বৰ্তমান সময়ত চুলি সৰা এক ডাঙৰ সমস্যা ৰূপে চিহ্নিত হৈছে। কম বয়সতে চুলি সৰি যোৱাৰ ফলত বহু লোক সমস্যাত পৰাও দেখা যায়। প্ৰদূষিত পানী, অত্যাধীক প্ৰদূষণ, মানসিক চাপ আদি চুলি সৰাৰ অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে। কিন্তু ঘৰুৱা উপায়েৰে এই সমস্যাৰ পৰা বহু খিনি সকাহ পাব পাৰে।
চুলি শক্তিশালী কৰিবলৈ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক–
১. কণী– কণীত বহু পৰিমাণে প্ৰটিন থাকে। প্ৰটিনে চুলি শক্তিশালী হোৱাত বহু পৰিমাণে সহায় কৰে।
২. পালেং শাকৰ লগতে অন্যান্য সেউজীয়া শাক–পালেং শাকৰ লগতে অন্যান্য সেউজীয়া শাকত প্ৰচূৰ পৰিমাণে আইৰণ থাকে। আইৰণে চুলিৰ গ্ৰুথ হোৱাত সহায় কৰে। সাধাৰণতে চুলিৰ সৰাৰ অন্যতম কাৰণ হ’ল আইৰণৰ অভাৱ।
৩. ভিটামিন C যুক্ত খাদ্যই চুলি সৰা সমস্যা বহু খিনি হ্ৰাস কৰাত সহায় কৰে। কমলা টেঙা, নেমু অতি উত্তম।
৪.ঘেহুৱে চুলি সৰা সমস্যা সমাধাণত সহায় কৰে। ঘেহুত আইৰণ, জিংক, ভিটামিন B প্ৰচূৰ পৰিমাণে থাকে। যি চুলি শক্তিশালী হোৱাত সহায় কৰে।
৫. গাজৰে চুলি গ্ৰুথ হোৱাত সহায় কৰে। গাজৰত প্ৰচূৰ পৰিমাণে ভিটামিন A থাকে। যি চুলিত শক্তিশালী কৰে।
৬.ভিটামিন E যুক্ত আহাত চুলিৰ বাবে অতি প্ৰয়োজনীয়। Vitamin E এ ৰক্ত সঞ্চালনত উত্তৰণ ঘটায়।