বেংক একত্ৰিকৰণৰ ফলশ্ৰুতিতে দেশত ১ এপ্ৰিলৰ পৰা সলনি হ'ব বহু বেংকৰ নিয়ম ৷ কিয়নো ১ এপ্ৰিল, ২০১৯ আৰু ১ এপ্ৰিল ২০২০ৰ পৰা কাৰ্যকৰী কৰা হৈছিল দেনা বেংক, বিজয়া বেংক, কৰ্পোৰেচন বেংক, অন্ধ্ৰ বেংক, অৰিয়েণ্টেল বেংক অফ কমাৰ্চ, ইউনাইটেড বেংক আৰু এলাহাবাদ বেংকৰ একত্ৰিকৰণ প্ৰক্ৰিয়া । (Dena Bank, Vijaya Bank, Corporation Bank, Andhra Bank, Oriental Bank of Commerce, United Bank and Allahabad Bank)
তেনেস্থলত সম্প্ৰতি ওপৰোক্ত বেংকসমূহৰ গ্ৰাহক বা একাউণ্ট ধাৰকসকলে মন কৰিব লাগিব যে এই বেংকবোৰৰ চেকবুক আৰু পাছবুক ১ এপ্ৰিল, ২০২১ ৰ পৰা অসাৰ হৈ পৰিব । লক্ষণীয় যে, দেনা বেংক আৰু বিজয়া বেংকক ২০১৯ চনৰ ১ এপ্ৰিলৰ পৰা বেংক অৱ বৰোদাৰ সৈতে একত্ৰিত কৰা হৈছিল ।
আনহাতে, অৰিয়েণ্টেল বেংক অফ কমাৰ্চ (অ’বিচি) আৰু ইউনাইটেড বেংক অফ ইণ্ডিয়াক পঞ্জাৱ নেচনেল বেংক (পিএনবি)ৰ সৈতে একত্ৰিত কৰা হৈছিল, ৷ তাৰ পিছতে চিণ্ডিকেট বেংকক কানাড়া বেংকৰ সৈতে,অন্ধ্ৰ বেংক আৰু কৰ্পোৰেচন বেংকক ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সৈতে আৰু এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে একত্ৰিত কৰা হৈছিল।
তেনেস্থলত গ্ৰাহকসকলক সতৰ্ক কৰি পঞ্জাৱ নেচনেল বেংক আৰু বেংক অৱ বৰোদাই ইতিমধ্যে জনাইছে যে অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু ইউনাইটেড বেংক অফ ইণ্ডিয়া, বিজয়া বেংক আৰু দেনা বেংকৰ বৰ্তমানে চলি থকা চেকবুকসমূহ ১ এপ্ৰিলৰ পৰা বন্ধ হৈ পৰিব, কিয়নো সেইবোৰ কেৱল ৩১ মাৰ্চ, ২০২১ লৈকে বৈধ হৈ থাকিব ।
একেদৰে, অন্যান্য একত্ৰিত বেংকৰ একাউণ্ট ধাৰকসকলেও তেওঁলোকৰ বৰ্তমানৰ চেকবুক আৰু পাছবুক কেৱল ৩১ মাৰ্চলৈকে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব।
এই বেংকবোৰৰ গ্ৰাহকসকলেও জানি লোৱাটো দৰকাৰ যে তেওঁলোকৰ একাউণ্ট নম্বৰ, (A/C number) আইএফএছচি,(IFSC) এমআইচিআৰ কোড,(MICR Code) শাখা ঠিকনা, (Branch Address) চেক বুক,(Cheque Book) পাছবুক (Passbook) সলনি হ'ব । অৱশ্যে, চিণ্ডিকেট বেংক (Syndicate Bank) আৰু কানাড়া বেংকৰ (Canara Bank) বিদ্যমান চেক (Prevailing cheque book) বুক আৰু পাছবুক ৩০ জুন, ২০২১ লৈকে বৈধ হৈ থাকিব ।
মেছেজ (Msg) বা ইমেইলৰ (Email) জৰিয়তে সকলো গুৰুত্বপূৰ্ণ তথ্য আৰু আপডেট লাভ কৰিবলৈ, এই বেংকসমূহৰ গ্ৰাহকসকলে তেওঁলোকৰ ম'বাইল নম্বৰ, ঠিকনা, মনোনীত ব্যক্তি আদিৰ দৰে বিৱৰণ আপডেট কৰিব লাগিব ।
লগতে নতুন চেক বুক আৰু পাছবুক লাভ কৰাৰ পিছত, বেংক একাউণ্ট ধাৰকসকলে মিউচুৱেল ফাণ্ড, (Mutual Fund) ট্ৰেডিং একাউণ্ট, (Trading Account) জীৱন বীমা আঁচনি, (LIC) আয়কৰ একাউণ্ট, (Income Tax account) এফডি / আৰডি, (FD/RD) পিএফ একাউণ্টকে (PF Account) ধৰি ভিন্ন স্থানত তেওঁলোকৰ নতুন বেংকিং বিৱৰণ আপডেট কৰিব লাগিব ৷ যাতে ভৱিষ্যতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ।
FIRST PUBLISHED : March 27, 2021, 11:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।