உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • চিন্তাৰ কাৰণ নাই, নিবনুৱাৰ বাবে সংস্থাপনৰ সুযোগ! ২৫ হাজাৰ টকাৰে এই ব্যৱসায় আৰম্ভ কৰি মাহিলী উপাৰ্জন কৰক ৫০ হাজাৰ টকা

    চিন্তাৰ কাৰণ নাই, নিবনুৱাৰ বাবে সংস্থাপনৰ সুযোগ! ২৫ হাজাৰ টকাৰে এই ব্যৱসায় আৰম্ভ কৰি মাহিলী উপাৰ্জন কৰক ৫০ হাজাৰ টকা

    কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে স্তব্ধ কৰি তুলিছিল সমগ্ৰ দেশ। বহু ৰাজ্যত সম্পূৰ্ণ লকডাউন বলবৎ হৈ থকাৰ বিপৰীতে কেইখনমান ৰাজ্যত আংশীক লকডাউন বৰ্তমানেও চলি আছে।

    কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে স্তব্ধ কৰি তুলিছিল সমগ্ৰ দেশ। বহু ৰাজ্যত সম্পূৰ্ণ লকডাউন বলবৎ হৈ থকাৰ বিপৰীতে কেইখনমান ৰাজ্যত আংশীক লকডাউন বৰ্তমানেও চলি আছে।

    কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে স্তব্ধ কৰি তুলিছিল সমগ্ৰ দেশ। বহু ৰাজ্যত সম্পূৰ্ণ লকডাউন বলবৎ হৈ থকাৰ বিপৰীতে কেইখনমান ৰাজ্যত আংশীক লকডাউন বৰ্তমানেও চলি আছে।

    • Share this:

    কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে স্তব্ধ কৰি তুলিছিল সমগ্ৰ দেশ। বহু ৰাজ্যত সম্পূৰ্ণ লকডাউন বলবৎ হৈ থকাৰ বিপৰীতে কেইখনমান ৰাজ্যত আংশীক লকডাউন বৰ্তমানেও চলি আছে। এনে পৰিস্থিতিত যিসকল লোকে লকডাউনৰ ফলত নিজৰ কৰ্মসংস্থাপন হেৰুৱাইছিল অথবা ব্যৱসায়ৰ ক্ষেত্ৰত মন্দাৱস্থাৰ সন্মুখীন হৈছিল সেইসকল লোকৰ বাবে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ।


    নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে যদি এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ। মাত্ৰ ২৫ হাজাৰ টকাৰে আৰম্ভ কৰিব পৰা এই ব্যৱসায়ৰ জৰিয়তে আপুনি প্ৰতিমাহে ৫০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। কম মূলধনেৰে আৰম্ভ কৰিব পৰা এই ব্যৱসায়টো হৈছে গাড়ী ধোৱা কেন্দ্ৰ (Car Washing Center)।


    এটা সৰু যন্ত্ৰৰে কৰক শুভাৰম্ভঃ


    গাড়ী ধোৱা পেছাদাৰী বা বাণিজ্যিক যন্ত্ৰবোৰৰ মূল্য প্ৰায় ১ লাখ টকা পৰ্যন্ত হয়। যেতিয়ালৈকে আপুনি এইটো ঠিক কৰিব নোৱাৰে যে, আপোনাৰ কেন্দ্ৰত দৈনিক কিমানখন গাড়ী ধোৱা হৈছে অথবা মাহটোত আপুনি কিমান টকা উপাৰ্জন কৰিব তেতিয়া আপুনি ইয়াৰ বিকল্প ৰূপে কম মূল্যত ব্যৱহাৰ কৰিব পাৰিব যন্ত্ৰ।


    বজাৰত এনে কিছু বাণিজ্যিক যন্ত্ৰ ১২ হাজাৰ টকাৰ পৰাও আৰম্ভ হয়। যদি আপুনি দুটা অশ্বশক্তিৰ মটৰ স্থাপন কৰে, ইয়াৰ মূল্য ১৪০০০ টকালৈকে হ'ব। ইয়াৰ উপৰিও, আপোনাৰ ওচৰত ৩০ লিটাৰ ভেকুৱাম ক্লিনাৰ থাকিব লাগিব, যি প্ৰায় ৯ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকাৰ ভিতৰত আপুনি ক্ৰয় কৰিব পাৰিব। চেম্পু, হাতমোজা, টায়াৰ পলিছ আৰু পাঁচ লিটাৰ ডেশ্বব'ৰ্ড পলিছ কেনসহ সামগ্ৰী ধোৱা সকলোবোৰ বস্তু প্ৰায় ১৭০০ টকাতে লাভ কৰিব পাৰিব।


    আপোনাৰ কেন্দ্ৰটোৰ অৱস্থান (Location) সম্বন্ধে এইটো কথা মনত ৰাখকঃ


    গাড়ী ধোৱা কেন্দ্ৰ এটা খুলিবলৈ আপুনি প্ৰথমে এটা ভাল স্থান চাব লাগিব য'ত গাড়ীৰ ভিৰ-ভাৰ অথবা গাড়ী সম্পৰ্কীয় আন কিছু বজাৰ বা দোকান আছে। কিন্তু কেন্দ্ৰটো এনে এটা স্থানত কৰক য'ত পাৰ্কিঙৰ সুবিধা আছে আৰু সহজতে গাড়ী আহিব পাৰে।


    চহৰ অথবা ঠাইবিশেষে হ'ব গাড়ী ধোৱাৰ মূল্যঃ


    গাড়ী ধোৱাৰ মাচুল ঠাইবিশেষৰ ওপৰতো নিৰ্ভৰ কৰে। সৰু চহৰবোৰত যেতিয়া অল্টো, ৱাগোনাৰ, কুইড কাৰৰ দৰে সৰু গাড়ীবোৰ ১৫০ টকাত ধুই দিয়ে, সেইবোৰকে ডাঙৰ চহৰবোৰত ধুবলৈ ২৫০ টকা দিব লগা হয়। আনহাতে চুইফ্ট ডিজায়াৰ, হুণ্ডাই ভাৰ্ণাৰ দৰে ডাঙৰ গাড়ীবোৰৰ ক্ষেত্ৰত ৩৫০ টকালৈকে আৰু SUV গাড়ীসমূহৰ পৰা ৪৫০ টকা পৰ্যন্ত মাচুল লোৱা হয়। তেনেক্ষেত্ৰত আপুনি আপোনাৰ অঞ্চলটোত থকা তেনে কেন্দ্ৰ অথবা দোকানৰ মাচুল সন্দৰ্ভত অৱগত হৈ নিজ কেন্দ্ৰ মাচুল ধাৰ্য কৰক।
    Published by:Himangshu Bhuyan
    First published: