আজিকালি ছচিয়েল মিডিয়াত এক অনন্য ট্ৰেণ্ড চলি আছে। ইয়াত তাৰকাসকলৰ একোখন শৈশৱৰ ফটো শ্বেয়াৰ কৰি তেওঁলোকক চিনাক্ত কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হয়। যদিও কিছুমান লোকে তেওঁলোকৰ প্ৰিয় তাৰকাসকলক চিনাক্ত কৰিবলৈ সক্ষম হয়, বহুতেই আকৌ লাখ চেষ্টা কৰাৰ পাছতো তেওঁলোকক চিনাক্ত কৰিব নোৱাৰে। নেট দুনীয়াত আকৌ এবাৰ Viral হৈছে এখন ফটো (Photo)। ফটোখন চিনাক্ত কৰিবলৈ মানুহে এক প্ৰকাৰ সংগ্ৰাম কৰিব লগা হৈছে। এই ছবিখন এজনী সৰু ছোৱালীৰ যাক আজিৰ সময়ত বলীউডৰ এক নম্বৰ মনোৰঞ্জনকাৰী
Entertainment news in Assamese বুলি কোৱা হয়।
যোগীৰ পোছাকত দেখা পোৱা ছোৱালীজনী আজি এগৰাকী প্ৰখ্যাত অভিনেত্ৰী। আপুনি তেওঁক চিনাক্ত কৰিব পাৰিছেনে? পাৰা নাই যদি আপোনাক কওঁ আহক। যোগীৰ পোছাকত দেখা পোৱা ছোৱালীজনী আন কোনো নহয়, বলীউডৰ মনোৰঞ্জনৰ ধমাকা ৰাণী ৰাখী সাৱন্ত (Rakhi Sawant)। হয়, এইখন ৰাখী সাৱন্তৰ শৈশৱৰ ফটো (Rakhi Sawant Childhood Photo), যাক এতিয়ালৈকে খুব কম লোকেই চিনাক্ত কৰিবলৈ সক্ষম হৈছে। এই ছবিখনত ৰাখী মাত্ৰ কেইমাহমানৰ কেঁচুৱা। ফটোখনত ৰাখীক মৰমলগা সৰগীয় হাঁহি দিয়া দেখা গৈছে।
ৰাখী সাৱন্ত এতিয়া দেশজুৰি স্বীকৃত এগৰাকী অভিনেত্ৰী। ৰাখীয়ে বলীউডত বহুতো চুপাৰহিট আইটেম গান উপহাৰ দিছে। ৰাখীয়ে মানুহক উদ্ভট আৰু আচৰিত ধেমালি আৰু কথাৰে হাঁহিবলৈ বাধ্য কৰে। বিগ বছ ১৪ত প্ৰতিযোগী হিচাপে যোৱাৰ পিছত ৰাখীৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে। ৰাখীক আজিকালি এটাৰ পিছত এটা মিউজিক ভিডিঅ'ত দেখা যায়। শেহতীয়াকৈ তেওঁৰ শেহতীয়া গান 'খালি কি টেনচন' মুকলি হৈছে যিয়ে মানুহৰ পৰা যথেষ্ট মৰম লাভ কৰিছে
Entertainment news in Assamese ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|