• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Income Tax Return: কৰদাতাসকলৰ বাবে গুৰুত্বপূৰ্ণ চলিত জুন মাহ! মিছ নকৰিব TDS দাখিলৰ এই গুৰুত্বপূৰ্ণ ডেডলাইন

Income Tax Return: কৰদাতাসকলৰ বাবে গুৰুত্বপূৰ্ণ চলিত জুন মাহ! মিছ নকৰিব TDS দাখিলৰ এই গুৰুত্বপূৰ্ণ ডেডলাইন

একেদৰে প্ৰ-পত্ৰ ১৬ জাৰি কৰাৰ নিৰ্ধাৰিত তাৰিখো ১৫জুনৰ পৰা ১৫জুলাইলৈ বৃদ্ধি কৰিছে পৰিষদে।

একেদৰে প্ৰ-পত্ৰ ১৬ জাৰি কৰাৰ নিৰ্ধাৰিত তাৰিখো ১৫জুনৰ পৰা ১৫জুলাইলৈ বৃদ্ধি কৰিছে পৰিষদে।

একেদৰে প্ৰ-পত্ৰ ১৬ জাৰি কৰাৰ নিৰ্ধাৰিত তাৰিখো ১৫জুনৰ পৰা ১৫জুলাইলৈ বৃদ্ধি কৰিছে পৰিষদে।

  • Share this:
২০২১ বিত্তীয় বৰ্ষৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়সীমা বৃদ্ধি কৰিছে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ (CBDT)এ। বিজ্ঞপ্তি অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে চতুৰ্থ তিনিমাহৰ উৎসৰ ওপৰত কৰ কৰ্তন (TDS) দাখিলৰ অন্তিম তাৰিখ পূৰ্বৰ ৩১ মে'ৰ বিপৰীতে ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে। যি TDS কৰ্তনকাৰীসকলৰ বাবে এক ডাঙৰ সকাহ হিচাপে বিবেচিত হৈছে, কিয়নো এই ৰিটাৰ্ণবোৰত বহু ৰেকৰ্ড আৰু তথ্য সঠিকভাৱে প্ৰতিবেদন কৰিব লাগে বুলি উল্লেখ কৰে Taxbuddy.comৰ প্ৰতিষ্ঠাপক সুজিত বাংগাৰে।

একেদৰে প্ৰ-পত্ৰ ১৬ জাৰি কৰাৰ নিৰ্ধাৰিত তাৰিখো ১৫জুনৰ পৰা ১৫জুলাইলৈ বৃদ্ধি কৰিছে পৰিষদে।

TDS ৰিটাৰ্ণ দাখিল কৰোতে মনত ৰাখিবলগীয়া মুখ্য কথা -

১) শেহতীয়া TDS ৰিটাৰ্ণ দাখিল প্ৰ-পত্ৰত, নতুন কৰ ব্যৱস্থা বাছনি কৰিব বিচৰা কৰ্মচাৰীসকলৰ বাবে আৰু এটা স্তম্ভ যোগ দিয়া হৈছে। সেই অনুসৰি, TDS ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত, নিয়োগকৰ্তা (কৰ্তনকাৰী)য়ে নতুন কৰ ব্যৱস্থা বাছনি কৰিবলৈ যোৱা সকলৰ বাবে বিকল্পটো বাছনি কৰিব লাগিব বুলি কয় Tax2winৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অভিষেক ছোনীয়ে।

২) যদি প্ৰতি বছৰে TDS কৰ্তন কৰা হয়, তেতিয়া ৫০,০০০ টকা অতিক্ৰম কৰিলে আৰু ব্যক্তিজনে যোৱা দুবছৰত TDS দাখিল নকৰিলে চৰকাৰে ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত অধিক TDS আদায় কৰিব। এই নতুন নিয়মৰ বিষয়ে ব্যাখ্যা কৰি অভিষেক ছোনীয়ে কয়, "২০২১ৰ বাজেটত, উপাৰ্জনৰ নিৰ্দিষ্ট প্ৰকৃতিৰ ক্ষেত্ৰত অধিক হাৰত TDS কৰ্তন কৰিবলৈ 206ABৰ এটা নতুন ধাৰা প্ৰৱৰ্তন কৰা হৈছিল। য'ত বিগত দুবছৰৰ আয়ৰ বাবে ৰিটাৰ্ণ দাখিল নকৰা হোৱা নাই আৰু প্ৰতি বছৰে কৰ্তন কৰা TDSয়ে ৫০,০০০ টকা অতিক্ৰম কৰে।

TDSৰ হাৰ নিম্নলিখিত সীমাতকৈ অধিক হ'ব
ক) প্ৰাসংগিক শাখা/ব্যৱস্থাৰ অধীনত নিৰ্ধাৰিত হাৰৰ দুগুণ বা খ) বলবৎ হাৰ/ হাৰৰ দুগুণ বা গ) পাঁচ শতাংশৰ হাৰ।

৩) "আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত নগদ ধনত পৰিশোধ কৰিবলগীয়া কৰৰ পৰিমাণ ১ লাখ টকাতকৈ অধিক হ'লে, ধাৰা 234A-ৰ অধীনত দণ্ডনীয় সুত আইটিআৰ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ পৰা প্ৰযোজ্য হ'ব। উদাহৰণ স্বৰূপে, যদি এগৰাকী কৰদাতাই পৰিশোধ কৰিবলগীয়া কৰ ৫ লাখ টকা হয়, আগতীয়া পৰিশোধ কৰা কৰ হৈছে ১ লাখ টকা আৰু TDS/TCS হৈছে ২ লাখ টকা। এনেক্ষেত্ৰত কৰদাতাৰ বাবে ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত নগদ ধনত পৰিশোধ কৰিবলগীয়া কৰ হৈছে ২ লাখ টকা (১ লাখ টকাতকৈ অধিক)। ইয়াৰ বাবে আইটিআৰ দাখিল কৰাৰ নিৰ্দিষ্ট তাৰিখ হৈছে ৩১ জুলাই। ধাৰা 234-ৰ অধীনত সুত ১ আগষ্টৰ পৰা ১% মূল্যত আদায় কৰিব লাগিব। টেক্স কানেক্ট এডভাইজৰী চাৰ্ভিচেছৰ অংশীদাৰ বিবেক জালানে উল্লেখ কৰে এই কথা।

লক্ষ্যণীয়ে যে, CBDTয়ে আগতে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিল কৰাৰ সময়সীমা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছিল। "কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে, আয়কৰ আইন, ১৯৬১ৰ ১১৯ ধাৰাৰ অধীনত ইয়াৰ ক্ষমতা প্ৰয়োগ কৰি, এইক্ষেত্ৰত শিথিলতা প্ৰদান কৰে।

"বিভিন্ন নিৰ্দিষ্ট তাৰিখৰ শিথিলতাই বৰ্তমানৰ সংকটত সংগ্ৰাম কৰি থকা ব্যৱসায়বোৰৰ বাবে অনুপালনৰ বোজা হ্ৰাস কৰিব। ই ব্যৱসায়বোৰৰ বাবে তেওঁলোকৰ কৰ অনুপালন সম্পূৰ্ণৰূপে অনলাইনলৈ স্থানান্তৰ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেয়াও গুৰুত্ব দিয়ে," ক্লিয়াৰটেক্সৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আৰ্চিত গুপ্তাই কয় এনেদৰে।
Published by:Sanjay Kumar Das
First published: