• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Facebook- শেহতীয়াকৈ আপোনাৰ ফেচবুক প্ৰ'ফাইল কোনে কোনে চালে? জানিব বিচাৰে যদি এই পদ্ধতিৰে আগবাঢ়ক...

Facebook- শেহতীয়াকৈ আপোনাৰ ফেচবুক প্ৰ'ফাইল কোনে কোনে চালে? জানিব বিচাৰে যদি এই পদ্ধতিৰে আগবাঢ়ক...

একেবাৰে সহজ উপায়, এনেদৰে আগবাঢ়ক...

একেবাৰে সহজ উপায়, এনেদৰে আগবাঢ়ক...

একেবাৰে সহজ উপায়, এনেদৰে আগবাঢ়ক...

  • Share this:
ফেচবুক বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় সামাজিক মাধ্যম। বৰ্তমান সময়ত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ২৬০ কোটি। একাংশ ইউজাৰে প্ৰায়ে আনৰ প্ৰ'ফাইল চেক কৰি থাকে। পিছে আপোনাৰ ফেচবুক প্ৰ'ফাইল শেহতীয়াকৈ কোনে চাইছে, সেয়াও জানিব পৰা যায়।

আপোনাৰ ফেচবুক প্ৰ'ফাইল কোনে কোনে চাইছে, সেয়া বহু থাৰ্ড পাৰ্টি এপৰ জৰিয়তে জানিব পৰা যায়। কিন্তু সেয়া ভুল পদ্ধতি বুলি ক'ব খোজে বিশেষজ্ঞই। কাৰণ থাৰ্ড পাৰ্টি এপৰ জৰিয়তে সকলো সময়ত সঠিক তথ্য নাহিব পাৰে। ইয়াৰ উপৰিও এই সমূহ এপ ব্যৱহাৰ কৰিলে আপোনাৰ একাউণ্ট বেলেগৰ নিয়ন্ত্ৰণত গুচি যোৱাৰ সম্ভবনাও নুই কৰিব নোৱাৰি।

ডেস্কটপ অথবা লেপটপ ব্যৱহাৰ কৰি অতি সহজে জানি লব পাৰে আপোনাৰ ফেচবুকত নজৰ ৰখা একাউন্টৰ তালিকা-

  • প্ৰথমতে ফেচবুক লগ ইন কৰি আপোনাৰ একাউণ্ট খোলক। এইবাৰ মাউচৰ সোফালে ক্লিক কৰিলে view page source অপচন চাবলৈ পাব। সেই ঠাইত ক্লিক কৰিলে নতুন টেবত কোড ভৰ্তি সম্পূৰ্ণ এটি পেজ আহিব।

  • ইয়াৰ পিছত আকৌ টাইপ কৰক Ctrl+f । টাইপ কৰাৰ পাছতে আপুনি Screen খনৰ সোঁফালে এটা বক্স দেখা পাব আৰু তাত আপুনি BUDDY_ID বুলি টাইপ কৰক। আৰু
    লগে লগে আপুনি Screen ত কিছু হালধীয়া ৰং ৰ ওপৰত BUDDY_ID বুলি কিছুমান Text দেখা পাব। আৰু এই Text বোৰৰ ওচৰতে ১৫ টা সংখ্যাৰ এটি নম্বৰ দেখিবলৈ পাব। এই নম্বৰ বোৰে হৈছে আপোনাৰ প্ৰফাইল চোৱা লোকৰ আইডি নম্বৰ।

  • এতিয়া তাৰে যিকোনো এটা BUDDY_ID নম্বৰ (কেৱল নম্বৰটোহে) COPY কৰক। তাৰ পিছত New Tab এটা লৈ গৈ তাত facebook.com/আপুনি copy কৰা নম্বৰটো Paste কৰক আৰু Enter মাৰক। লগে লগে ওলাই পৰিব আপোনাৰ ফেচবুক প্ৰফাইল শেহতীয়াকৈ খুচৰা লোকজন।

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি