দুদিন পূৰ্বে ঘোষণা কৰা হয় কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল। এইবাৰ পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে শ্ৰুতি শৰ্মাই। শ্ৰুতি দিল্লীৰ জামিয়া মিলিয়া আৱাসিক কোচিং ইনষ্টিটিউটৰ ছাত্ৰী আছিল। ফলাফল ঘোষণাৰ পিছৰ পৰাই এই শৈক্ষিত প্ৰতিষ্ঠানখনো চৰ্চিত হৈ আছে।
এইখন কোচিং ইনষ্টিটিউটত পঢ়াৰ সুযোগ কিদৰে লাভ কৰিব পাৰি? কোনসকল প্ৰাৰ্থীৰ বাবে এই সুবিধা প্ৰদান কৰে কোচিং ইনষ্টিটিউটখনে? জানি লওক...
সংখ্যালঘু, অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু মহিলাৰ শিক্ষাৰ্থীসকলক অসামৰিক সেৱা আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে অক্টোবৰ ২০১০ চনত জামিয়াত আৱাসিক প্ৰশিক্ষণ একাডেমী স্থাপন কৰা হৈছিল। অধ্যাপক আবিদ হালীমে News18ক কৈছে যে, বিশ্ববিদ্যালয়খনে ২ জুলাই ২০২২ তাৰিখে দহটা কেন্দ্ৰত প্ৰাৰ্থী বাছনি কৰিবলৈ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব।
শ্ৰুতি শৰ্মাকে ধৰি এইবাৰ RCAৰ নগৰাকী ছোৱালীকে ধৰি মুঠ ২৩ গৰাকী শিক্ষাৰ্থীক অসামৰিক সেৱা ২০২১ৰ বাবে বাছনি কৰা হৈছে। বহুতো নিৰ্বাচিত প্ৰাৰ্থীয়ে আইএএছ, আইপিএছ, আইএফএছ আৰু অন্যান্য কেন্দ্ৰীয় সেৱা লাভ কৰিব।
RCAত কিদৰে এডমিশ্যন লাভ কৰিব পাৰি? (How to get admission to RCA?)আৱাসিক প্ৰশিক্ষণ একাডেমী (RCA), জামিয়া মিলিয়া ইছলামিয়াই (জেএমআই) সংখ্যালঘু, অনুসূচীত জাতি, জনজাতি আৰু মহিলা প্ৰাৰ্থীৰ পৰা অসামৰিক সেৱা পৰীক্ষা-২০২২-২৩ৰ প্ৰস্তুতিৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ বাবে আৱেদনৰ জাননী জাৰি কৰিছে। অনলাইন আবেদন পত্ৰ দাখিল কৰাৰ অন্তিম তাৰিখ- হৈছে ১৫ জুন ২০২২।
কোচিঙৰ সম্পূৰ্ণ সূচীঃ(Schedule for Civil Services (Preliminary-cum-Main)-2022-23 Coaching Programme)অনলাইন আবেদন আৰম্ভ হৈছে ১৬ মে ২০২২ৰ পৰা। www.jmicoe.in ৱেবচাইটত অহা ১৫ জুনলৈকে প্ৰাৰ্থীয়ে নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব।
লিখিত পৰীক্ষা অনুষ্ঠিত হব ২ জুলাই ২০২২
পেপাৰ ৱানঃ জেনেৰেল ষ্টাডিজ, অৱজেকটিভ টাইপ।
সময়ঃ পুৱা ১০ৰ পৰা ১১ বজালৈকে।
পেপাৰ টুঃ এচে টাইপ
২ জুলাই ২০২২
পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজলৈকে।
আনুমানিক ফলাফল ঘোষণাৰ দিনঃ২৫ জুলাই ২০২২
ইণ্টাৰভিও (আনুমানিক)১ৰ পৰা ৮ আগষ্ট ২০২২
ফাইনেল ৰিজাল্ট(আনুমানিক)১০ আগষ্ট ২০২২
নামভৰ্তি শেষ কৰাৰ অন্তিম তাৰিখঃ১৬ আগষ্ট ২০২২
ৱেইটিং লিষ্টৰ প্ৰাৰ্থীৰ নাম পঞ্জীয়নৰ দিন১৭ আগষ্ট ২০২২
ৱেইটিং লিষ্টৰ প্ৰাৰ্থীৰ নামভৰ্তিৰ দিন১৯ আগষ্ট ২০২২
পাঠদান আৰম্ভ২২ আগষ্ট ২০২২
প্ৰৱেশিকা পৰীক্ষা সৰ্বমুঠ ১০টা চেণ্টাৰত অনুষ্ঠিত হব। সেইকেইটা হৈছে দিল্লী, শ্ৰীনগৰ, জম্মু, হায়দৰাবাদ, মুম্বাই, লক্ষ্ণৌ, গুৱাহাটী, পাটনা, বেংগালুৰু আৰু মালাপ্পুৰম (কেৰালা)।
অৰ্হতাঃ (Eligibility Criteria)প্ৰাৰ্থী স্নাতক হব লাগিব।
কিমান চিট খালী আছেঃ(How Many Seats are available?)হোষ্টেল একোমোডেশ্যন বাধ্যতামূলক আৰু সকলো নামভৰ্তি পৰা প্ৰাৰ্থীক প্ৰদান কৰা হ'ব। সৰ্বমুঠ আসন 100। প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা নিৰ্ধাৰিত যোগ্যতাৰ ওপৰত আধাৰিত কৰি, হোষ্টেলৰ আসনবোৰ পৰ্যায়ক্ৰমে আৱণ্টন কৰা হ'ব পাৰে।
খাদ্যৰ বাবে মাছুলঃমাহিলী মেইনটেনেন্স মাছুল হ'ব ১০০০ টকা, আৰু প্ৰাৰ্থীসকল কমেও ছয় মাহৰ বাবে আগতীয়া হিচাপত ৬০০০ টকা দিব লাগিব। মেছ মাচুল প্ৰতি মাহে ২৫০০ ৰ পৰা ৩০০০ লৈকে হয়।
জেএমআই পৰীক্ষাৰ ৱেবছাইট www.jmicoe.in অনলাইনত আবেদন পত্ৰ পূৰণ কৰিব লাগিব। আৱেদন কেৱল ৮৫০/- বা + প্ৰযোজ্য বেচিক চাৰ্জৰ সৈতে অনলাইনত দাখিল কৰিব লাগিব।
Contact Office: 011-26981717.
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|