দেশত নিষিদ্ধ TikTok ৰ স্থান ল’বলৈ গৈছে এটা ভাৰতীয় এপে, এইপৰ্যন্ত ২৫লাখ লোকে কৰিলে ডাউনলোড

News18 Assam | News18-Assam
Updated:June 30, 2020, 9:10 AM IST
দেশত নিষিদ্ধ TikTok ৰ স্থান ল’বলৈ গৈছে এটা ভাৰতীয় এপে, এইপৰ্যন্ত ২৫লাখ লোকে কৰিলে ডাউনলোড
Chingari এপৰ চীফ অৱ প্ৰডাক্টে জনায় যে ভাৰতীয় ব্যৱহাৰকৰ্তাই যথেষ্ট সঁহাৰি আগবঢ়াইছে। 

Chingari এপৰ চীফ অৱ প্ৰডাক্টে জনায় যে ভাৰতীয় ব্যৱহাৰকৰ্তাই যথেষ্ট সঁহাৰি আগবঢ়াইছে। 

  • Share this:
লাডাখৰ LACত বৃদ্ধি পোৱা সংঘাতময় পৰিস্থিতিৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভকেল ফৰ লকেললৈ আহ্বান জনাইছিল। যাৰ পৰিপ্ৰেক্ষিতত দেশত নিষিদ্ধ হোৱাৰ পূৰ্বেই বহুতো ভাৰতীয়ই নিজৰ ম’বাইলৰ পৰা চীনা এপ আনইনষ্টল কৰিছিল। জনপ্ৰিয় এপ TikTok সহ ৫৯টা চীনা এপ ভাৰতত নিষিদ্ধ হোৱাৰ সময়ত চৰ্চালৈ আহিছে টিকটকৰ সমকক্ষ এটা ভাৰতীয় এপ চিংগাৰী (Chingari) ।

চীনা সামগ্ৰীৰ বহিষ্কাৰৰ আহ্বান চলি থকাৰ সময়তে ছচিয়েল মিডিয়া এপ টিকটকত ইউজাৰ্চৰ সংখ্যা কম হোৱা দেখিবলৈ পোৱা গৈছিল আনহাতে ভাৰতত নিৰ্মিত চিংগাৰী এপৰ ব্যৱহাৰকাৰীৰ সংখ্যা জোৰদাৰ গতিত বৃদ্ধি পোৱা দেখা গৈছিল। লাখ লাখ মানুহে TikTok এৰি Chingari এপ ডাউনলোড কৰিছিল।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ মতে, এই Chingari এপ ছত্তীশগঢ়ৰ ডেভলপাৰে প্ৰস্তুত কৰা ভাৰতীয় TikTok সংস্কৰণ, এই এপ এতিয়া ডিজিটেল এণ্টাৰটেইনমেণ্ট জগতত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।

চিংগাৰী এপৰ চীফ অৱ প্ৰডাক্ট সুমিত ঘোষে বাতৰি কাকতখনৰ আগত প্ৰকাশ কৰা মতে ওড়িশা আৰু কৰ্ণাটকৰ ডেভলপাৰ্চ এই এপৰ সৈতে জৰিত আৰু প্ৰায় ২৫লাখ লোকে এইপৰ্যন্ত এই এপ ডাউনলোড কৰিছে। ঘোষৰ মতে Chingari এপ গুগল প্লে’ ষ্টৰত ২০১৮চনত আহিছিল আৰু ব্যৱহাৰকৰ্তাৰ চাহিদা মনত ৰাখিয়ে এই এপ প্ৰস্তুত কৰা হৈছে।

ঘোষৰ দাবী TikTok এপৰ পূৰ্ণ বিকল্প হিচাপে ভাৰতত প্ৰস্তুত কৰা Chingari–এপেই একমাত্ৰ এপ। এই এপ ইংৰাজীৰ বাহিৰে ভাৰতৰ অন্যান্য আঞ্চলিক ভাষাত উপলব্ধ।

কেনেকৈ কাম কৰে Chingari App–এ?

চিংগাৰী এপত ভিডিঅ’ আপলোড আৰু ডাউনলোড কৰিব পৰা যায়। ইয়াৰ বাহিৰে এই এপত বন্ধুৰ সৈতে চেটিং, নতুন মানুহৰ সৈতে কথা পতা, ফীডৰ জৰিয়তে ব্ৰাউচিংৰ লগতে হোৱাটছএপ ষ্টেটাছ, ভিডিও, অডিঅ’ ক্লিপছ, GIF ষ্টিকাৰ আৰু ফটোৰ সৈতে ক্ৰিয়েটিভিটি

কৰিব পৰা যায়।

First published: June 29, 2020, 10:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading