নতুন বছৰ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। দেশত প্ৰতি মাহৰ প্ৰথমটো দিনত কিবা নহয় কিবা সালসলনি বা নতুন নিয়ম কাৰ্যকৰী হয়। ১ জানুৱাৰী ২০২২তো কেইবাটাও সালসলনি বা নিয়ম কাৰ্যকৰী হ’ব। নতুন বছৰটোৰ পহিলা দিনটোত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামৰ (LPG Cylinder Price) সালসলনি হ’ব।
এলপিজি চিলিণ্ডাৰৰ দামক লৈ প্ৰতিমাহৰ প্ৰথম তাৰিখত সমীক্ষা বৈঠক হয়। এনে অৱস্থাত এইবাৰৰ বৈঠকত এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ সম্ভাৱনা অধিক। কাৰণ আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দামো কিছু বাঢ়িছে। অৱশ্যে এয়াও অনুমান কৰা হৈছে যে আগন্তুক বৰ্ষত উত্তৰ প্ৰদেশ, পঞ্জাবসহ ৫ ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰে পেট্ৰ’ল–ডিজেলৰ দামৰ দৰে গেছৰ দামো হ্ৰাস কৰিব পাৰে।
১ জানুৱাৰীৰ পৰা চিলিণ্ডাৰৰ দাম বাঢ়িব নেকি?দীপাৱলীৰ পূৰ্বেই এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছিল। এলপিজি চিলিণ্ডাৰৰ দাম ২৬৬ টকা বৃদ্ধি কৰা হৈছিল। অৱশ্যে এই বৃদ্ধি কমাৰ্চিয়েল চিলিণ্ডাৰত কৰা হৈছিল। ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দামত কোনো সালসলনি কৰা হোৱা নাছিল। দিল্লীত কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম এতিয়াও ২০০০ টকাৰ অধিক। পূৰ্বে এয়া ১৭৩৩ টকা আছিল। আনহাতে, মুম্বাইত ১৬৮৩ টকাত পোৱা ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰ বৰ্তমান ১৯৫০ টকা হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseইয়াৰ লগতে নতুন বছৰত ডিজিটেল পেমেণ্টক লৈ ডাঙৰ পৰিৱৰ্তন হ’ব। ইয়াক লৈ এতিয়াৰে পৰা সকলো বেংকে নিজৰ গ্ৰাহকক অৱগত কৰি আছে। ডিজিটেল পেমেণ্টৰ বৰ্ধিত শুল্ক বিনামূলীয়া মাহিলি সীমা অতিক্ৰম হোৱাৰ পিছত কাৰ্যকৰী হ’ব। কেইবাটাও বেংকে ১ জানুৱাৰী ২০২২ৰ পৰা বিনামূলীয়া সেৱাতকৈ অধিক এটিএম লেনদেনৰ শুল্ক ২০ টকাৰ সৈতে জিএছটি শুল্ক লগাইছিল যিটো এতিয়া বাঢ়ি ২১ টকা আৰু জিএছটি শুল্ক কৰা হ’ব। এতিয়া গ্ৰাহকে আগতকৈ ১ টকা অধিক দিব লাগিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|