প্ৰতি মাহে ঘৰ চলাবলৈ পত্নীক টকা ট্ৰান্সফাৰ কৰে যদি পত্নীয়ে পাব পাৰে নে কি আয়কৰ নটিচ?

News18 Assam | News18-Assam
Updated:October 21, 2020, 11:45 AM IST
প্ৰতি মাহে ঘৰ চলাবলৈ পত্নীক টকা ট্ৰান্সফাৰ কৰে যদি পত্নীয়ে পাব পাৰে নে কি আয়কৰ নটিচ?
আজিকালি বেছিভাগ মানুহে পত্নীক ঘৰ চলাবলৈ একাউণ্টত টকা ট্ৰান্সফাৰ কৰে যাতে অনলাইন পেমেণ্টত সমস্যা নহওক।

আজিকালি বেছিভাগ মানুহে পত্নীক ঘৰ চলাবলৈ একাউণ্টত টকা ট্ৰান্সফাৰ কৰে যাতে অনলাইন পেমেণ্টত সমস্যা নহওক।

  • Share this:
কোৰোণা সংকটৰ মাজত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীৰ বেছিভাগ অনলাইনত (Online Shopping) মগোৱা হয়। এনেকুৱাত যদি আপুনি প্ৰতি মাহে নিজৰ পত্নীৰ একাউণ্টত টকা ট্ৰান্সফাৰ (Money Transfer) কৰে তেনেহ’লে তেওঁক ইনকাম টেক্স ডিপাৰ্টমেণ্টে নটিচ (Income Tax Notice) আহিব পাৰে নে কি? আপুনি পত্নীক ঘৰ চলাবলৈ গিফট মানী (Gift Money)  দিয়াৰ কথা কৈ ইনকাম টেক্স ৰেহাই পাবলৈ চেষ্টা (Tax Deduction) কৰিছে নে কি? আহক জানো এনেবোৰ প্ৰশ্নৰ উত্তৰ।

বৰ্তমান বেছিভাগ লোকে ডিজিটেল পেমেণ্ট (Digital Payment)কৰাটো পচন্দ কৰে। বৰ্তমান সময়ত মানুহে দৈনন্দিন জীৱনত প্ৰয়োজনীয় সামগ্ৰী অনলাইন শ্বপিং (Online Shopping) আৰু ডিজিটেল পেমেণ্টৰে কৰে। এনেকুৱাত আপুনি যদি প্ৰতিমাহে পত্নীৰ একাউণ্টত ঘৰ চলাবলৈ টকা ট্ৰান্সফাৰ কৰে তেনেহ’লে প্ৰশ্ন উঠে যে আপোনাৰ পত্নীয়ে ইনকাম টেক্স নটিচ (Income Tax Notice) পাব পাৰে নে কি? নে এই ধনক আপুনি গিফট মানী (Gift Money) কৈ টেক্স ডিডাকচনৰ (Tax Deduction) লাভ উঠাব পাৰে।

যদি স্বামীৰ পৰা টকা পাইছে তেনেহ’লে কৰ দিব লাগিব নে কি?

যদি আপুনি ঘৰ খৰছৰ কাৰণে প্ৰতি মাহে টকা দিয়ে বা গিফট হিচাপে ধন দিয়ে তেনেহ’লে আপোনাৰ পত্নীৰ ওপৰত ইনকাম টেক্স (Income Tax) আদায়ৰ দায়িত্ব নাহে। এই দুয়োটা স্বামীৰ ইনকাম হিচাপে ধৰা হয়। পত্নীয়ে ইয়াৰ কাৰণে কোনো ধৰণৰ আয়কৰ বিভাগৰ নটিচ নাপায়। কিন্তু পত্নীয়ে যদি বাৰে বাৰে এই টকা ক’ৰবাত বিনিয়োগ কৰে তেনেহ’লে ইয়াৰ পৰা তেওঁৰ যি উপাৰ্জন হ’ব সেই আয়ৰ ওপৰত কৰ (Taxable Income) দিব লাগিব। দ্বিতীয় অৰ্থত বিনিয়োগৰ গণনা বছৰেকৰ ভিত্তিত পত্নীৰ ইনকাম গণ্য কৰা হ’ব যিটোৰ ওপৰত টেক্স দিব লাগিব।

ইনকাম টেক্সৰ নিয়ম মতে, যদি আপুনি ইনকামেৰে পত্নীক উপহাৰ হিচাপে টকা দিয়ে তেনেহ’লে আইনী ৰূপত এয়া ভুল নহয়। অৱশ্যে ইয়াৰ ওপৰত আপুনি কোনো ধৰণৰ কৰ ৰেহাই লাভ নকৰে। ইনকাম টেক্স আইনৰ (Income Tax Act) অধীনত নিজৰ উপাৰ্জনেৰে যদি আপুনি উপহাৰ হিচাপে পত্নীক টকা দিয়ে তেনেহ’লেও সেয়াও আপোনাৰে উপাৰ্জন গণ্য কৰা হ’ব আপুনিয়েই কৰ দিব লাগিব। দৰাচলতে স্পাউচ ৰিলেটিভচৰ কেটেগৰীত আহে। এনেকুৱাত গিফট ট্ৰানজেকশ্যনত কোনো কৰ দিব নালাগে।

যদি আপুনি পত্নীৰ একাউণ্টত প্ৰতি মাহে কিবা এমাউণ্ট দিয়ে আৰু সেই ধন চিপ (SIP)ৰ দ্বাৰা মিউচুৱেল ফাণ্ডত (MF) বিনিয়োগ কৰে তেনেহ’লে সেই টকাৰ ওপৰত ইনকাম টেক্স ৰিটাৰ্ণ ফাইল (ITR File) কৰাৰ কোনো প্ৰয়োজন নাই আৰু তাৰ ওপৰত কোনো ধৰণৰ কৰ দিব নালাগে। এই টকাৰ বিনিয়োগৰ ফলত হোৱা উপাৰ্জন স্বামীৰ টেক্সেবল ইনকামৰ সৈতে সংযুক্ত হ’ব। অৱশ্যে বিনিয়োগৰ দ্বাৰা হোৱা উপাৰ্জন পুনৰ লগাই হোৱা উপাৰ্জনত পত্নীয়ে ইনকাম টেক্স দিব লাগিব। অৱশ্যে এই কথা মনত ৰাখিব লাগিব যে যিকোনো ধৰণৰ আয়ৰ ওপৰত আৰটিআই ফাইল কৰাটো জৰুৰী।
First published: October 21, 2020, 11:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading