৰথম কিস্তি (Sovereign Gold Bond Scheme 2021-22 Series-1)ৰ ১৭ মে'ৰ পৰা বিক্ৰী আৰম্ভ কৰা হৈছিল । ৫ দিনলৈ চলা এই সুবিধা ২১ মে'লৈ অৰ্থাৎ আজিৰ দিনটোলৈ চলি থাকিব আৰু ইয়াৰ নিষ্পত্তিৰ তাৰিখ হ'ব ২৫ মে' ৷ এই সুবিধা চলি থকা সময়ছোৱাত বণ্ডৰ ইছ্যু মূল্য প্ৰতি গ্ৰামত ৪,৭৭৭ টকা নিৰ্ধাৰিত কৰা হৈছে। অৰ্থাৎ প্ৰতি ১০ গ্ৰামত সোণৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৪৭,৭৭০ টকা ৷
ডিজিটেল পৰিশোধ কৰিলে ইয়াৰ ওপৰত পাব অতিৰিক্ত লাভ - জানি লওক যে যদিহে আপুনি ইয়াৰ বাবে অনলাইনযোগে আবেদন কৰে আৰু ডিজিটেল পৰিশোধ ব্যৱস্থাৰ জৰিয়তে পৰিশোধ কৰে, তেন্তে আপুনি প্ৰতি গ্ৰাম সোণৰ মূল্যত ৫০ টকাৰ ৰেহাই লাভ কৰিব । অৰ্থাৎ যদি আপুনি এই উপায়বোৰৰ জৰিয়তে সোণৰ বণ্ড ক্ৰয় কৰিলে আপুনি প্ৰতি ১০ গ্ৰামত ৫০০ টকাৰ অতিৰিক্ত লাভ পাব। লগতে আপুনি অনলাইনযোগে ১০ গ্ৰাম সোণ ক্ৰয় কৰিলে পোনপটীয়াকৈ ১,২০৫ টকা লাভ কৰিব।
বিনিয়োগৰ ওপৰত সুতৰ সুবিধা - সাৰ্বভৌম গোল্ড বণ্ডত ইছ্যু মূল্যৰ ওপৰত বছৰি ২.৫০ শতাংশ নিৰ্ধাৰিত সুত লাভ কৰিব পাৰি । এই টকা প্ৰতি ৬ মাহত আপোনাৰ একাউণ্টত নিজে নিজেই জমা হ'ব । কিন্তু আপুনি ভৌতিক সোণ আৰু সোণৰ ইটিএফৰ ওপৰত এনে লাভালাভ নাপাব । ৮ বছৰৰ ম্যাদ পুৰ্তিৰ পিছত সাৰ্বভৌম লাভালাভৰ ওপৰত কোনোধৰণৰ কৰ আৰোপ কৰা নহয় । একে সময়তে প্ৰতি ছয় মাহত লাভ কৰা সুতৰ ওপৰত কোনো টিডিএছ (TDS) কটা নহ'ব ।
ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে বণ্ড - এই বণ্ড সকলো বেংক, ষ্টক হোল্ডিং কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড (SHCIL), ডাকঘৰ আৰু স্বীকৃতি প্ৰাপ্ত ষ্টক এক্সচেঞ্জ (Stock Exchanges), NSE আৰু BSEৰ জৰিয়তে বিক্ৰী কৰা হয় ।
TAGS: Business news, Gold Price, Gold Price Today, RBI, Sovereign Gold Bond, ব্যৱসায়-বাণিজ্য, সোণৰ মূল্য, আজিৰ সোণৰ মূল্য, ভাৰতীয় ৰিজাৰ্ভ বেংক, সাৰ্বভৌম গোল্ড বণ্ড
https://hindi.news18.com/news/business/sovereign-gold-bond-closed-today-21-may-2021-you-can-buy-gold-at-cheapest-price-check-details-varpat-3594383.html
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|