• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আয়কৰ দাতালৈ সুখবৰ, আগন্তুক বাজেটত হ্ৰাস পাব পাৰে আয়কৰৰ হাৰ

আয়কৰ দাতালৈ সুখবৰ, আগন্তুক বাজেটত হ্ৰাস পাব পাৰে আয়কৰৰ হাৰ

Income Tax Slab ত সাল–সলনি কৰাৰ সম্ভাৱনা

Income Tax Slab ত সাল–সলনি কৰাৰ সম্ভাৱনা

Income Tax Slab ত সাল–সলনি কৰাৰ সম্ভাৱনা

  • Share this:
যদি আপোনাৰ বাৰ্ষিক আয় ২০ লাখ টকা পৰ্যন্ত, তেন্তে আগন্তুক বিত্তীয় বছৰত আপুনি ইনকাম টেক্সৰ পৰা ডাঙৰ সকাহ পাব পাৰে। কাৰণ CNBC Awaaz এ লাভ কৰা Exclusive খবৰ অনুসৰি ১ ফেব্ৰুৱাৰীত দাখিল কৰিবলগীয়া বিত্তীয় বাজেটত বিত্তমন্ত্ৰীয়ে আয়কৰ হাৰ  সালসলনিৰ সম্ভাৱনা আছে। বিত্তমন্ত্ৰীয়ে ইয়াৰ আগতেও আয়কৰৰ হাৰ  হ্ৰাস কৰাৰ ইংগিত প্ৰদান কৰিছিল।

সুত্ৰ অনুসৰি বছৰি ৭ লাখ টকা পৰ্যন্ত ৫ শতাংশ কৰ ধাৰ্য কৰা হ’ব পাৰে আগন্তুক বাজেটত। বৰ্তমান সময়ত বাৰ্ষিক ৫ লাখ টকা পৰ্যন্ত উপাৰ্জনত ৫ শতাংশ টেক্স দিব লাগে। সেইদৰে ৭ৰ পৰা ১২ লাখ টকা পৰ্যন্ত উপাৰ্জনত ১০ শতাংশ কৰৰ প্ৰস্তাৱ ৰখা হৈছে। বৰ্তমান সময়ত ৫ ৰ পৰা ১০ লাখ টকা পৰ্যন্ত উপাৰ্জনত ২০ শতাংশ টেক্স দিব লাগে।

১০ৰ পৰা ২০ লাখ টকা পৰ্যন্ত উপাৰ্জনত ২০ শতাংশ কৰৰ প্ৰস্তাৱ। বৰ্তমান সময়ত ১০ লাখতকৈ অধিক উপাৰ্জন কৰিলে দিব লাগে ৩০ শতাংশ টেক্স। ২০ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত উপাৰ্জনত বছৰি ৩০ শতাংশ টেক্সৰ প্ৰস্তাৱ। ইয়াৰ উপৰিও, ১০ কোটি টকাতকৈ বেছি উপাৰ্জনত ৩৫ শতাংশ কৰৰ প্ৰস্তাৱ।
Published by:Himangshu Bhuyan
First published: