নতুন দিল্লীঃ কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে ৭২দিনৰ লকডাউন Coronavirus Lockdown ঘোষণা কৰিছিল। কেন্দ্ৰই ESIC Schemeৰ অধীনত কোৰোণা মহামাৰীৰ চিকিৎসা কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে।
ESIC–এ টুইট কৰি এই কথা জনাইছে>> প্ৰয়োজনত ESIC–এ হিতাধিকাৰীসমূহক ICMRৰ দ্বাৰা মান্যতা প্ৰাপ্ত লেবত COVID-19 ৰ টেষ্ট কৰোৱাৰ অনুমতি প্ৰদান কৰিছে।
>> ৰাজ্য/কেন্দ্ৰই চিকিৎসা গোটসমূহৰ সৈতে উন্নত সমন্বয়ৰ কাৰণে প্ৰত্যেক ESIC অফিচত নডেল বিষয়াক নিয়োগ কৰিছে।
>> ইয়াৰ অতিৰিক্তকৈ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা দিশা–নিৰ্দেশ ESIC হস্পিটেলত সম্পূৰ্ণ পালন কৰা হৈছে।
উল্লেখ্য যে, ESICৰ লাভ সেইসকল কৰ্মচাৰীয়ে পায় যিসকলৰ মাহেকীয়া দৰমহা ২১হাজাৰ টকাতকৈ কম। এই আঁচনিৰ লাভ সেইসমূহ কোম্পানীয়ে পাব য’ত কমেও ১০জন কৰ্মচাৰী আছে। ইয়াৰ পূৰ্বে ২০১৬বৰ্ষলৈকে মাহেকীয়া বেতনৰ সীমা ১৫হাজাৰ টকা আছিল। ২০১৭ৰ পৰা এই পৰিমাণ বৃদ্ধি কৰি ২১হাজাৰ টকা কৰা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|