ইশান্ত শৰ্মা, মহম্মদ ছামী, উমেশ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ। এই ৫ জন দ্ৰুত বলাৰ যি ভাৰতীয় ক্ৰিকেটৰ ইতিহাস গঢ়িব পাৰে যদি তেওঁলোক ফিট থাকে।
ইশান্ত শৰ্মা, মহম্মদ ছামী, উমেশ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ। এই ৫ জন দ্ৰুত বলাৰ যি ভাৰতীয় ক্ৰিকেটৰ ইতিহাস গঢ়িব পাৰে যদি তেওঁলোক ফিট থাকে।
নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু পৰৱৰ্তী ইংলেণ্ড ভ্ৰমণৰ বাবে নিৰ্বাচিত টেষ্ট দলটোৰ বিষয়ে আটাইতকৈ চমৎকাৰ কথাটো কি? তাৰ প্ৰতি কাৰো দৃষ্টি আকৰ্ষণ কৰা হোৱা নাই। হাৰ্ডিক পাণ্ডিয়াৰ অনুপস্থিতি আৰু কিছুমান খেলুৱৈৰ ফিটনেছ সমস্যাই শিৰোনাম দখল কৰিছে, কিন্তু দলটোত এনে ৫ জন দ্ৰুত বলাৰৰ সংমিশ্ৰণ ভাৰতীয় টেষ্ট ইতিহাসৰ আটাইতকৈ সুখী খবৰ।
ইশান্ত শৰ্মা, মহম্মদ ছামী, উমেশ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ। এই ৫ জন দ্ৰুত বলাৰ যি ভাৰতীয় ক্ৰিকেটৰ ইতিহাস গঢ়িব পাৰে যদি তেওঁলোক ফিট থাকে। এই ৫জন বলাৰৰ বাবেই টীম ইণ্ডিয়াই প্ৰথম টেষ্ট চেম্পিয়নশ্বিপ জিকাৰ লগতে ১৫ বছৰৰ পিছত ইংলেণ্ডত টেষ্ট শৃংখলা জিকিবলৈ সক্ষম হ'ব পাৰে। সমগ্ৰ আক্ৰমণটোৰ অভিজ্ঞতা যোগ কৰিলে প্ৰায় ১৪০০ টা উইকেট আছে (স্পিন বলাৰৰ উইকেট যোগ কৰি), কিন্তু ইংলেণ্ডত টীম ইণ্ডিয়াৰ প্ৰকৃত শক্তি হ'ব 'পঞ্চপাণ্ডৱ'। ভুৱনেশ্বৰ কুমাৰ দলৰ অংশ নহয় কাৰণ তেওঁ আনফিট। সম্ভৱতঃ ৱেষ্ট ইণ্ডিজৰ পিছত এনে সক্ষম দ্ৰুত বলাৰক এটা দলত একেলগে দেখা নাযায়, যিটো এইবাৰ ভাৰতীয় দলে কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|