• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ICICI-Axis বেংকৰ গ্ৰাহকৰ কাৰণে দুঃখবৰ, টকা জমা কৰোতেও দিব লাগিব ইমান চাৰ্জ!

ICICI-Axis বেংকৰ গ্ৰাহকৰ কাৰণে দুঃখবৰ, টকা জমা কৰোতেও দিব লাগিব ইমান চাৰ্জ!

প্ৰতীকী ফটো

প্ৰতীকী ফটো

প্ৰাইভেট চেক্টৰৰ ICICI Bank আৰু Axis Bank–এ গ্ৰাহকক দিছে এক দুঃখবৰ। বেংকে জনোৱা মতে এতিয়াৰ পৰা নন–বিজনেচ আৱাৰ্ছ আৰু ছুটীৰ দিনত কেচ ৰিচাইকলাৰ আৰু কেচ ডিপ’জিট মেচিনৰ জৰিয়তে টকা জমা কৰোতে ফীজ দিব লাগিব।

  • Share this:
নতুন দিল্লীঃ প্ৰাইভেট চেক্টৰৰ ICICI Bank আৰু Axis Bank–এ গ্ৰাহকক দিছে এক দুঃখবৰ। বেংকে জনোৱা মতে এতিয়াৰ পৰা নন–বিজনেচ আৱাৰ্ছ আৰু ছুটীৰ দিনত কেচ ৰিচাইকলাৰ আৰু কেচ ডিপ’জিট মেচিনৰ জৰিয়তে টকা জমা কৰোতে ফীজ দিব লাগিব। CNBC TVৰ ৰিপ’ৰ্ট মতে যদি আপুনি ছুটীৰ দিন বা বেংকৰ সময়ৰ বাহিৰে কেচ ৰিচাইকলাৰ আৰু কেচ ডিপ’জিট মেচিনৰ ব্যৱহাৰ কৰিছে তেনেহ’লে গ্ৰাহকে সুবিধা শুল্ক হিচাপে ৫০টকা আদায় দিব লাগিব।

বেংকৰ নটিফিকেচন মতে, ICICI Bank–এ ছুটীৰ দিন আৰু ৱৰ্কিং ডেজত সন্ধিয়া ৬বজাৰ পৰা পুৱা ৮বজালৈকে গ্ৰাহকৰ পৰা সুবিধা শুল্ক হিচাপে ৫০টকা আদায় ল’ব।

এইসমূহ একাউণ্টত নালাগে চাৰ্জ
CNBC TVৰ ৰিপ’ৰ্ট মতে, বেংকে জনাইছে যে চিনিয়ৰ চিটিজেন্স, বেচিক চেভিংছ বেংক একাউণ্ট, জনধন একাউণ্টছ, অক্ষম আৰু দৃষ্টিশক্তিহীন একাউণ্ট আৰু ষ্টুডেণ্টৰ একাউণ্টছৰ পৰা কোনো ধৰণৰ চাৰ্জ নলয়।

ৰিপ’ৰ্ট মতে, বেংক অৱ বৰোদাইও ১নৱেম্বৰৰ পৰা নিজৰ গ্ৰাহকৰ পৰা নিৰ্ধাৰিত সীমাতকৈ অধিক লেন–দেনৰ কাৰণে শুল্ক আদায় লোৱা কৰিছে। বেংকে জনোৱা মতে কাৰেণ্ট একাউণ্ট/অভাৰড্ৰাফট/চিচিৰে বেচ ব্ৰাঞ্চ, লোকেল নন বেচ ব্ৰাঞ্চ আৰু আউটষ্টেশ্যন ব্ৰাঞ্চৰ জৰিয়তে মাহত ৩বাৰলৈকে কেচ উলিওৱা ফ্ৰী। চতুৰ্থবাৰৰ পৰা ১৫০টকা চাৰ্জ লাগিব প্ৰতিটো ট্ৰানজেকশ্যনত।

BoB–এ টকা জমা কৰাৰ ওপৰতো লগালে চাৰ্জ

কাৰেণ্ট একাউণ্ট/অভাৰড্ৰাফট/কেচ ক্ৰেডিট/অন্য একাউণ্টছৰ কাৰণে লোকেল নন বেচ ব্ৰাঞ্চত ১ নৱেম্বৰৰ পৰা কেচ হেণ্ডলিং চাৰ্জ, প্ৰতিদিন প্ৰতি একাউণ্টত ১লাখ টকাতকৈ অধিক কেচ জমা কৰাৰ ক্ষেত্ৰত প্ৰতি ১০০০টকাত ১টকা হ’ব।

আনহাতে এক্সিচ বেংকেও এইবছৰৰ ১ আগষ্টৰ পৰা সুবিধা শুল্ক আৰোপ কৰিছে। বেংকিং আৰু ৰাষ্ট্ৰীয় আৰু বেংকৰ ছুটীৰ পিছত নগদ জমা লেনদেনৰ ক্ষেত্ৰত ৫০টকা সুবিধা শুল্ক লয়।

তিনিবাৰ বিনামূলীয়া হ’ব টকা উলিওৱা

ৰিপ’ৰ্ট মতে, এমাহত তিনিবাৰ টকা উলিওৱা বিনামূলীয়া হ’ব কিন্তু ইয়াৰ পিছত ১৫০টকা ফ্লেট শুল্কত টকা উলিওৱাৰ ক্ষেত্ৰত নিয়ম। সেইদৰে এমাহত তিনিবাৰ টকা জমা বিনামূলীয়া হ’ব কিন্তু ইয়াৰ পিছত প্ৰত্যেক লেন দেনত ৪০টকাৰ শুল্ক দিব লাগিব।
First published: