অন্ত পৰাৰ দিশত ২০২০-২১ বিত্তীয় বৰ্ষ৷ যাৰ বাবে বহু জৰুৰী কাম সম্পাদনৰ ডেডলাইনস্বৰূপ ৩১ মাৰ্চৰ দিনটোও চমু চাপিছে৷ আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰাৰ লগতে কৰ ৰেহাইৰ অনুশীলনৰ পৰা আদি কৰি বহু কাম সম্পাদনৰ বাবে এয়াই হৈছে অন্তিম তাৰিখ। বৃহৎ জৰিমনাৰ পৰা নিজকে বচাবলৈ প্ৰতিগৰাকী কৰদাতাই সময়সীমা অন্ত পৰাৰ পূৰ্বেই এই ৫টা কাম সম্পাদন কৰি লোৱাটো অতি জৰুৰী। এনে নকৰিলে কৰদাতাই এক মোটা অংকৰ জৰিমনা পৰিশোধ কৰিব লাগিব।
আয়কৰ ৰিটাৰ্ণ (ITR) ফাইল কৰাৰ অন্তিমটো দিন -যদি আপুনি এতিয়াও ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে আয়কৰ ৰিটাৰ্ণ (ITR) দাখিল কৰা নাই, তেন্তে ইয়াক পলমকৈ জৰিমনা আৰু সুতৰ সৈতে পূৰণ কৰাৰ সময়সীমা হৈছে ৩১ মাৰ্চ, ২০২১। যদি আপুনি ৩১ মাৰ্চৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ দাখিল নকৰে, আপুনি ইয়াক পিছত কৰিব নোৱাৰিব আৰু এক মোটা অংকৰ জৰিমনা পৰিশোধ কৰিব লাগিব৷ লগতে আয়কৰ বিভাগৰ জাননীৰো উত্তৰ দিব লাগিব।
সংশোধিত আৰু বিলম্বিত আয়কৰ ৰিটাৰ্ণ -যদি আপুনি আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছে আৰু ইয়াৰ কোনো ভুল হৈছে, তেন্তে সংশোধিত আয়কৰ ৰিটাৰ্ণ পূৰণ কৰাৰ অন্তিম তাৰিখো হৈছে চলিত বৰ্ষৰ ৩১ মাৰ্চ। তাৰ পিছত আপুনি আয়কৰ ৰিটাৰ্ণত কোনো পৰিৱৰ্তন কৰিবলৈ সক্ষম নহ'ব। ইফালে ৩১ মাৰ্চৰ ভিতৰত বিলম্বিত আয়কৰ ৰিটাৰ্ণ দাখিল কৰোতে, আপুনি ১০ হাজাৰ টকালৈকে জৰিমনা দিব লাগিব পাৰে। অৱশ্যে যদি আপোনাৰ উপাৰ্জন ৫ লাখ টকালৈকে হয়, তেতিয়া আপুনি ১ হাজাৰ টকা মাচুল পৰিশোধ কৰিব লাগিব।
ডিডাকচন অৰ্থাৎ ৰেহাইৰ দাবী -২০২০-২১ বৰ্ষৰ বাবে আয়কৰ ৰেহাইৰ দাবীৰ বাবে জীৱন বীমা প্ৰিমিয়াম পৰিশোধ, পিপিএফ একাউণ্টত বিনিয়োগ, মেডিক্লেম প্ৰিমিয়াম পৰিশোধ আৰু চেৰিটেবল ট্ৰাষ্টক দান আদি তথ্য দাখিলৰ অন্তিম তাৰিখো হৈছে ৩১ মাৰ্চ। যদি আপুনি ৩১ মাৰ্চৰ ভিতৰত পৰিশোধ নকৰে, তেন্তে আপুনি আপোনাৰ মুঠ উপাৰ্জনৰ ওপৰত অধিক আয়কৰ পৰিশোধ কৰিব লাগিব।
আগতীয়া কৰ পৰিশোধ -যিসমূহ কৰদাতাৰ ওপৰত এডজাচমেণ্টৰ পিছত দিবলগীয়া আয়কৰ ১০ হাজাৰ টকাতকৈ অধিক আৰু তেওঁলোক জ্যেষ্ঠ নাগৰিক নহয়৷ তেন্তে তেওঁলোকে আগতীয়া কৰ পৰিশোধ কৰিব লাগিব। ইয়াক সাধাৰণতে এবছৰত ৪ কিস্তিত জমা কৰিব লাগিব, যাৰ অন্তিম তাৰিখ আছিল ১৫ মাৰ্চ।
যদি ১৫ মাৰ্চৰ ভিতৰত আগতীয়া কৰ জমা কৰা হোৱা নাই অথৱা মুঠ আয়কৰ দায়বদ্ধতাৰ ৯০% তকৈ কম জমা কৰা হৈছে, তেন্তে আপুনি ৩১ মাৰ্চৰ ভিতৰত আগতীয়া কৰ জমা কৰিব পাৰে। যদি নহয়, আপুনি ১ এপ্ৰিল, ২০২১ ৰ পৰা আয়কৰ আইনৰ ধাৰা ২৩৪বিৰ অধীনত বকেয়া ধনৰ পৰিমাণৰ ওপৰত সূত পৰিশোধ কৰিব লাগিব।
পেন-আধাৰ লিংকিং -পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ সময়সীমা হৈছে ৩১ মাৰ্চ, ২০২১। যদি আপুনি এই তাৰিখলৈকে পেন কাৰ্ড, আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰে, তেতিয়া আপোনাৰ পেন নম্বৰটোৱে কাম কৰা বন্ধ কৰিব আৰু ইয়াক নিষ্ক্ৰিয় কৰা হ'ব।
পেন নিষ্ক্ৰিয় হোৱাৰ পিছত আপুনি কোনো মুখ্য লেনদেন কৰিবলৈ সক্ষম নহ'ব। আপুনি আয়কৰ বিভাগৰ ৱেবছাইট www.incometaxindiaefiling.gov.inলৈ গৈ অনলাইন পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰে ৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 23, 2021, 15:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।