• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এফালে কোৰোণা ভাইৰাছৰ সংহাৰী ৰূপ, আনফালে দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা

এফালে কোৰোণা ভাইৰাছৰ সংহাৰী ৰূপ, আনফালে দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা

Source-Google

Source-Google

  • Share this:
মহামাৰী কোৰোণাৰ বিভীষিকাৰ মাজতে ভাৰতত বৃদ্ধি হৈছে মানসিক ৰোগীৰ সংখ্যা ৷ ভাৰতীয় মনোৰোগবিদ্যা সমাজ চমুকৈ IPS(Indian Psychiatry Society)ৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ৷ এই সমীক্ষা মতে, ভাৰতত পূৰ্বৰ তুলনাত ২০% মানসিক ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ৷ ভাৰতত প্ৰতি পাঁচগৰাকী লোকৰ ভিতৰত এগৰাকীকৈ আক্ৰান্ত হৈছে মানসিক ৰোগত ৷ কিন্তু কিয় হঠাৎ এনেদৰে বৃদ্ধি হৈছে মানসিক ৰোগীৰ সংখ্যা? কোৰোণা ভাইৰাছ কিম্বা লকডাউনে সৃষ্টি কৰিছে নেকি মানসিক ৰোগী?

কোৰোণাৰ সন্ত্ৰাসত সম্প্ৰতি স্তব্ধ হৈ পৰিছে বিশ্বৰ জনজীৱন ৷ এনে পৰিস্থিতিত কোৰোণাৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে লকডাউন কৰা হৈছে ভাৰতবৰ্ষ ৷ বন্ধ হৈ পৰিছে অধিকাংশ কল-কাৰখানা, বেপাৰ-বাণিজ্য, অ'ফিচ-কাছাৰী ইত্যাদি ৷ সমীক্ষা অনুসৰি এই লকডাউনৰ সময়ত চাকৰি হেৰুওৱাৰ আশংকা, বাণিজ্যত ক্ষতি আদি বিভিন্ন দুঃচিন্তাই মানসিক ৰোগী বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে ৷ বিশ্বত দেখা দিয়া স্বাস্থ্য সংকটো বিবেচিত হৈছে মানসিক চাপৰ অন্যতম কাৰক হিচাপে ৷ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি  ‘Indian Psychiatry Societyয়ে আগবঢ়াইছে অনলাইন মানসিক স্বাস্থ্য সেৱা ৷

কোৰোণাৰ দুঃচিন্তাই প্ৰভাৱান্বিত কৰিছে নেকি আপোনাৰ দৈনন্দিন জীৱন? এই দুঃচিন্তাই অধিক খঙাল বা ৰাগীয়াল দ্ৰব্যৰ প্ৰতি অধিক আসক্ত কৰিছে নেকি আপোনাক? ভুগিছে নেকি নিদ্ৰাহীনতাত? এনেবোৰ লক্ষণ দেখা দিলে কি হ'ব কৰণীয়? এই সন্দৰ্ভত মনোতত্ববিদ মৃদুস্মিতা নেওঁগে কয়, 'সকলো সমস্যাৰে সমাধান আছে, এই চিন্তা সকলোৱে মনত ৰাখিব লাগিব ৷ বেছি ভয় খাই মানসিক স্বাস্থ্য বেয়া কৰিলে ইয়াৰ প্ৰভাৱ শৰীৰতো পৰিব, যিয়ে শৰীৰ দুৰ্বল কৰিব আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা লোপ পাব ৷ কোনোৱে যদি নিদ্ৰাহীনতা, দুঃচিন্তা আদিত সমস্যাত ভূগিছে তেন্তে লাজ পৰিহাৰ কৰি চিকিৎসকৰ সহায় ল'ব লাগে ৷ এনেকুৱা নহয় যে চিকিৎসকৰ ওচৰলৈ যাবই লাগিব, টেলিফোনযোগেও পৰামৰ্শ বা চিকিৎসা সেৱা লাভ কৰিব পাৰে ৷'
Published by:Himangshu Bhuyan
First published: