এতিয়া Aadhaar নম্বৰৰ পৰাও টকা উলিয়াব পাৰিব, কেৱল মনত ৰাখক এই চাৰিটা কথা

News18 Assam | News18-Assam
Updated:October 19, 2020, 12:46 PM IST
এতিয়া Aadhaar নম্বৰৰ পৰাও টকা উলিয়াব পাৰিব, কেৱল মনত ৰাখক এই চাৰিটা কথা
আধাৰৰ সহায়তো আপুনি টকা উলিয়াব পাৰে। গ্ৰাহকে Aadhaar এনাবেল্ড পেমেণ্ট চিষ্টেম (AePS) চাৰ্ভিচৰ জৰিয়তে বেংকত জমা ৰখা টকা উলিয়াব পাৰে। বৰ্তমান দেশৰ কোটি কোটি লোকে এটিএম কাৰ্ড বা পিনৰ অবিহনে বেংকিং লেনদেন কৰি আছে।

আধাৰৰ সহায়তো আপুনি টকা উলিয়াব পাৰে। গ্ৰাহকে Aadhaar এনাবেল্ড পেমেণ্ট চিষ্টেম (AePS) চাৰ্ভিচৰ জৰিয়তে বেংকত জমা ৰখা টকা উলিয়াব পাৰে। বৰ্তমান দেশৰ কোটি কোটি লোকে এটিএম কাৰ্ড বা পিনৰ অবিহনে বেংকিং লেনদেন কৰি আছে।

  • Share this:
নতুন দিল্লীঃ আপোনাৰ ওচৰত আধাৰ কাৰ্ড আছে নে কি? যদি আছে তেনেহ’লে আপুনি টকাৰ কাৰণে চিন্তা কৰিব নালাগে। এতিয়া আপুনি আধাৰ কাৰ্ডৰ সহায়ত টকা উলিয়াব পাৰিব। কিন্তু ইয়াৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক থকাটো জৰুৰী।  গ্ৰাহকে Aadhaar এনাবেল্ড পেমেণ্ট চিষ্টেম (AePS) চাৰ্ভিচৰ জৰিয়তে বেংকত জমা ৰখা টকা উলিয়াব পাৰে। বৰ্তমান দেশৰ কোটি কোটি লোকে এটিএম কাৰ্ড বা পিনৰ অবিহনে বেংকিং লেনদেন কৰি আছে। 

ক’ৰ পৰা উলিয়াব পাৰিব টকা?
উল্লেখ্য যে এতিয়ালৈকে আপুনি নিজৰ এটিএম কাম ডেবিট কাৰ্ডৰ সহায়ত টকা উলিয়াইছিল চাগৈ। কিন্তু এতিয়া আপুনি আধাৰ কাৰ্ডৰ সহায়তো টকা উলিয়াব পাৰিব। আধাৰ আধাৰিত ATM মেচিনৰ সহায়ত আপুনি কেচ উলিয়াব পাৰিব।

কেচ উ‍লিওৱাৰ লগতে আপুনি কেচ ডিপ’জিট, বেলেন্স চেক কৰোৱা, মিনি ষ্টেটমেণ্ট উলিওৱা আৰু লোন আদায় দিয়া কাম কৰিব পাৰে। কেৱল ইমানেই নহয় পেন কাৰ্ড, কে ৱাইচি আৰু লোন বিতৰণৰ দৰে সুবিধাও দিয়া হ’ব।

আধাৰ AEPS কি?
আধাৰ আধাৰিক আদায়ক (AEPS) নেচনেল পেমেণ্ট কৰ্প’ৰেচন অৱ ইণ্ডিয়াই (NPCI) প্ৰস্তুত কৰিছে। ইয়াৰ জৰিয়তে বেংক আৰু বিত্তীয় সংস্থাসমূহে নিজৰ সেৱা প্ৰদান কৰিবলৈ আধাৰ নম্বৰ আৰু ইউআইডিএআইৰ অথ’নিটিকেশ্যনৰ ব্যৱহাৰ কৰিছে। ইয়াক আৰবিআইৰ মান্যতাও প্ৰদান কৰা হৈছে। এই ব্যৱস্থাত আপোনাৰ ফিংগাৰপ্ৰিণ্ট আৰু ম’বাইল নম্বৰে আপোনাৰ ডেবিট কাৰ্ডৰ দৰে কাম কৰে। ইয়াৰ কাৰণে আপোনাক পিন এণ্টাৰ কৰাৰো প্ৰয়োজন নাই।

Aadhaar মাইক্ৰ’ এটিএমৰ প্ৰয়োজনীয় কথা–

আধাৰ মাইক্ৰ’ এটিএমে সংশোধিত POS (পইণ্ট অৱ চেল) ডিভাইচৰ দৰে কাম কৰে। ইয়াৰ উদ্দেশ্য পিনলেচ বেংকিঙক উদ্গনি যোগোৱা। এইধৰণৰ ট্ৰানজেকশ্যনত কোনো ধৰণৰ চাৰ্জ নালাগে। এটিএমৰ দৰে ইয়াতো কেচ ই আৰু কেচ নহয় বৰঞ্চ আধাৰ মাইক্ৰ এটিএমক অপাৰেটৰৰ দ্বাৰা সঞ্চালিত কৰা হ’ব।

এই সুবিধা কোনে উঠাব পাৰে?

যদি আপুনি নিজৰ বেংক একাউণ্টক আধাৰৰ সৈতে লিংক কৰে তেনেহ’লে এই সুবিধা উঠাব পাৰিব। যদি নাই কৰা এতিয়ালৈ তেনেহ’লে নিজৰ ব্ৰাঞ্চত গৈ নিজৰ একাউণ্টক আধাৰৰ সৈতে লিংক কৰাব পাৰে।
First published: October 19, 2020, 12:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading