মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »ইণ্টাৰনেট নোহোৱাকৈ গুগল পে’, ফোন পে’ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? আপুনিও জানি লওক এই কিটিপ

ইণ্টাৰনেট নোহোৱাকৈ গুগল পে’, ফোন পে’ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? আপুনিও জানি লওক এই কিটিপ

সহজতে নেটৱৰ্ক নথকা স্থানৰ পৰাও আপুনি কৰিব পাৰিব ডিজিটেল লেনদেন। কিন্তু কেনেকৈ? এয়া সম্ভৱ জানো?

সহজতে নেটৱৰ্ক নথকা স্থানৰ পৰাও আপুনি কৰিব পাৰিব ডিজিটেল লেনদেন। কিন্তু কেনেকৈ? এয়া সম্ভৱ জানো?

সহজতে নেটৱৰ্ক নথকা স্থানৰ পৰাও আপুনি কৰিব পাৰিব ডিজিটেল লেনদেন। কিন্তু কেনেকৈ? এয়া সম্ভৱ জানো?

  • Share this:
বৰ্তমান ডিজিটেলৰ যুগ। সকলোতে এতিয়া ডিজিটেল ব্যৱস্থা। ধন লেনদেনৰ ক্ষেত্ৰতো সৰহসংখ্যক লোকেই ডিজিটেল পদ্ধতি অৱলম্বন কৰে। দোকান–পোহাৰ, বজাৰ–সমাৰ সকলোতে ডিজিটেল পেমেণ্ট কৰিবলৈ পছন্দ কৰে মানুহে। আৰু ডিজিটেল লেনদেনৰ বাবে ব্যৱহাৰ কৰে বিভিন্ন ম’বাইল পেমেণ্ট সেৱা। যেনে গুগল পে’, ফোন পে’ ইত্যাদি।

কিন্তু এই ডিজিটেল সেৱাসমূহ ব্যৱহাৰ কৰাৰ বাবে প্ৰয়োজন হয় ইণ্টাৰনেট সেৱাৰ। বহু সময়ত ইণ্টাৰনেট সেৱা নথকাৰ বাবে এই সেৱাসমূহ ব্যৱহাৰৰ পৰা বঞ্চিত হ’বলগীয়া হয়। দুৰ্বল নেটৱৰ্ক বা কিছুমান নেটৱৰ্ক নথকা স্থানত এই পেমেণ্ট এপসমূহ ব্যৱহাৰ কৰাত অসুবিধা হয় বা কৰিব নোৱাৰি।

কিন্তু আপুনি জানেনে, এক বিশেষ কৌশল অৱলম্বন কৰিলে ইণ্টাৰনেট অবিহনেও ব্যৱহাৰ কৰিব পাৰি এই এপ। সহজতে নেটৱৰ্ক নথকা স্থানৰ পৰাও আপুনি কৰিব পাৰিব ডিজিটেল লেনদেন। কিন্তু কেনেকৈ? এয়া সম্ভৱ জানো?

শেহতীয়াকৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই এটা ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰিছে। আৰু সেই ভিডিঅ’টোত এই কৌশলৰ বিষয়ে জনাইছে ইউটিউবাৰগৰাকীয়ে। ভিডিঅ’টোত জনোৱা অনুসৰি, ইয়াৰ বাবে ডায়েল কৰিব লাগিব *99#, কিন্তু আপুনি সেইটো ম’বাইলৰ পৰাহে এই নম্বৰটো ডায়েল কৰক, যিটো নম্বৰৰ ম’বাইলত আপোনাৰ ইউপিআই ছেভ হৈ আছে। অৱশ্যে জিঅ’ ছিমৰ পৰা এই পদ্ধতিটো অৱলম্বন কৰিব পৰা নাযাব বুলি কোৱা হৈছে ভিডিঅ’টোত। *99# ডায়েল কৰাৰ পিছত আপুনি ভাষা বাছনি কৰিব লাগিব। তাৰ পিছত আপুনি বেংকৰ একাউণ্টৰ IFSC নম্বৰৰ প্ৰথম চাৰিটা সংখ্যা বিচাৰিব। এইখিনি প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত আপুনি গুগল পে’, ফোন পে’ আদি এপৰ পৰা যালকৈ ধন লেনদেন কৰিব বিচাৰে সেয়া কৰিব পাৰিব।

চাওক ভিডিঅ’



(Disclaimer : এই লিখনি ছচিয়েল মিডিয়াৰ ভিডিঅ’ৰ আলমত প্ৰকাশ কৰা হৈছে। News18 অসমে এয়া নিশ্চিত নকৰে।)

শেহতীয়া বাতৰি