ভাৰতীয় মহিলা দলৰ গ'লকীপাৰ অঞ্জনাই ৯ বাৰকৈ অসম মহিলা দলকো প্ৰতিনিধিত্ব কৰি বিভিন্ন স্থানত পদক আজুৰিবলৈ সক্ষম হৈছিল। কিন্তু এইগৰাকী প্ৰতিভিবান খেলুৱৈ আৰ্থিক দীনতাত পৰি দিশহাৰা হৈ পৰিছে। ভাৰতীয় মহিলা দলৰ গ'লকীপাৰ অঞ্জনাই ৯ বাৰকৈ অসম মহিলা দলকো প্ৰতিনিধিত্ব কৰি বিভিন্ন স্থানত পদক আজুৰিবলৈ সক্ষম হৈছিল। কিন্তু এইগৰাকী প্ৰতিভিবান খেলুৱৈ আৰ্থিক দীনতাত পৰি দিশহাৰা হৈ পৰিছে। গোলাঘাটৰ এখন গাঁৱৰ পৰা বিশ্বমুখী যাত্ৰাৰে দেশৰ মান জিলিকাই তোলা লাভলীনা বৰগোঁহাইক লৈ সৰ্বত্ৰ চৰ্চা অব্যাহত থকাৰ সময়তে পুনৰ চৰ্চালৈ আহিছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় মহিলা ফুটবৰ খেলুৱৈৰ দুখ লগা ছবি।
প্ৰচুৰ সম্ভাৱনা থকা ডিব্ৰুগড় জিলাৰ মৰাণ গৰুধৰিয়া গাঁৱৰ অঞ্জনা শইকীয়া নামৰ ২৪ বছৰীয়া মহিলা ফুটবল খেলুৱৈগৰাকীয়ে ভাৰতীয় মহিলা ফুটবল দলক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলৰ হৈ চাৰিবাৰকৈ খেলা খেলুৱৈ গৰাকীয়ে ২০১৪ চনত পাকিস্তানৰ বিৰুদ্ধে চমকপ্ৰদ খেল প্ৰদৰ্শন কৰি সোণৰ পদক অৰ্জনেৰে অঞ্জনা শইকীয়া উৰুৱাইছিল দেশৰ বিজয় ধ্বজা। ভাৰতীয় মহিলা দলৰ গ'লকীপাৰ অঞ্জনাই ৯ বাৰকৈ অসম মহিলা দলকো প্ৰতিনিধিত্ব কৰি বিভিন্ন স্থানত পদক আজুৰিবলৈ সক্ষম হৈছিল। কিন্তু এইগৰাকী প্ৰতিভিবান খেলুৱৈ আৰ্থিক দীনতাত পৰি দিশহাৰা হৈ পৰিছে।
দৰিদ্ৰ পিতৃ-মাতৃৰ মুখত ফুটবল খেলি হাঁহি বিৰিঙোৱাৰ লক্ষ্য লৈ ২০১১ চনত ঘৰৰ পৰা ওলাই আহিছিল অঞ্জনা শইকীয়া। আশ্ৰয় লৈছিল যোৰহাটৰ কাকজানৰ ৰবিন বৰা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত। আশ্ৰয়দাতা ব্যক্তিজনৰ ঘৰত থাকিয়েই অঞ্জনাই স্নাতক ডিগ্ৰী লোৱাৰ লগতে দুগুণ উৎসাহেৰে চলাই গৈছিল নিজৰ অনুশীলন। আজিৰ তাৰিখত এইগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে কোনো দলৰ হৈ খেলি অথবা উঠি অহা প্ৰজন্মক ফুটবলৰ প্ৰশিক্ষণ দি দুই-এপইচা উপাৰ্জন কৰি পিতৃ মাতৃৰ ভৰণ-পোষণ দিয়াৰ লগতে নিজেও কোনোমতে চলি আছে।
একমাত্ৰ NEWS18 য়ে ২০২০ বৰ্ষৰ মাৰ্চ মাহত পোহৰলৈ আনিছিল এইগৰাকী প্ৰতিভাৱান খেলুৱৈৰ এনে মৰ্মান্তিক ছবিখন। অঞ্জনাৰ জীৱন-জীৱিকা আৰু সাধনাক লৈ NEWS18 ত পোনপটীয়া সম্প্ৰচাৰ অব্যাহত থাকোতেই মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ফোনযোগে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি অঞ্জনাৰ এটা চৰকাৰী সংস্থাপনৰ কথা সদৰী কৰিছিল। একেদৰে ২০২০ বৰ্ষৰ নৱেম্বৰ মাহত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা চৰকাৰী সংস্থাপনৰ ব্যৱস্থাৰ কথা লিখিতভাৱে বিভাগলৈ প্ৰেৰণ কৰিছিল।আৰু উক্ত প্ৰতিলিপি অঞ্জনা শইকীয়ালৈ প্ৰেৰণ কৰিছিল। কিন্তু তাৰপাছতো উপেক্ষিত এইগৰাকী মহিলা খেলুৱৈ।
চকুত অলেখ সপোন আৰু মনত দেশৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেপাঁহ লৈ ফুলা অঞ্জনাৰ শইকীয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান -" ছাৰ, মোক কিবা এটা সংস্থাপন দিয়ক।মই আপোনাক কথা দিছো, মই দেশৰ মান উজ্বলাম।" অঞ্জনাৰ ঈৰ্শনীয় প্ৰতিভাক লৈ বিভিন্নজনে ক'লে - অঞ্জনা শইকীয়া উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ।ৰাজ্য চৰকাৰে এইগৰাকী খেলুৱৈক এটি সংস্থাপনৰ ব্যৱস্থা কৰি দেশৰ হৈ খেলি যাবলৈ উৎসাহিত কৰক।
Published by: Kokil Sarma
First published: August 05, 2021, 13:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|