ব্যক্তিগত খণ্ডৰ বেংক ICICI এ গ্ৰাহক সকলক দিছে এটা বেয়া খবৰ। বেংকৰ ফালৰ পৰা জাৰি কৰা নতুন নিয়মাৱলী অনুসৰি Zero Balance ৰ একাউণ্ট হ’ল্ডাৰ সকলে ১৬ অক্টোবৰৰ পৰা বেংকৰ শাখাৰ পৰা Cash Withdrawal ৰ বাবদ ১০০ ৰ পৰা ১২৫ টকা শুল্ক হিচাপে দিব লাগিব। সেইদৰে বেংক শাখাৰ মেছিনৰ জৰিয়তে Cash জমা কৰাৰ সময়তো ভৰিব লাগিব অতিৰিক্ত শুল্ক।
যোৱা শুকুৰবাৰে ICICI বেংকে ‘Zero Balance’ ৰ একাউণ্ট হ’ল্ডাৰক জনাইছে যে, ‘ আমি আমাৰ গ্ৰাহক সকলক বেংকিং ‘Transaction’ ডিজিটেল মাধ্যমৰ সহায়ত কৰিবলৈ অনুৰোধ জনাও, যাৰ ফলত ডিজিটেল ইণ্ডিয়াৰৰ ক্ষেত্ৰখনো কিছু আগবাঢিব’।
উল্লেখযোগ্য যে, বেংকে ম’বাইল বেংকিং বা ইণ্টাৰনেট বেংকিংৰ জৰিয়তে NEFT, RTGS তথা UPI Transaction ত আৰূপ কৰা শুল্ক একেবাৰে নাইকীয়া কৰি দিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|