ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে আজি বাংলাদেশৰ বিৰুদ্ধে নাগপুৰ টি–২০ত ছিৰিজ দখলৰ লক্ষ্যৰে যুঁজত নামিব। এই খেলখনত অধিনায়ক ৰোহিত শৰ্মাৰ হাতত আছে এক বিৰল অভিলেখ গঢ়াৰ সোণালী সুযোগ।
এই খেলখনতে ৪০০ ছিক্সাৰ কোবোৱা বেটছমেনৰ তালিকাত অন্তৰ্ভুক্ত হ’ব পাৰে ৰোহিত শৰ্মাই। বৰ্তমানলৈ ৰোহিতে আন্তঃৰাষ্ট্ৰীয় মেচত ৩৯৮টা ছয় কোবাইছে। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই অভিলেখৰ অধিকাৰী হৈছে মাত্ৰ দুগৰাকী ক্ৰিকেটাৰ। ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইলে সৰ্বাধিক ৫৩৪টা আৰু পাকিস্তানৰ শ্বাহিদ আফ্ৰিদীয়ে ৪৭৬টা ছয় কোবাইছে।
ৰোহিত শৰ্মাই এইপৰ্যন্ত এদিনীয়াত ২৩২, টি–২০ত ১১৫টা আৰু টেষ্ট মেচত ৫১টা ছয় কোবাইছে। ইফালে, বাংলাদেশৰ বিৰুদ্ধে টি–২০ মেচত সৰ্বাধিক ছয় কোবোৱা তালিকাতো শীৰ্ষত আছে ৰোহিত শৰ্মা। বাংলাদেশৰ বিৰুদ্ধে ৰোহিতে এতিয়ালৈ কোবাইছে ১৯টা ছয়।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|