এলপিজিৰ ক’লা বজাৰ ৰোধ কৰিবলৈ মোদী চৰকাৰে শেহতীয়াকৈ বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছে। যেনে আজি কালি গেছ ডেলিভাৰীৰ সময়ত উপভোক্তাৰ পঞ্জীকৃত ম’বাইল নম্বৰলৈ অহা মেচেজ ডেলিভাৰি মেনক কোৱাটো অনিবাৰ্য। ইয়াৰ পিছতহে চিলিণ্ডাৰ লাভ কৰে। অৱশ্যে এই সিদ্ধান্তৰ সৈতে গেছ কম বেছি পোৱাৰ কোনো সম্বন্ধ নাই। কিন্তু যদি আপোনাৰ গেছ চিলিণ্ডাৰ সোনকালেই শেষ হোৱাক লৈ আপুনি বিপাঙত পৰিছে তেনেহ’লে আপোনাৰ সমস্যা দূৰ হ’ব। যোৱা মাহত মোদী চৰকাৰে উপভোক্তা সুৰক্ষা অধিনিয়ম 2019 (Consumer Protection Act-2019) বলৱৎ কৰিছে। এই অধিনয়ম অনুসৰি এতিয়া উপভোক্তাই যদি কম পৰিমাণৰ গেছ লাভ কৰে তেনেহ’লে এজেন্সীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে লাইচেন্স বাতিল কৰাও হ’ব। উপভোক্তা সুৰক্ষা ফৰামত ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে।
চিলিণ্ডাৰৰ ডেলিভাৰিৰ সময়ত ওজন জোখা সাধাৰণতে নহয়। ইয়াৰ কাৰণল হৈছে ডেলিভাৰি মেনে চাপ্লাই দিবলৈ আহোতে ওজন জোখা মেচিন লগত নানে। উপভোক্তাও ইমান সজাগ নহয় যে ওজন চেক কৰা মেচিন ঘৰত ৰাখিব। ইয়াৰে সুযোগ লৈ ডেলিভাৰি মেনে লয়। এতিয়া এনে অভিযোগ কৰিলে এজেন্সীয়ে এইক্ষেত্ৰত ব্যৱস্থা ল’বলৈ বাধ্য হৈ পৰিব।
সজাগতাৰ অভাৱত বহু সময়ত চিলিণ্ডাৰত কম গেছ দিয়াক লৈ উপভোক্তাই দুৰ্ভোগ ভুগিবলগীয়া হয়। দেশৰ বিভিন্ন প্ৰান্তত ইয়াক লৈ একেই অভিযোগ। প্ৰায়ে গম পোৱা যায় যে চিলিণ্ডাৰত একৰ পৰা দুই–তিনি কেজি গেছ উলিয়াই লোৱা হয়। এনেকুৱাত উপভোক্তা সুৰক্ষা অধিনিয়মৰ অন্তৰ্গত ঘৰতে বহি অভিযোগ কৰাৰ সুযোগ লাভ কৰিছে। সময়মতে নিজৰ অধিকাৰ বলৱৎ কৰাৰহে কথা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|