• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বজাৰৰ পৰা সন্তানৰ বাবে Cerelac কিনি আনিবলৈ অসুবিধা নেকি? ঘৰতে এনদৰে প্ৰস্তুত কৰক Cerelac

বজাৰৰ পৰা সন্তানৰ বাবে Cerelac কিনি আনিবলৈ অসুবিধা নেকি? ঘৰতে এনদৰে প্ৰস্তুত কৰক Cerelac

বজাৰত বিভিন্ন কোম্পানীৰ চেৰেলেক উপলব্ধ। কিন্তু বজাৰত উপলব্ধ সকলো ব্ৰেণ্ডৰ চেৰেলেক বিশ্বাসো কৰিব পৰা নাযায়। আজি আমি আপোনাক জনাম ঘৰতে চেৰেলেক প্ৰস্তুত কৰাৰ উপায়।

বজাৰত বিভিন্ন কোম্পানীৰ চেৰেলেক উপলব্ধ। কিন্তু বজাৰত উপলব্ধ সকলো ব্ৰেণ্ডৰ চেৰেলেক বিশ্বাসো কৰিব পৰা নাযায়। আজি আমি আপোনাক জনাম ঘৰতে চেৰেলেক প্ৰস্তুত কৰাৰ উপায়।

বজাৰত বিভিন্ন কোম্পানীৰ চেৰেলেক উপলব্ধ। কিন্তু বজাৰত উপলব্ধ সকলো ব্ৰেণ্ডৰ চেৰেলেক বিশ্বাসো কৰিব পৰা নাযায়। আজি আমি আপোনাক জনাম ঘৰতে চেৰেলেক প্ৰস্তুত কৰাৰ উপায়।

  • Share this:
কণ কণ ল'ৰা-ছোৱালীৰ সু-স্বাস্থ্য বজাই ৰাখিবলৈ Cerelacৰ আছে বিশেষ ভূমিকা। কেঁচুৱাক পুষ্টি প্ৰদানেই নহয় চেৰেলকে পেটো ভৰাই ৰাখে। বজাৰত বিভিন্ন কোম্পানীৰ চেৰেলেক উপলব্ধ। কিন্তু বজাৰত উপলব্ধ সকলো ব্ৰেণ্ডৰ চেৰেলেক বিশ্বাসো কৰিব পৰা নাযায়। আজি আমি আপোনাক জনাম ঘৰতে চেৰেলেক প্ৰস্তুত কৰাৰ উপায়। কেঁচুৱাটোৰ বাবে ঘৰত চেৰেলেক কেনেদৰে প্ৰস্তুত কৰিব লাগে জানো আহক।

Cerelac পাউডাৰ বনাওকঃ

NBTত প্ৰতিবেদন অনুসৰি, একাপ ঘেঁহু, একাপ বুটৰ দাইল, একাপ roasted gram, একাপ millet, একাপ মাকৈ, একাপ ব্ৰাউন ৰাইচ, একাপ মগু দাইল পৰিষ্কাৰ কৰক। তাৰ পিছত সেইবোৰ ধুই ৰ'দত ভালদৰে শুকুৱাই লওক। তাৰ পিছত সাধাৰণ তাপত পাতলকৈ ভাজক।

তাৰ পিছত, ঠাণ্ডা হ'লে, সেইবোৰ একেলগে গুড়ি কৰক আৰু মিহি পাউডাৰ প্ৰস্তুত কৰক। আৰু এনেকৈয়ে প্ৰস্তুত কৰক Cerelac। পিছত সন্তানক Cerelac খোৱাবলগীয়া হ'লে এটা পাত্ৰত আপুনি গুড়ি কৰা মিশ্ৰণৰ তিনি চাৰি চামুচ ৰাখি এক মিনিটৰ বাবে পাতলকৈ ভাজি লওক।তাৰ পিছত আধা গিলাচ পানী যোগ দিয়ক আৰু মজলীয়া তাপত ৰান্ধক। পচন্দ অনুসৰি ইয়াত নিমখ বা চেনী যোগ দিয়ক আৰু ঠাণ্ডা হ'লে কেঁচুৱাটোক খুৱাওক।

এনেদৰেও তাৎক্ষণিক Cerelac বনাব পাৰিঃ

নাম উল্লেখ কৰিবলৈ অনিচ্ছুক এগৰাকী মাতৃয়ে কৈছিল যে,  আপুনি কেঁচুৱাক খুৱাবলৈ তাৎক্ষণিক চেৰেলক প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে, তিনি চাহ চামুচ দালিয়া, তিনি চামুচ মগু দাইল আৰু তিনি চামুচ চাউল ল'ব আৰু সেইবোৰ পৰিষ্কাৰ কৰিব। তাৰ পিছত এটা বীট, সাত বা আঠটা বীন আৰু এটা গাজৰ ধুব, বাকলি আতঁৰাই মিহিকৈ কাটি লওক। এই সকলোবোৰ ধুই কুকাৰত ৰাখক আৰু সোৱাদ অনুসৰি আধা চামুচ হালধি আৰু নিমখ দিয়ক। তাৰ পিছত এগিলাচ পানী দিয়ক আৰু তিনি বা চাৰিটা হুইচেল দিয়ক আৰু খিচৰীৰ দৰে ৰান্ধক। যদি শিশুৱে নিমখযুক্ত চেৰেলেকৰ সলনি মিঠা চেৰেলক খাবলৈ ভাল পায়, ইয়াত হালধি আৰু নিমখ যোগ নকৰাকৈ চেনী ব্যৱহাৰ কৰিব পাৰে। ঠাণ্ডা হ'লে সেইবোৰ ভালদৰে মিহলি কৰক আৰু ঘিউ বা মাখন যোগ দিয়ক আৰু কেঁচুৱাটোক খুৱাওক।
Published by:Himangshu Bhuyan
First published: