যদি আপোনাৰ ছেভিংছ একাউণ্ট দেশৰ দ্বিতীয় সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক ICICI বেংকত আছে তেন্তে আপোনাৰ বাবে এই প্ৰতিবেদন প্ৰয়োজনীয়। ১৫ ডিচেম্বৰৰ পৰা ICICI বেংকে নগদ লেনদেনৰ ক্ষেত্ৰত সালসলনি ঘটাব মাচুল পৰিমাণ। ১৫ ডিচেম্বৰৰ পৰা নিৰ্ধাৰিত সীমাতকৈ অধিক লেনদেন কৰিলে ভৰিব লাগিব অধিক চাৰ্জ।
ICICI বেংকতৰ ৱেবছাইটত দিয়া তথ্য অনুসৰি, নগদ লেনদেনত জমা আৰু ধন উলিওৱা দুয়োটা অন্তৰ্ভুক্ত। ৰেগুলাৰ ছেভিংছ একাউণ্ট থকাসকলক বেংকে নিজৰ শাখাত এক নিৰ্ধাৰিত সীমালৈ বিনামূলীয়া লেনদেনৰ সুবিধা প্ৰদান কৰে। বিভিন্ন একাউণ্টৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ লেনদেনৰ সীমা নিৰ্ধাৰণ কৰা হয়। এই সীমা অতিক্ৰম কৰিলে গ্ৰাহকৰ পৰা লোৱা হয় অতিৰিক্ত চাৰ্জ।
১০ ডিচেম্বৰৰ পৰা কি কি সালসলনি :
১. গ্ৰাহকে প্ৰতিমাহে ৰেগুলাৰ ছেভিংছ একাউণ্টৰ পৰা ৪বাৰ বিনামূলীয়াকৈ ধন জমা বা উলিয়াব পাৰে। ইয়াৰ পিছত ১৫০ টকা প্ৰতিটো ট্ৰানজেকশ্যনৰ বিপৰীতে ভৰিব লাগিব।
২. গ্ৰাহকে হোম ব্ৰাঞ্চৰ পৰা মাহত ২ লাখ টকালৈ কোনো চাৰ্জ অবিহনে উলিয়াব পাৰিব। ২ লাখতকৈ অধিক ধন উলিয়ালে প্ৰতি ১০০০ টকাত ৫ টকাকৈ চাৰ্জ দিব লাগিব, যিটো ন্যূনতম ১৫০ টকা হ’ব।
৩. থাৰ্ড পাৰ্টী ট্ৰানজেকশ্যনৰ ক্ষেত্ৰত প্ৰতিদিনে ২৫,০০০ টকালৈ লেনদেনত ১৫০ টকা প্ৰতিটো লেনদেনত ভৰিব লাগিব। ২৫,০০০ টকাতকৈ অধিক ট্ৰানজেকশ্যনৰ অনুমতি দিয়া নহয়।
ATM ট্ৰানজেকশ্যনত কি সালসলনি?
ICICI বেংকে কেছ ট্ৰানজেকশ্যনৰ লগতে ATM ট্ৰানজেকশ্যনৰ চাৰ্জৰো সালসলনি কৰিছে। ৱেবছাইটত দিয়া তথ্য অনুসৰি, বেংকটোৱে গ্ৰাহকক এমাহত প্ৰথম ৫টা বিত্তীয় লেনদেন বিনামূলীয়াকৈ দিব। ইয়াৰ পিছত প্ৰতিটো বিত্তীয় লেনদেনৰ বাবে ২০ টকাকৈ ভৰিব লাগিব গ্ৰাহকে। আনহাতে, সকলো নন–ফাইনেন্সিয়েল ট্ৰানজেকশ্যন বিনামূলীয়া হ’ব। যেনে – বেলেঞ্চ এনকুৱেৰী, মিনি ষ্টেটমেণ্ট, পিন চেঞ্জ আদি বিনামূলীয়াকৈ কৰিব পাৰিব গ্ৰাহকে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|