চাইবাৰ অপৰাধৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি দেশৰ দ্বিতীয় সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক ICICI বেংকে গ্ৰাহকসকলক সতৰ্ক কৰি দিছে। ICICI বেংকে গ্ৰাহকক প্ৰৱঞ্চকৰ বিৰুদ্ধে সজাগ কৰাৰ প্ৰয়াস চলাইছে।
ICICI বেংকে টুইটাৰযোগে জনাইছে যে গ্ৰাহকৰ পৰা লেনদেনৰ ক্ষেত্ৰত বেংকে কেতিয়াও পিন নম্বৰ নিবিচাৰে। যদি আপোনাৰ পৰা ধন গ্ৰহণ কৰিবলৈ বা লেনদেনৰ বাবে পিন নম্বৰ বিচৰা হয়, তেন্তে আপুনি সতৰ্ক হওক। বেংকটোৱে জনাইছে যে যিকোনো ধৰণৰ সন্দেহজনক গতিবিধি আৰু প্ৰৱঞ্চনাৰ পৰা সদায় সাৱধান হওক, যাতে আপোনাৰ জমা ধন সুৰক্ষিত হৈ থাকে। বেংকে প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পাবলৈ কিছু পৰামৰ্শ আগবঢ়াইছে।
ICICI বেংকৰ টুইট অনুসৰি, ভুৱা অনুৰোধ ৰক্ষা কৰাৰ পূৰ্বে অনুসৰণ কৰক এই পদক্ষেপ :
>> পিন নম্বৰ কাৰোবাক দিয়াৰ পূৰ্বে এবাৰ ভাবক। যদি আপোনালৈ এনেধৰণৰ অনুৰোধ আহে তেন্তে ধৰি লওক যে এয়া প্ৰৱঞ্চকৰ অনুৰোধ।
>> ধন গ্ৰহণ কৰিবলৈ বেংকে গ্ৰাহকৰ পৰা কেতিয়াও পিন নম্বৰ নিবিচাৰে। গতিকে আপোনাৰ পিন নম্বৰ কোনো লোকক নিদিব।
>> এনেধৰণৰ ভুৱা অনুৰোধ আহিলে ভাৱি–চিন্তি পদক্ষেপ লওক। যদি সন্দেহজনক ভুৱা ফোনকল বুলি সন্দেহ হৈছে তেন্তে সেই অনুৰোধ প্ৰত্যাখ্যান কৰক।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|