• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • হাতৰ ৰেখাই দিয়ে ধন-সম্পত্তি অহাৰ ইংগিত! হাতত এই ৰেখা থাকিলে আপোনাক ধনী হোৱাত কোনেও দিব নোৱাৰে বাধা!

হাতৰ ৰেখাই দিয়ে ধন-সম্পত্তি অহাৰ ইংগিত! হাতত এই ৰেখা থাকিলে আপোনাক ধনী হোৱাত কোনেও দিব নোৱাৰে বাধা!

যিসকলৰ হাতত গুৰু, শুক্ৰ, চন্দ্ৰমা আৰু পৰ্বত বিকশিত হৈ আছে, সেইসকলে জীৱনত বহু ধন-সম্পত্তি উপাৰ্জন কৰিব পাৰিব।

যিসকলৰ হাতত গুৰু, শুক্ৰ, চন্দ্ৰমা আৰু পৰ্বত বিকশিত হৈ আছে, সেইসকলে জীৱনত বহু ধন-সম্পত্তি উপাৰ্জন কৰিব পাৰিব।

যিসকলৰ হাতত গুৰু, শুক্ৰ, চন্দ্ৰমা আৰু পৰ্বত বিকশিত হৈ আছে, সেইসকলে জীৱনত বহু ধন-সম্পত্তি উপাৰ্জন কৰিব পাৰিব।

  • Share this:
হাতত থকা ৰেখাই মানুহৰ জীৱনৰ দিশ নিৰ্ণয় কৰে বুলি বিশ্বাস কৰে জ্যোতিষ শাস্ত্ৰই। জ্যোতিষ শাস্ত্ৰ মতে, হাতত থকা ৰেখাই কেৱল আৰ্থিক স্থিতিয়েই নহয়, কেৰিয়াৰ, জীৱনৰ লগৰী আৰু সন্তান সম্বন্ধীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। হাতৰ ৰেখা লগহৈ বিশেষ কিছু যুগৰ কথাও কয় বুলি বিশ্বাস কৰা হয়।

হস্তৰেখা অনুসৰি, হাতৰ ৰেখাত যদি গজলক্ষ্মী যোগ থাকে, তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। এই যুগৰ ফলত মানুহৰ ভাগ্যোদয় হয় বুলিও বিশ্বাস কৰা হয়।

কিদৰে হয় গজলক্ষ্মী যুগঃ যদি হাতৰ ৰেখাত ভাগ্য ৰেখা লগ হৈ ডাইৰেক্ট সূৰ্য ৰেখাৰ ফালে ঘূৰে, মস্তিষ্ক ৰেখা, স্বাস্থ্য ৰেখা আৰু আয়ুস ৰেখা ভালদৰে দেখা পোৱা যায়, তেন্তে ইয়াক গজলক্ষ্মী যুগ বুলি ধৰা হয়। এই যুগক ৰাজ যুগ বুলি কোৱা হয়। ইয়াত ধন আৰু মান সন্মান খুব বৃদ্ধি হয়।

যিসকলৰ হাতৰ ৰেখাত পাল্লাৰ চিন থাকে, ই জীৱনত ধনৰ কেতিয়াও অভাৱ নহয় বুলি ইংগিত দিয়ে। এনেলোকসকল সাধাৰণতে বহু পৰিশ্ৰমীও হয়।

লক্ষ্মী যুগঃ যিসকলৰ হাতত বৃহস্পতি, শুক্ৰ, চন্দ্ৰমা আৰু বুধ পৰ্বত বিকশিত হয় আৰু ৰং কিছু ৰঙা হয়, এই স্থিতিক লক্ষ্মী যুগ বুলি কোৱা হয়। এনে লোকে সকলো কামতে সফলতা লাভ কৰে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি