নৱবৰ্ষলৈ মাজত মাথোঁ কেইটামান দিন। সকলোৱে বিচাৰে যে নতুন বছৰটো ভাল হওক। বিশেষকৈ ২০২২ প্ৰধানকৈ কিছুমান জন্ম তাৰিখৰ লোকৰ বাবে অতি শুভ হিচাপে পৰিগণিত হ’ব পাৰে। এই জন্ম তাৰিখ ৬, ১৫ আৰু ২৪ অৰ্থাৎ যিসকল লোকৰ জন্ম ইয়াৰ ভিতৰত কোনো এটা তাৰিখত হৈছে তেওঁলোকৰ বাবে নতুন বছৰ ২০২২ নতুনত্বৰে ভৰা হ’ব। এই বছৰটোত আপোনাৰ কেৰিয়াৰৰ বাবে সুন্দৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে।
যিসকল লোকৰ জন্ম যিকোনো মাহৰ ৬, ১৫ বা ২৪ তাৰিখে হৈছে তেওঁৰ মূল্যাংক ৬ হ’ব। এই মূল্যাংকৰ মানুহৰ বাবে নতুন বছৰটো সৌভাগ্যৰে ভৰা হ’ব পাৰে। এই বছৰটোত আপুনি সফলতা লাভৰ প্ৰবল সম্ভাৱনা আছে। আয়ত বৃদ্ধি হ’ব, চাকৰি কৰা সকলৰ দৰমহা বৃদ্ধিৰ সংকেত আছে। যিসকল লোকে ব্যৱসায় কৰে, তেওঁলোকেও ধন লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা দিছে। প্ৰতিটো কামত সম্পূৰ্ণ সংগ দিব ভাগ্যই। ভাল চাকৰিৰ বহু সুযোগ এই বছৰটোত লাভ কৰিব।
কিন্তু মন কৰিব যে বছৰটোৰ মধ্যভাগত চাকৰি সলোৱাৰ পৰা আঁতৰি থাকিব লাগিব। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে তেন্তে আপুনি হয়তো বছৰৰ আৰম্ভণিতে সলনি কৰক নাইবা বছৰটোৰ শেষত কৰক। কৰ্মস্থলীত আপুনি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব। বিদেশ যাত্ৰাৰো সুযোগ পাব পাৰে। এই বছৰটোত আপুনি নিজৰ প্ৰতিভাৰ জোৰত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব।
শিক্ষা গ্ৰহণ কৰি থকা জাতকৰ বাবেও এই বছৰ সফলতাৰে ভৰা হ’ব। বিশেষকৈ যিসকল জাতকে চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰি আছে তেওঁলোকে এই বছৰটোত মনে বিচৰা চাকৰি পাব পাৰে। ভাগ্যৰ সম্পূৰ্ণ সংগ লাভ কৰাৰ ফলত ভাল চাকৰি পোৱাত সফল হ’ব। যিসকল লোকে দীৰ্ঘদিন ধৰি চাকৰি বা বাহন কিনাৰ কথা ভাবি আছে তেওঁলোকৰ এই সপোন এই বছৰটোত পূৰণ হ’ব।
(Disclaimer : এই লিখনি সাধাৰণ তথ্য আৰু অনুমানৰ ওপৰত আধাৰিত, News18 অসমে ইয়াৰ বৈধতা নিশ্চিত নকৰে।)