২.৫ নিযুত বছৰ আগতে আফ্ৰিকাত উদ্ভৱ হোৱা হোমো প্ৰজাতিৰ পৰা আধুনিক মগজুৰ বিকাশ হৈছিল আৰু তেওঁলোকে পোন হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল ৷ ২.৫ নিযুত বছৰ আগতে আফ্ৰিকাত উদ্ভৱ হোৱা হোমো প্ৰজাতিৰ পৰা আধুনিক মগজুৰ বিকাশ হৈছিল আৰু তেওঁলোকে পোন হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল ৷ আমি সন্মুখীন হোৱা আটাইতকৈ আকৰ্ষণীয় প্ৰশ্নবোৰৰ ভিতৰত এটা হ'ল, আধুনিক মানৱ মগজু কেতিয়া আৰু ক'ত বিকশিত হৈছিল ? প্ৰায় ২.৫ নিযুত বছৰ পূৰ্বে আফ্ৰিকাত উদ্ভৱ হোৱা হোমো প্ৰজাতিৰ প্ৰথম জনসংখ্যাৰ পৰা মগজুৰ উৎপত্তি হৈছিল ৷ কিন্তু তেওঁলোকৰ মগজু আছিল সৰু অৰ্থাৎ আমাৰ আকাৰৰ প্ৰায় আধা আৰু তেওঁলোকে পোন হৈ খোজ কাঢ়িছিল ৷ এই সকলো উত্তৰ বিচাৰিয়েই চুইজাৰলেণ্ডৰ জুৰিখ বিশ্ববিদ্যালয়ৰ (UZH) গৱেষকৰ এটা আন্তৰ্জাতিক দলে যথেষ্ট সময় আৰু শক্তি ব্যয় কৰিছিল।
তেওঁলোকে গৱেষণাৰ অন্তত অৱশেষত এই সিদ্ধান্তত উপনীত হৈছিল যে আধুনিক মানৱ মগজু প্ৰায় ১.৭ নিযুত বছৰ আগতে আফ্ৰিকাত বিকশিত হৈছিল, সেই সময়ত যেতিয়া বিলুপ্ত মানৱ হোমোইৰেক্টাছ প্ৰথমবাৰৰ বাবে দেখা গৈছিল আৰু আফ্ৰিকাত শিলৰ সঁজুলিৰ সংস্কৃতি ক্ৰমান্বয়ে জটিল হৈ পৰিছিল। হোমোইৰেক্টাছ প্ৰজাতিটো আছিল আফ্ৰিকাৰ পৰা প্ৰব্ৰজন কৰা প্ৰথম জনাজাত হোমিনিন, যি যোগাযোগ আৰু চিকাৰ বা খাদ্য সংগ্ৰহৰ দৰে জ্ঞানীয় কামত পাৰদৰ্শী আছিল। গৱেষকসকলেও এই সিদ্ধান্তত উপনীত হৈছে যে সাধাৰণ মানুহৰ মগজু আফ্ৰিকাৰ পৰা এছিয়ালৈ দ্ৰুতগতিত বিয়পি পৰিছিল ।
জাৰ্নেল চাইন্সত প্ৰকাশিত অধ্যয়ন অনুসৰি, ক্ৰিষ্টফ জলিকোফাৰ আৰু মাৰ্চিয়া পন্স ডি লেয়নৰ নেতৃত্বত UZHৰ দলে ১ৰ পৰা ২ নিযুত বছৰ পূৰ্বে আফ্ৰিকা আৰু এছিয়াত বাস কৰা হোমো জীৱাশ্মৰ খোলাবোৰ পৰীক্ষা কৰিছিল।
পৰীক্ষাৰ অন্তত লাভ কৰা ফলাফল সম্পৰ্কত জলিকোফাৰে কয়, “আমাৰ বিশ্লেষণে সূচায় যে আধুনিক মানৱ মগজুৰ গাঁথনি মাত্ৰ ১.৫ ৰ পৰা ১.৭ নিযুত বছৰ আগতে আফ্ৰিকান হোমো জনসংখ্যাতহে উৎপত্তি হৈছিল”
ইপিনে নৃতত্ত্ববিদ পন্স ডি লেয়নে কয়, “মানুহৰ বাবে সাধাৰণ বৈশিষ্ট্যবোৰ হৈছে মুখ্যতঃ সেইবোৰ, যিবোৰ চিন্তা আৰু কাৰ্যৰ জটিল আৰ্হিৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰাৰ বাবে দায়ৱদ্ধ, আৰু শেষত ভাষাৰ বাবেও দায়ৱদ্ধ।"
গৱেষকসকলে বিশ্বাস কৰে যে সম্ভৱতঃ জৈৱিক আৰু সাংস্কৃতিক বিৱৰ্তনৰ সম্পৰ্ক আছে । পন্স দে লেয়নে লগতে কয় যে এই সময়ছোৱাত মানৱ ভাষাৰ প্ৰাচীনতম প্ৰকাৰবোৰো বিকশিত হোৱাৰ সম্ভাৱনা আছে ।
UZH দলে ১ৰ পৰা ২ নিযুত বছৰ পূৰ্বে আফ্ৰিকা আৰু এছিয়াত বাস কৰা হোমো জীৱাশ্মৰ খোলাবোৰ পৰীক্ষা কৰিবলৈ কম্পিউটেড টমোগ্ৰাফী ব্যৱহাৰ কৰিছিল, আৰু জীৱাশ্ম তথ্যক বান্দৰ সদৃশ প্ৰাণী আৰু মানুহৰ প্ৰসংগ তথ্যৰ সৈতে তুলনা কৰিছিল ।
Published by: Kokil Sarma
First published: April 13, 2021, 14:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|