• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ITR Alert: হাতত মাত্ৰ ১০টা দিন , সোনকালে দাখিল কৰক আয়কৰ ৰিটাৰ্ণ ! অন্যথা ভৰিব লাগিব দুগুণ TDS...

ITR Alert: হাতত মাত্ৰ ১০টা দিন , সোনকালে দাখিল কৰক আয়কৰ ৰিটাৰ্ণ ! অন্যথা ভৰিব লাগিব দুগুণ TDS...

৩. আই টি আৰ (ITR) দাখিল নকৰাৰ ওপৰত পদক্ষেপ -

কেন্দ্ৰীয় চৰকাৰে আয়কৰ ৰিটাৰ্ণ(ITR) দাখিলৰ প্ৰচাৰৰ বাবে টিডিএছ(TDS)ৰ নিয়ম কঠোৰ কৰিছে। ইয়াৰ বাবে, চৰকাৰে আয়কৰ আইনত ধাৰা 206AB কো যোগ কৰিছে । নতুন নিয়ম অনুসৰি, আইটিআৰ দাখিল নকৰিলে ২০২১ৰ ১ এপ্ৰিলৰ পৰা দুগুণ টিডিএছ দিব লাগিব । লগতে এই নতুন নিয়ম অনুসৰি, যিসকলে আয়কৰ ৰিটাৰ্ণ দাখিল কৰা নাই তেওঁলোকৰ ওপৰত কৰ সংগ্ৰহ উৎস অধিক আৰোপ কৰা হ’ব ।

৩. আই টি আৰ (ITR) দাখিল নকৰাৰ ওপৰত পদক্ষেপ - কেন্দ্ৰীয় চৰকাৰে আয়কৰ ৰিটাৰ্ণ(ITR) দাখিলৰ প্ৰচাৰৰ বাবে টিডিএছ(TDS)ৰ নিয়ম কঠোৰ কৰিছে। ইয়াৰ বাবে, চৰকাৰে আয়কৰ আইনত ধাৰা 206AB কো যোগ কৰিছে । নতুন নিয়ম অনুসৰি, আইটিআৰ দাখিল নকৰিলে ২০২১ৰ ১ এপ্ৰিলৰ পৰা দুগুণ টিডিএছ দিব লাগিব । লগতে এই নতুন নিয়ম অনুসৰি, যিসকলে আয়কৰ ৰিটাৰ্ণ দাখিল কৰা নাই তেওঁলোকৰ ওপৰত কৰ সংগ্ৰহ উৎস অধিক আৰোপ কৰা হ’ব ।

২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে আয়কৰ ৰিটাৰ্ণ (ITR) দাখিল কৰাৰ অন্তিম তাৰিখ ৩১ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছে।

  • Share this:
কৰদাতাসকলৰ (Taxpayers) বাবে এইটো অতি গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি এতিয়াও আয়কৰ ৰিটাৰ্ণ দাখিল কৰা নাই তেন্তে আপুনি দুগুণ কৰ্তন (TDS)পৰিশোধ কৰিব লাগিব, আৰু আপোনাৰ হাতত মাত্ৰ ১০ টা দিনহে বাকী আছে। ইয়াৰ অৰ্থ হৈছে আপোনাৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ বাবে মাত্ৰ ৩০ জুনলৈকে আছে সময়সীমা। আয়কৰ বিভাগে (IT department) ITR পূৰণ নকৰাসকলৰ বাবে ইতিমধ্যে কঠোৰ কৰিছে নিয়ম। ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে আয়কৰ ৰিটাৰ্ণ (ITR) দাখিল কৰাৰ অন্তিম তাৰিখ ৩১ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। নতুন নিয়ম অনুসৰি, আইটিআৰ দাখিল নকৰা লোকসকলে TCS অধিক আদায় কৰিব লাগিব। নতুন নিয়ম অনুসৰি, ১ জুলাই ২০২১ৰ পৰা, পিনাল TDS আৰু TCSৰ হাৰ ১০-২০% হ'ব, সাধাৰণতে ইয়াৰ পৰিমাণ আছিল ৫-১০%।

TDSৰ নতুন নিয়ম জানি লওক

TDSৰ নতুন নিয়ম অনুসৰি, আয়কৰ আইন, ১৯৬১ৰ ধাৰা 206ABৰ অধীনত আয়কৰ আইনৰ বিদ্যমান ব্যৱস্থাবোৰৰ দুগুণ বা প্ৰচলিত হাৰৰ দুগুণ বা যিটো ৫% তকৈ যিটো অধিক হ'ব সেই হিচাপ অনুসৰিয়েই টি.ডি.এছ. আৰোপ কৰা হ'ব পাৰে। TCSৰ বাবেও বিদ্যমান ব্যৱস্থাবোৰৰ ভিত্তিত প্ৰচলিত হাৰ বা ৫শতাংশতকৈ যিটো অধিক হ'ব সেই হিচাপ অনুসৰিয়েই ইয়াৰ পৰিশোধ কৰিব লাগিব।

কৰদাতাসকলে কি কৰে?

নতুন নিয়ম অনুসৰি, যদি আপুনি দুগুণ TDSৰ বাচিব বিচাৰে, আপুনি এতিয়া আপোনাৰ যিকোনো উপাৰ্জনৰ ওপৰত ৰিটাৰ্ণ দাখিল কৰিব লাগিব, কৰযোগ্য হওঁক বা নহওঁক। একেদৰে, যদি এজন ব্যক্তি যোৱা বছৰ বা এই বছৰ ১৮ বছৰীয়া হয় আৰু তাৰ আগতে কৰযোগ্য উপাৰ্জন নাছিল, তেন্তে তেওঁৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰি। উল্লেখ্য যে, আয়কৰ আইন অনুসৰি সকলো লোকে তেওঁলোকৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰে, তেওঁলোক প্ৰাপ্তবয়স্ক হওঁক বা নহওঁক।

এই লোকসকলৰ ক্ষেত্ৰত নিয়ম প্ৰযোজ্য নহ'ব

আয়কৰৰ এই ধাৰা (Section 206A) বেতনভোগী কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য নহ'ব। ই অনাবাসিক ব্যক্তিসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য নহ'ব। অৱশ্যে, চৰকাৰে দুৰ্বল আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে এটা চৰ্ত যোগ দিছে যে এই ব্যৱস্থাবোৰ কৰদাতাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব যাৰ টিডিএছ বা ৫০,০০০ বা অধিক টিচিএছ যোৱা ২ বছৰত কৰ্তন কৰা হোৱা নাই।

জানি লওক TDS কি?

যদি কাৰোবাৰ কোনো উপাৰ্জন থাকে তেতিয়া সেই আয়ৰ পৰা কৰ কৰ্তন কৰি ব্যক্তিজনক বাকী থকা টকাখিনি হয়, কৰৰ ৰূপত কৰ্তন কৰা টকাখিনিয়েই হৈছে TDS । চৰকাৰে TDSৰ জৰিয়তে কৰ সংগ্ৰহ কৰে। ইয়াক বিভিন্ন প্ৰকাৰৰ উপাৰ্জনৰ উৎস যেনে দৰমহা, সুত বা বিনিয়োগৰ ওপৰত কমিছন আদিৰ ভিত্তিত কৰ্তন কৰা হয়। যিকোনো প্ৰতিষ্ঠান (যি TDSৰ আওতাৰ ভিতৰত পৰে) যিয়ে পৰিশোধ কৰি আছে, প্ৰতিষ্ঠানটোৱে এক নিৰ্দিষ্ট পৰিমাণ TDS হিচাপে কৰ্তন কৰে।
Published by:Kokil Sarma
First published: