এটা দুটা নহয়, ২০০ শিশুৰ মাতৃ এইগৰাকী মহিলা

অন্ধকাৰ কোঠাত আবদ্ধ কৰি ৰাখিছিল নিজকে, আজি ২০০ শিশুৰ চোৱাচিতা কৰিছে প্ৰীতি ফৌজদাৰে

news18assam
Updated:April 16, 2019, 6:58 PM IST
এটা দুটা নহয়, ২০০ শিশুৰ মাতৃ এইগৰাকী মহিলা
প্ৰীতি ফৌজদাৰ
news18assam
Updated: April 16, 2019, 6:58 PM IST
"সেই সময়ত মই হতাশগ্ৰস্ততাত ভুগিছিলো। কোঠাতে নিজকে আবদ্ধ কৰি ৰাখিছিলো। আন্ধাৰত থাকি ভাল পাইছিলো। একোৱেই ভাল লগা নাছিল। একো কৰিবলৈ মন যোৱা নাছিল। মনত এটা কথা আহিছিল কোনেও যাতে মোক লগ নকৰে আৰু ময়ো কাকো দেখা নকৰো। সকলো হাতৰ পৰা হেৰাই যোৱা যেন অনুভৱ হৈছিল মোৰ। জীয়া থকাৰ কোনো কাৰণ বিচাৰি পোৱা নাছিলো। পিছত মই স্বামীৰ সহায়ত ইয়াৰ পৰা পৰিত্ৰাণ লোৱাৰ সিদ্ধান্ত লৈছিলো। আজি মই ২০০ শিশুৰ মাতৃ। সিঁহতক পঢ়ুৱাইছো, জীৱনৰ পথত আগুৱাই নিছো।" এয়া উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰৰ প্ৰীতি ফৌজদাৰ নামৰ এগৰাকী মহিলাৰ কাহিনী। ‘য়ছ ভী কে’ন’ নামৰ এটা সংস্থা চলায় এই মহিলাগৰাকীয়ে। লগতে দুখন স্কুলৰ ছাত্ৰ–ছাত্ৰীৰ প্ৰতিপালনৰ দায়িত্ব পালন কৰিছে এইগৰাকী মহিলাই। প্ৰীতিৰ কথাৰে শুনক তেওঁৰ কাহিনী।

স্কুলত থকা মুহূৰ্তত প্ৰীতি ফৌজদাৰ


২০০৭ চনত বিবাহৰ পিছত মই কেৰিয়াৰ বাদ দিবলগা হৈছিল। আচলতে মই সাংবাদিক আছিলো আৰু মোৰ স্বামী ভাৰতীয় সেনাৰ কৰ্ণেল। তেওঁৰ সৈতে থকাৰ বাবেই মই মোৰ কেৰিয়াৰ এৰিবলগীয়া হৈছিল। অৱশ্যে মোৰ স্বামী আৰু শাহু–শহুৰে কেতিয়াও মোক চাকৰি কৰিবলৈ বাধা দিয়া নাছিল। তেওঁলোকে সদায় মোক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল। কিন্তু স্বামীৰ এনেধৰণৰ চাকৰিৰ বাবে মই কেবল শিক্ষকতাৰ দৰে বৃত্তিতহে থাকিব পাৰিছিলো। সেইবাবে মই সেই চাকৰি এৰিবলগীয়া হৈছিল। কিন্তু মই অনুমান কৰিব পৰা নাছিলো যে এয়া মোৰ জীৱনৰ বাবে আটাইতকৈ ডাঙৰ বিপদ মাতি আনিব।

য়ছ ভি কে’ন সংস্থাৰ দৃশ্য


কেৰিয়াৰ এৰি দিয়াৰ পিছত স্বামীৰ পোষ্টিং কাশ্মীৰত হৈছিল। য’ত প্ৰতিদিনে কিবা নহয় কিবা এটা ঘটনা ঘটিয়ে থাকে। সেয়া এনেকুৱা এখন ঠাই, য’ত মানুহে জীৱনটো হাতত লৈ ফুৰিবলগীয়া হয়। দুদিনৰ মূৰে মূৰে কোনোৱে কয় যে এইগৰাকী জোৱান শ্বহীদ হ’ল। এনেধৰণৰ খবৰবোৰেই বাতৰি কাকতৰ শিৰোনাম দখল কৰিছিল। টিভিৰ ব্ৰেকিং নিউজ হৈছিল। মোৰ জীয়াই থকাটো অসহ্যকৰ হৈ পৰিছিল।

এইবোৰ কাৰণতে মই হতাশগ্ৰস্ততাত ভুগিছিলো। নিজকে মই আন্ধাৰ কোঠাত বন্দী কৰিছিলো। মানুহৰ সৈতে মাত–বোল বন্ধ কৰি দিছিলো। স্বামী আৰু মোৰ পৰিয়ালৰ কোনেও জনা নাছিল মই এনেকুৱা কিয় কৰিছো। ইফালে মই নিজেও তেওঁলোকক ক’ব পৰা নাছিলো মোৰ কি হৈছে। মোৰ এনেকুৱা লাগিছিল যে মোৰ জীৱনত এতিয়া আৰু একো নাই। মই একোৱেই কৰিব নোৱাৰিম। সলকলোৱে মোৰ অৱস্থা দেখি চিন্তিত হৈছিল।

মোৰ স্বামীয়ে মোৰ সাহস বঢ়ালে আৰু এই পৰিস্থিতিৰ পৰা মুক্ত হোৱাৰ বাবে উৎসাহ যোগালে। তেওঁ মোক বহু বুজাইছিল। তাৰ পিছত মই তেওঁক কৈছিলো যে মই শিশুসকলৰ বাবে কিবা এটা কৰিব বিচাৰো। মই সিঁহতক পঢ়ুৱাব বিচাৰো। এই কথা শুনি মোৰ স্বামীৰ মুখত হাঁহি বিৰিঙিছিল। তাৰ পিছত মই নিজৰ চহৰ আগ্ৰাত কেইবাটাও শিশুক পঢ়ুৱাবলৈ আৰম্ভ কৰি দিলো।

মই জোতা চিলাই কৰা শিশুসকলক বাচি লৈছিলো। আচলতে মোৰ দেউতাৰো জোতাৰ দোকান আছিল। সেয়েহে মই জোতাই চিলাই কৰা লোক থকা বস্তি বাচনি কৰি লৈছিলো। মই তাৰ শিশুবোৰক কাম বাদ দিয়াই স্কুললৈ পঠিয়াবলৈ ধৰিলো। লগতে কিছুসংখ্যক শিশুক মই নিজেও পঢ়ুৱাইছিলো। এইদৰে লাহে লাহে মোৰ কাম আৰম্ভ হৈছিল। মোৰ স্বামীৰ পোষ্টিং মেৰথত হোৱাৰ সময়ত মই মোৰ কাম আৰম্ভ কৰিছিলো। সেই সময়ত মই মাহত তিনি চাৰিবাৰ ইয়ালৈ আহিছিলো। মোৰ কাম কৰি পুনৰ উভতি গৈছিলো।

এনেদৰে এবছৰ কাম কৰাৰ পিছত মই এটা সংস্থা গঠন কৰিলো আৰু তাৰ নাম দিলো ‘য়ছ ভি কে’ন’। এয়া মই স্বামী আৰু তেওঁৰ সৈতে কাম কৰা জোৱানৰ সহায়ত গঠন কৰিছিলো। তেওঁলোকে মোক আৰ্থিকভাৱে সহায় কৰিছিল। এতিয়া মই শিশু শ্ৰমৰ সৈতে বাল্য বিবাহৰ বিৰুদ্ধেও কাম কৰো।

ইয়াৰ উপৰি মই দুখন স্কুল প্ৰতিপালনৰ দায়িত্ব লৈছো। এই স্কুল দুখন পুনৰনিৰ্মাণ কৰাই পৰিৱেশ সলনি কৰিছিলো। এতিয়া মই ২০০ৰো অধিক শিশুক প্ৰতিপালন কৰি আছো। এয়াৰ মোৰ বাবে ইমান সহজ নাছিল, কিয়নো মই যিসকল শিশুক পঢ়ুওৱাৰ দায়িত্ব লৈছিলো, সেই শিশুসকল সিঁহতৰ ঘৰৰ উপাৰ্জন কৰোতা আছিল।

সেইবাবে সিঁহতৰ পিতৃ–মাতৃক শিশুক পঢ়ুৱাবলৈ সন্মত কৰোৱাটো বৰ কষ্টসাধ্য আছিল। অভিভাৱকসকলে ভাবিছিল, যদি তেওঁলোকৰ শিশুৱে উপাৰ্জন নকৰে তেন্তে ঘৰ কেনেকৈ চলিব। সেইদৰে বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰতো অভিভাৱকসকলক বুজনি দিয়া সহজ নাছিল। কাৰণ এইসকল ছোৱালী প্ৰতিটো পৰিয়ালৰ বাবে আছিল বোজাস্বৰূপ। এটা সময়ত তেওঁলোকে মোৰ কথা বুজিছিল। সেইবাবেই আজি ২৩ গৰাকী যুৱতীক বাল্যবিবাহৰ পৰা ৰক্ষা কৰিব পাৰিছো।
আৰু চাওক পৰৱৰ্তী বাতৰি