• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কৰ্মচাৰীসকলৰ সুখৰ দিন সমাগত! সপ্তাহত মাত্ৰ চাৰিদিন কাম কৰাৰ নীতিত অনুমোদন দিব কেন্দ্ৰই! জানক সবিশেষ

কৰ্মচাৰীসকলৰ সুখৰ দিন সমাগত! সপ্তাহত মাত্ৰ চাৰিদিন কাম কৰাৰ নীতিত অনুমোদন দিব কেন্দ্ৰই! জানক সবিশেষ

প্ৰতীকী ফটো

প্ৰতীকী ফটো

  • Share this:
শীঘ্ৰেই কোম্পানীসমূহে নিজৰ ইচ্ছামতে সপ্তাহত মাত্ৰ চাৰিদিন কাম কৰাৰ অনুমতি কৰ্মচাৰীসকলৰ প্ৰদান কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই দীঘলীয়া ছিফটৰে সপ্তাহত কৰ্ম দিনৰ সংখ্যা চাৰি দিনলৈ হ্ৰাস কৰাৰ বিকল্প প্ৰদান কৰিব কোম্পানীসমূহক। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সোনকালে এইক্ষেত্ৰত নিয়ম চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে।

শ্ৰম সচিব অপূৰ্ব চন্দ্ৰই কয়, এই নিয়ম অনুসৰি সাপ্তাহিক ৪৮ ঘণ্টাৰ কামৰ সীমা থাকিব যদিও কোম্পানীয়ে প্ৰতি সপ্তাহত ১২ ঘণ্টীয়া দৈনিক ছিফটেৰে চাৰিটা কৰ্মদিন, ১০ঘণ্টীয়া ছিফটেৰে ৫টা কৰ্মদিন বা ৮ঘণ্টাৰ ছিফটেৰে ৬টা কৰ্মদিন কৰ্মচাৰীসকলক দিব পাৰিব। এইক্ষেত্ৰত কোম্পানীয়ে চাৰি দিনীয়া কৰ্মসপ্তাহত তিনি দিনৰ বিৰতি, ৫দিনৰ কৰ্মসপ্তাহত দুটা দিনৰ বিৰতি কৰ্মচাৰীসকলক দিব লাগিব পৰৱৰ্তী কৰ্মসপ্তাহ আৰম্ভ হোৱাৰ আগত।

‘আমি কৰ্মচাৰী বা নিয়োগকৰ্তাসকলক এয়া মানিবলৈ জোৰ কৰা নাই। ইয়ে এক নমনীয় ব্যৱস্থা প্ৰদান কৰিব। পৰিৱৰ্তিত কৰ্ম সংস্কৃতিৰ সৈতে মিলিব পৰাকৈ এইটো এটা উত্তম ব্যৱস্থা।’ অপূৰ্ব চন্দ্ৰই কয়।

উল্লেখযোগ্য যে, কোম্পানীয়ে কৰ্মসপ্তাহ নিৰ্ধাৰণৰ নতুন নিয়ম ৰূপায়ণৰ পিছত এয়া বলৱৎ কৰিবলৈ বেলেগকৈ চৰকাৰী অনুমতি ল’ব নালাগে। কৰ্মচাৰীসকলৰ অনুমোদন মতে নিজাকৈ ব্যৱস্থা ৰূপায়ন কৰিব পাৰিব।

এই নতুন ব্যৱস্থা লেবাৰ ক’ডৰ অধীনস্থ হ’ব আৰু আৰম্ভ হোৱাৰ পিছত কৰ্মচাৰীসকলে চাহিদা, উদ্যোগ আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৮ ৰ পৰা ১২ ঘণ্টাৰ কৰ্মদিন বাছনি কৰাৰ স্বাধীনতা পাব। ইয়াৰ ফলত কোম্পানীসমূহৰ কাৰ্যালয়ৰ ভাড়া হ্ৰাস হোৱাৰ লগতে  কৰ্মচাৰীসকলৰ মাজত উৎপাদনশীলতা বৃদ্ধিৰো আশা কৰা হৈছে।

নতুন ব্যৱস্থাই কৰ্মচাৰীসকলক কৰ্মচাপৰ পৰা মুক্তি দি অধিক অৱসৰৰ দিন কটোৱাৰ সুযোগ প্ৰদান কৰিব। ফলত তেওঁলোকৰ উৎসাহ বৃদ্ধি পোৱাৰ আশা।

মানৱ সম্পদ প্ৰতিষ্ঠান এক্সফেনোৰ মতে, এই নিয়মে তথ্য প্ৰযুক্তি আৰু শ্বেয়াৰড সেৱাৰ দৰে খণ্ডসমূহক উপকৃত কৰিব। বেঙ্কিং আৰু বিত্তীয় সেৱা উদ্যোগত, ২০-৩০% লোকে চাৰি বা পাঁচ দিনৰ বাবে দীঘলীয়া কামৰ সময়ৰ টেমপ্লেট ব্যৱহাৰ কৰিব পাৰে আৰু দীঘলীয়া বিৰতি উপভোগ কৰিব পাৰে।

বিদেশী প্ৰতিষ্ঠানসমূহে এই নিয়ম নিশ্চয়কৈ গ্ৰহণ কৰিব কিয়নো ই এটা মূৰত তেওঁলোকৰ নিৰ্মাণ খণ্ড ব্যৱসায়ৰ ব্যয় হ্ৰাস কৰিব আৰু আনটো সময়ত শ্ৰমিকসকলৰ উৎপাদনশীলতা উন্নত কৰিব। আনহাতে আন একাংশৰ মতে এই নিয়মে কৰ্মচাৰী আৰু কোম্পানী দুয়োটাকে লাভাম্বিত কৰিব। অৱশ্যে, ইয়াৰ বিপৰীতে কিছু বিশেষজ্ঞই মন্তব্য প্ৰকাশ কৰে যে ইয়াৰ ফলত তিনিদিনৰ পৰিৱৰ্তে এটা দিনৰ কাম দুটা শ্বিফটলৈ ৰূপান্তৰিত হ’ব পাৰে আৰু এনে কৰাৰ ফলত নিয়োগৰ সুযোগ হ্ৰাস হ’ব পাৰে।
First published:

শেহতীয়া বাতৰি