মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Viral Video: কিডনী বিক্ৰী কৰি পত্নীৰ বাবে আইফোন কিনিলে স্বামীয়ে! তাৰ পিছত যি হ'ল, ভাইৰেল ভিডিঅ'

Viral Video: কিডনী বিক্ৰী কৰি পত্নীৰ বাবে আইফোন কিনিলে স্বামীয়ে! তাৰ পিছত যি হ'ল, ভাইৰেল ভিডিঅ'

News18 Assam | News18-Assam
Updated:September 7, 2021, 8:54 AM IST
Viral Video: কিডনী বিক্ৰী কৰি পত্নীৰ বাবে আইফোন কিনিলে স্বামীয়ে! তাৰ পিছত যি হ'ল, ভাইৰেল ভিডিঅ'
Viral video: আইফোনক লৈ পতি-পত্নীৰ মাজৰ কাজিয়াৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে...

Viral video: আইফোনক লৈ পতি-পত্নীৰ মাজৰ কাজিয়াৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে...

  • Share this:
আজিকালি মানুহৰ আয়তকৈ চখ বহুত ডাঙৰ হ'ল, ঠিক যেন-হাতত নাই কণটো বৰ সবাহলৈ মনটো। খাবলৈ একো নাথাকিলেও হাতত আইফোন বা দামী মোবাFল এটা লাগিবই। এক কথাত ষ্টেটাছ ছিম্বল বুলিওটো কথা এট আছে! পিছে এই সামাজিক ষ্টেটাছ ৰক্ষা কৰিব যাওতেই সংঘটিত হৈছে নানা অসমাজিক কাণ্ড। আনকি কিডনী (Kidney) বিক্ৰী কৰিও আইফোন (IPhone) কিনাৰ দৰে অবিশ্বাস্য ঘটনা ঘটিছে আজিৰ এই প্ৰতিযোগিতাৰ দুনীয়াত। অলপতে চীনৰ এজন ২২ বছৰীয়া যুৱকে ঘৰৰ মানুহে গম নোপোৱাকৈ নিজৰ কিডনী বিক্ৰী কৰি আইফোন কিনিছিল। পিছত যুৱকজন ইমানেই অসুস্থ হৈ পৰে যে মৃত্যুক আঁকোৱালি লয়। এনে ঘটনা আমাৰ দেশতো ঘটিব ধৰিছে। অসমত শেহতীয়াকৈ কিডনী কাণ্ডই ৰাজ্য জোকাৰি গৈছিল। বহুতেই সন্তানক দিবলৈ বা নিজৰ বাবেও দামী মোবাইল-বাইক আদি কিনিবলৈ মাইক্ৰোফাইনেন্সৰ পৰা ঋণ লৈ সৰ্বস্বান্ত হোৱাৰ দৰে ঘটনাও ঘটিছে। মুঠতে সমাজত নিজকে ভব্য-গব্য দেখুৱাবলৈ যে একোৰেই ত্ৰুটি নকৰিব এইসকল লোকে! শেহতীয়াকৈ ভাইৰেল (Viral Video) হৈছে এনে এটা ভিডিঅ'।

এই ভিডিঅ'টোত দেখা গৈছে এহাল পতি-পত্নীৰ মাজত তুমুল কাজিয়া। কাজিয়াৰ কাৰণ এটা আইফোন। ঘৈণীয়েকক মুঠতে যি কোনো মূল্যৰ বিনিময়ত এটা আইফোন লাগেই। লাগে মানে লাগেই! পিছে স্বামীৰ উপাৰ্জন ইমানো নহয় যে লাগ বুলিলেই আইফোন এটা আনি দিব পাৰে। পিছে পত্নী ইমানেই নাচোৰবান্দা যে উপায নাপাই নিজৰ কিডনী বিক্ৰী কৰি আইফোন লৈ আহিল ঘৰলৈ। আইফোন হাতত পাই ঘৈণীয়েকে যেন সমগ্ৰ সংসাৰৰ সুখহে বিচাৰি পালে। কিন্তু এই সুখ বেছি পৰ নাথাকিল। কাৰণ যেতিয়া দেখিলে স্বামীৰ দেহত বেণ্ডেজ তেতিয়াই হুচ উৰি গ'ল পত্নীৰ। স্বামীয়ে যেতিয়া ক'লে আইফোন কিনিবলৈ কিডনী বিক্ৰীৰ  কথা আকৌ খঙত এইবুলি ৰণচণ্ডী ৰূপ ধৰিলে পত্নীয়ে যে কোনে কৈছিল কিডনী বিক্ৰী কৰিবলৈ!

পিছে কিডনী বিক্ৰীৰ এইটো সত্য ঘটনা নহয়, নাটকহে কৰিছিল স্বমীগৰাকীয়ে আৰু ৰেকৰ্ড কৰিছিল ভিডিঅ'টো। সমাজ সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে এই ভিডিঅ'টো। এই ভিডিঅ'টো ছচিয়েল মিডিয়াত দিয়াৰ লগে লগে ভাইৰেল হৈ পৰে। বহুতেই ভিডিঅ'টোত কমেণ্ট কৰিছে-'আৰু লাগিবনে আইফোন!'
Published by: Manjumoni Borah
First published: September 7, 2021, 8:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি