মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Aadhaar-PAN Linking : চমু চাপিছে Aadhaarৰ সৈতে PAN লিংক কৰাৰ অন্তিম তাৰিখ, SMSৰ জৰিয়তে কৰিব পাৰিব এই কাম

Aadhaar-PAN Linking : চমু চাপিছে Aadhaarৰ সৈতে PAN লিংক কৰাৰ অন্তিম তাৰিখ, SMSৰ জৰিয়তে কৰিব পাৰিব এই কাম

৭. এতিয়াৰে পৰা আৰু উপাৰ্জন লুকুৱাবলৈ সক্ষম নহ'ব আপুনি -

পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক এতিয়াৰে পৰা প্ৰয়োজনীয় হৈ পৰিছে। ৩০ জুনৰ ভিতৰত পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰিলে অচল হৈ পৰিব পেন কাৰ্ড ৷ লগতে যিসকলে পেন আৰু আধাৰ লিংক কৰিছে তেওঁলোকে আৰু তেওঁলোকৰ কোনো বিনিয়োগ বা উপাৰ্জন লুকুৱাব নোৱাৰিব ।

৭. এতিয়াৰে পৰা আৰু উপাৰ্জন লুকুৱাবলৈ সক্ষম নহ'ব আপুনি - পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক এতিয়াৰে পৰা প্ৰয়োজনীয় হৈ পৰিছে। ৩০ জুনৰ ভিতৰত পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰিলে অচল হৈ পৰিব পেন কাৰ্ড ৷ লগতে যিসকলে পেন আৰু আধাৰ লিংক কৰিছে তেওঁলোকে আৰু তেওঁলোকৰ কোনো বিনিয়োগ বা উপাৰ্জন লুকুৱাব নোৱাৰিব ।

এতিয়া আপুনি এছএমএছৰ জৰিয়তে আধাৰ পেন লিংক কৰিব পাৰিব।

  • Share this:
আপোনাৰ আধাৰৰ সৈতে পেন লিংক কৰিলেনে? পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক (Aadhaar-PAN Linking) কৰাৰ অন্তিম তাৰিখ চমু চাপিছে। বৰ্তমান সময়ত পেন, আধাৰ আধাৰ অতিকৈ গুৰুত্বপূৰ্ণ নথি হিচাপে পৰিগণিত হৈছে। সেয়েহে এতিয়ালৈ কৰা নাই যদি সোনকালে কৰি লওক, কিয়নো আয় কৰ বিভাগে ৩১ মাৰ্চ, ২০২১ তাৰিখৰ ভিতৰত আধাৰৰ সৈতে পেন লিংক কৰাৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰিছে। লিংক কৰাত অসমৰ্থ হ’লে অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড।

আয়কৰ বিভাগে কৈছে যে ৩১ মাৰ্চ ২০২১ ৰ ভিতৰত পেন-আধাৰ লিংক থকাটো প্ৰয়োজনীয়। প্ৰথমে লিংক কৰাৰ অন্তিম তাৰিখ ৩০ জুন ২০২০ আছিল। যাক পিছত ৩১ মাৰ্চ ২০২১লৈ বৃদ্ধি কৰা হৈছিল।

এতিয়া আপুনি এছএমএছৰ জৰিয়তে আধাৰ পেন লিংক কৰিব পাৰিব। আধাৰৰ সৈতে পেন লিংক কৰিবলৈ আপোনাৰ পঞ্জীয়ন কৰা ম’বাইল নম্বৰৰ পৰা 567678 বা 56161 নম্বৰত এটা এছএমএছ প্ৰেৰণ কৰিব লাগিব। আপুনি এছএমএছত UIDPAN টাইপ কৰিব লাগিব। তাৰ পিছত স্পেচ দিয়ক আৰু 12 সংখ্যাৰ আধাৰ নম্বৰ টাইপ কৰক। তাৰ পিছত স্পেচ দি ১০ সংখ্যাৰ পেন নম্বৰটো লিখক আৰু ইয়াক 567678ত এটা এছএমএছ প্ৰেৰণ কৰক।

ইয়াৰ উপৰিও আপুনি অনলাইন যোগে আধাৰৰ সৈতে পেন লিংক কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে আপুনি অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব আৰু সেইটো হৈছে www.incometaxindiaefiling.gov.in। ইয়াত আপুনি লিংক আধাৰ বিকল্পটো দেখা পাব। এই বিকল্পটোত ক্লিক কৰক। এটা নতুন টেব খোল খাব। আপুনি আধাৰ নম্বৰ, পেন নম্বৰ, নাম, কেপচা কোড দিব লাগিব। তাৰ পিছত লিংক আধাৰত ক্লিক কৰক। আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা হ'ব।

শেহতীয়া বাতৰি