হাতৰ তলুৱাত লুকাই থাকে নেকি আমাৰ ভাগ্য? এই বিশ্বাসৰ আধাৰতে হস্তৰেখা চোৱাৰ পৰম্পৰা আমাৰ সমাজত এতিয়াও বিদ্যমান। নিজৰ ভাগ্যৰ বিষয়ে জানিবলৈ ইচ্ছুক সকলো ব্যক্তিয়ে হস্তৰেখা চোৱাৰ অভিজ্ঞতাৰে অভিজ্ঞ।
আজি আপোনাক ক'বলৈ ওলাইছোঁ হাতৰ তলুৱাত থকা এক বিশেষ ৰেখাৰ কথা। এই ৰেখা ইংৰাজী বৰ্ণ 'M'ৰ দৰে। যদি আপোনাৰ হাতত 'M' চিহ্ন আছে, তেন্তে আপোনাৰ ভাগ্যত কি আছে জানি লওক।
যদি কোনো পুৰুষৰ হাতত 'M' থাকে, তেন্তে তেওঁ বহুত আশাব্যঞ্জক। তেওঁ অতি আৱেগিক, তেওঁ চাকৰিয়ে নহয় যিকোনো উদ্যোগতে সফলতা পায়। কাকোৱে প্ৰতাৰণা কৰাৰ তেওঁৰ কোনো অভীপ্সা নাই, সকলো কথাকে চকু মুদি গ্ৰহণ কৰে।
আনহাতে, যদি নাৰীৰ হাতত 'M' ৰেখা থাকে, তেন্তে তেওঁ পুৰুষতকৈও শক্তিশালী হ'ব পাৰে। যদি কোনো পতি-পত্নী দুয়োৰে হাতত M চিহ্ন থাকে, তেন্তে এয়া ৰাজযোগ। কিন্তু তাতো সফলতাৰ ক্ষেত্ৰত মহিলাগৰাকী আগবাঢ়ি যাব। 'M' থকা ল’ৰা-ছোৱালীয়ে যিকোনো পৰিস্থিতিৰ লগত সহজেই নিজকে খাপ খুৱাব পাৰে!
তেওঁলোকে সফলতাৰ বাবে নিজৰ মাজত প্ৰয়োজনীয় পৰিৱৰ্তন কৰিব পাৰে। গতিকে আপুনি যদি নিজৰ ওপৰত বিশ্বাস কৰে তেন্তে সফলতা আপোনাৰ ওচৰলৈ আহিব! মুঠতে জ্যোতিষ শাস্ত্ৰৰ মতে যদি কোনো মানুহৰ হাতত ছবিত উল্লেখ কৰা ধৰণে এম আকৃতিৰ ৰেখা থাকে তেন্তে সেই মানুহজন অতি আশাব্যঞ্জক।
(বিঃদ্ৰঃ- এই তথ্য জ্যোতিষ শাস্ত্ৰৰ আধাৰত সন্নিৱিষ্ট কৰা হৈছে। NEWS18assam-এ এয়া নিশ্চিত নকৰে।)
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|