உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • 'আপুনিয়েই বিশ্বাস দিছিল যে সপোন সঁচা হ'ব পাৰে, মই যেতিয়াই তৰা, উদয় হোৱা সূৰ্য, চন্দ্ৰ দেখিছো মই গম পাও যে আপুনি ইয়াতেই আছে'

    'আপুনিয়েই বিশ্বাস দিছিল যে সপোন সঁচা হ'ব পাৰে, মই যেতিয়াই তৰা, উদয় হোৱা সূৰ্য, চন্দ্ৰ দেখিছো মই গম পাও যে আপুনি ইয়াতেই আছে'

    Instagram @saraalikhan95

    Instagram @saraalikhan95

    বলীউডৰ অভিনেত্ৰী চাৰা আলী খানে ২০১৮ চনত 'কেদাৰনাথ' চলচ্চিত্ৰৰ জৰিয়তে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিছিল।

    • Share this:
    বলীউডৰ অভিনেত্ৰী চাৰা আলী খানে ২০১৮ চনত 'কেদাৰনাথ' চলচ্চিত্ৰৰ জৰিয়তে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিছিল। এই ছবিখনত দুয়োজনৰ অভিনয়ো বহুত ভাল পাইছিল। সুশান্তৰ প্ৰথম মৃত্যু বাৰ্ষিকীত, চাৰাই ইনষ্টাগ্ৰাম একাউণ্টত এটা আৱেগিক পোষ্ট লিখিছিল।

    চাৰাই এই পোষ্টটোত লিখিছিল, 'যেতিয়াই মোক সহায়, পৰামৰ্শ বা হাঁহিৰ প্ৰয়োজন হৈছিল, আপুনি সদায় উপস্থিত আছিল। আপুনি মোক অভিনয়জগতৰ সৈতে পৰিচয় কৰাই দিছিল, মোক আশ্বাস দিছিল যে সপোনবোৰ সঁচা হ'ব পাৰে, আৰু মোক সকলোখিনি দিছিল যি আজি মোৰ লগত আছে। মই এতিয়াও বিশ্বাস কৰিব নোৱাৰো যে আপুনি গুচি গৈছে, কিন্তু যেতিয়াই মই তৰা, উদীয়মান সূৰ্য বা চন্দ্ৰ দেখিছো, মই জানো আপুনি ইয়াত আছে। '



    সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সুশান্ত সিং ৰাজপুত আৰু চাৰা আলী খান দুয়ো 'কেদাৰনাথ' চলচ্চিত্ৰৰ সময়ত দুয়ো ওচৰ চাপিছিল। দুয়োজনে ইজনে সিজনৰ সংগও ভাল পাইছিল।
    Published by:Kokil Sarma
    First published: