সম্পৰ্ক কেৱল যৌনতাতে আবদ্ধ থাকিব নে আগুৱাব? কিদৰে বুজিব, ক’লে বিশেষজ্ঞই

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:46 PM IST
সম্পৰ্ক কেৱল যৌনতাতে আবদ্ধ থাকিব নে আগুৱাব? কিদৰে বুজিব, ক’লে বিশেষজ্ঞই
এই সমস্যাৰ আটাইতকৈ বেছি মুখামুখি হয় যুৱতীসকল, কিয়নো তেওঁলোকক সুযোগ ল’বলৈ বহু পুৰুষে সুযোগ বিচাৰি থাকে। অপ্ৰিয় হ’লেও এয়াই সামাজিক সত্য।

এই সমস্যাৰ আটাইতকৈ বেছি মুখামুখি হয় যুৱতীসকল, কিয়নো তেওঁলোকক সুযোগ ল’বলৈ বহু পুৰুষে সুযোগ বিচাৰি থাকে। অপ্ৰিয় হ’লেও এয়াই সামাজিক সত্য।

  • Share this:
আমাৰ সমাজত যৌনতাক লৈ যিসকলৰ মনোভাৱ আৰু আচৰণ খোলা, তেওঁলোকে প্ৰায়েই এক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সম্পৰ্কৰ আনফালে যিজন থাকে, তেওঁ আনজনক কিদৰে গ্ৰহণ কৰিছে, তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হয় বহু সময়ত। ইয়াৰ ফলত সেই মানুহজনে সঁচাই ভাল পায় নে চাহিদা কেৱল যৌনতাতে সীমাবদ্ধ আছে, সেয়া বুজিবলৈ বহু সময় লাগি যায়। এই সমস্যাৰ আটাইতকৈ বেছি মুখামুখি হয় যুৱতীসকল, কিয়নো তেওঁলোকক সুযোগ ল’বলৈ বহু পুৰুষে সুযোগ বিচাৰি থাকে। অপ্ৰিয় হ’লেও এয়াই সামাজিক সত্য।

এই সম্পৰ্কে বিশেষজ্ঞ পল্লৱী বাৰ্নৱালে এগৰাকী পাঠিকাৰ চিঠিৰ সূত্ৰ ধৰি এই সমস্যাক লৈ আলোচনা কৰিছে। সেই পাঠিকাগৰাকীয়ে জনাইছে যে তেওঁ বুজিব পৰা নাই কোনে তেওঁক কেৱল ব্যৱহাৰ কৰিব শাৰীৰিকভাৱে আৰু কোনে যৌনতাৰ বাহিৰেও টিকি থাকিব। পল্লৱী বাৰ্নৱালে কি কৈছে চাওক।

প্ৰথমে পল্লৱীয়ে আলোচনা কৰিছে এই ব্যৱহৃত হোৱা দিশটোক লৈ। তেওঁ স্পষ্টকৈ জনাইছে যে আমাৰ সন্মতি অবিহনে কোনেও আমাক ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে, আন পক্ষৰ মানুহজনক লৈ যদি কোনো সন্দেহ থাকে, তেন্তে মুখ খুলিব লাগিব। তেওঁৰ আচৰণৰ প্ৰতিবাদ কৰিব লাগিব। সহজভাৱে ক’লে তেওঁক একপক্ষীয় সুযোগ লোৱাৰ পৰা আঁতৰাব লাগিব। এইক্ষেত্ৰত পন্থা এটাই – যাক সুবিধাবাদীৰ দৰে ভাৱ হৈছে, তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্কলৈ যোৱাৰ কোনো কাৰণ নাই। অন্যথা সি আমাৰ মানসিক স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব।

পিছত পল্লৱীয়ে আলোচনা কৰিছে কিদৰে সম্পৰ্ক যৌনতাৰ বাহিৰেও টিকি থাকিব নে নাই তাক লৈ। তেওঁৰ দাবী, এইক্ষেত্ৰত যৌনতালৈ নগৈ বিপৰীত লোকজনক অলপ বুজি চালেই হয়! তেওঁৰ সৈতে কফি বা ডিনাৰ ডেটত যাওঁক, নানা বিষয়ক লৈ কথা পাতক। যদি তেওঁৰ সম্পৰ্কে কিবা জানিবলগীয়া থাকে, সেয়া সোধক। যদি দেখা যায় যে লোকজনে এই সকলো কথোপকথন এৰাই চলিব বিচাৰিছে, তাৰ পৰাই সম্পৰ্কৰ ভৱিষ্যৎ স্পষ্ট হৈ যাব। অৰ্থাৎ তেওঁ যৌনতাৰ বাহিৰে আৰু একো নিবিচাৰে সেয়া স্পষ্ট হৈ যাব। সেইদৰে পদক্ষেপ ল’লেই এই সমস্যা নাথাকিব বুলি জনাইছে পল্লৱীয়ে। অৱশ্যে তাৰ আগত নিজে শক্তিশালী হ’ব লাগিব বুলিও কয় বিশেষজ্ঞগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: March 9, 2021, 9:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি