মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»গ্ৰাহকক ৰামটাঙোন ! ১ জুলাইৰ পৰা এইটো বেংকত ধন জমা কৰিলেও দিব লাগিব মাচুল, সলনি হ'ব চেক বুকৰ নিয়ম ...

গ্ৰাহকক ৰামটাঙোন ! ১ জুলাইৰ পৰা এইটো বেংকত ধন জমা কৰিলেও দিব লাগিব মাচুল, সলনি হ'ব চেক বুকৰ নিয়ম ...

News18 Assam | News18-Assam
Updated:June 12, 2021, 4:13 PM IST
গ্ৰাহকক ৰামটাঙোন ! ১ জুলাইৰ পৰা এইটো বেংকত ধন জমা কৰিলেও দিব লাগিব মাচুল, সলনি হ'ব চেক বুকৰ নিয়ম ...
আইডিবিআই বেংকৰ গ্ৰাহকসকলে এতিয়া প্ৰতি বছৰে মাত্ৰ ২০ পৃষ্ঠাৰ চেকবুক বিনামূলীয়াকৈ পাব। গ্ৰাহকসকলে পৰৱৰ্তী প্ৰতি চেকৰ বাবে পাঁচ টকা পৰিশোধ কৰিব লাগিব।

আইডিবিআই বেংকৰ গ্ৰাহকসকলে এতিয়া প্ৰতি বছৰে মাত্ৰ ২০ পৃষ্ঠাৰ চেকবুক বিনামূলীয়াকৈ পাব। গ্ৰাহকসকলে পৰৱৰ্তী প্ৰতি চেকৰ বাবে পাঁচ টকা পৰিশোধ কৰিব লাগিব।

  • Share this:
আইডিবিআই বেংকে (IDBI) ১ জুলাইৰ পৰা কেইবাটাও নিয়ম সলনি কৰাৰ বাবে আগবাঢ়িছে। বেংকে শুকুৰবাৰে চেক লিফৰ চাৰ্জ, ছেভিংছ একাউণ্টৰ চাৰ্জ আৰু লকাৰ চাৰ্জৰ ক্ষেত্ৰত কিছু সাল-সলনি কৰে। গ্ৰাহকসকলে এতিয়াৰ পৰা প্ৰতি বছৰে কেৱল ২০ পৃষ্ঠাৰ চেক বুকহে (Cheque Book) বিনামূলীয়াকৈ লাভ কৰিব। তাৰ পিছত গ্ৰাহকসকলে অতিৰিক্ত প্ৰতিখন চেকৰ বাবে ৫ টকা পৰিশোধ কৰিব লাগিব। এই সংশোধিত মাচুল অহা জুলাই মাহৰ পৰা কাৰ্যকৰী হ'ব।

এতিয়ালৈকে গ্ৰাহকসকলে একাউণ্ট খোলাৰ প্ৰথম বছৰত ৬০ পৃষ্ঠাৰ এখন চেক বুক বিনামূলীয়াকৈ লাভ কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে। তাৰ পিছৰ বছৰবোৰৰ বাবে বেংকে ৫০ পৃষ্ঠাৰ চেকবুক এখন দিয়ে। গ্ৰাহকে তেতিয়া প্ৰতিটো চেকৰ বাবে পাঁচ টকা পৰিশোধ কৰিব লগা হৈছিল। বেংকে এক জাননীত কৈছিল যে সংশোধিত মাচুল ১ জুলাই,২০২১ ৰ পৰা কাৰ্যকৰী হ'ব। অৱশ্যে, নতুন প্ৰণালীটো 'সবকা ছেভিংছ একাউণ্ট'ৰ অধীনত অন্তৰ্ভুক্ত গ্ৰাহকসকলৰ বাবে প্ৰযোজ্য নহ'ব আৰু তেওঁলোকে এবছৰত বিনামূলীয়াকৈ সীমাহীন চেক প্ৰাপ্ত কৰাৰ ব্যৱস্থা অব্যাহত থাকিব।

১ জুলাইৰ পৰা সলনি হোৱা নিয়মবোৰৰ বিষয়ে জানো আহক

- আইডিবিআই বেংকৰ গ্ৰাহকসকলে এতিয়া প্ৰতি বছৰে মাত্ৰ ২০ পৃষ্ঠাৰ চেকবুক বিনামূলীয়াকৈ পাব। গ্ৰাহকসকলে পৰৱৰ্তী প্ৰতি চেকৰ বাবে পাঁচ টকা পৰিশোধ কৰিব লাগিব।

- ইয়াৰ উপৰিও, বেংকে নগদ জমাৰ (ঘৰ আৰু অনা-ঘৰ) বাবে থকা বিনামূলীয়া সুবিধা অৰ্ধ-নগৰ আৰু গ্ৰাম্য শাখাত থকা ৭ আৰু ১০ ৰ পৰা ক্ৰমে ৫ আৰু ৫ লৈ হ্ৰাস কৰিছে।

-একেদৰে, চুপাৰন সঞ্চয় একাউণ্টত, অৰ্ধ-নগৰ আৰু গ্ৰাম্য এলেকাবোৰত বিনামূলীয়া লেনদেন বৰ্তমানৰ ১০ আৰু ১২ ৰ পৰা হ্ৰাস কৰি সকলোৰে বাবে ৮ কৰিছে। বেংকে আৰু কিছুমান সেৱাত কেতবোৰ পৰিৱৰ্তন কৰিছে।

উল্লেখ্য যে, আইডিবিআই (IDBI) এটা চৰকাৰী বেংক আছিল আৰু ১৯৬৪ত এই বেংক প্ৰতিষ্ঠা হৈছিল। LIC–এ IDBI বেংকত ২১০০০ কোটি টকাৰ বিনিয়োগ কৰি ৫১ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। ইয়াৰ পিছত LIC আৰু চৰকাৰে লগ-লাগি ৯৩০০ কোটি টকা IDBI বেংকক দিছিল। IDBI বেংকত LICৰ ৫১শতাংশ অংশীদাৰিত্ব আৰু চৰকাৰৰ ৪৭শতাংশ অংশীদাৰিত্ব আছে।
Published by: Kokil Sarma
First published: June 12, 2021, 4:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি