‘কৰ্কট ৰোগে সাহস দিছে, মোক শক্তিশালী কৰিছে’–ইমৰাণ হাছমীৰ সন্তানৰ মন্তব্য শুনিলে চকুপানী ওলাব আপোনাৰ

News18 Assam | News18-Assam
Updated:February 6, 2020, 4:50 PM IST
‘কৰ্কট ৰোগে সাহস দিছে, মোক শক্তিশালী কৰিছে’–ইমৰাণ হাছমীৰ সন্তানৰ মন্তব্য শুনিলে চকুপানী ওলাব আপোনাৰ
ইমৰাণ হাছমীৰ সন্তান আয়ান কিডনীৰ কৰ্কট ৰোগত আক্ৰান্ত। ২০১৪ চনত আয়ানৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগ

ইমৰাণ হাছমীৰ সন্তান আয়ান কিডনীৰ কৰ্কট ৰোগত আক্ৰান্ত। ২০১৪ চনত আয়ানৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগ

  • Share this:
যোৱা মঙলবাৰে আছিল বিশ্ব কৰ্কট দিৱস। সমগ্ৰ বিশ্বতে কৰ্কট ৰোগৰ বিৰুদ্ধে সজাগতা চলোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল। বৰ্তমান ভাৰতবৰ্ষতো বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। যদি সময়ত এই ৰোগ ধৰা পৰে তেন্তে কৰ্কটক পৰাস্ত কৰাতো সম্ভৱ।

২০১৪ চনত অভিনেতা ইমৰাণ হাছমীৰ কণমানি সন্তান আয়ানৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগ। মাত্ৰ চাৰি বছৰ বয়সতে আয়ান আক্ৰান্ত হৈছিল কিডনীৰ কৰ্কট ৰোগত। এতিয়া সুস্থ আয়ান। প্ৰায় পাঁচ বছৰ ধৰি ইমৰাণ হাছমীয়ে পুত্ৰক সুস্থ কৰি তুলিবলৈ কৰিছে সংগ্ৰাম। বহু মানসিক যন্ত্ৰণা পাৰ কৰি আয়ান আৰু তাৰ পৰিয়ালে এতিয়া পাইছে কিছু সকাহ।

বিশ্ব কেন্সাৰ দিৱসৰ দিনা ইমৰাণ হাছমীৰ পুত্ৰৰ দিয়া ভাষণ এতিয়া চৰ্চাত।

শুনক আয়ানৰ ভাষণ









View this post on Instagram






A post shared by Emraan Hashmi (@therealemraan) on




Published by: Himangshu Bhuyan
First published: February 6, 2020, 4:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি