• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Hajj 2022ৰ কাৰণে কেনেকৈ আৱেদন কৰিব: জানক step by step guide

Hajj 2022ৰ কাৰণে কেনেকৈ আৱেদন কৰিব: জানক step by step guide

হজ কমিটিয়ে হাতেৰে লিখা বা টাইপ কৰা হাৰ্ড কপি হজ যাত্ৰাৰ কাৰণে গ্ৰহণ নকৰে। যিসকলে হজযাত্ৰাৰ কাৰণে যাব বিচাৰে তেওঁলোকে হজ যাত্ৰাৰ কাৰণে আৱেদন অনলাইনহে কৰিব লাগিব www.hajcommittee.gov.in বা এণ্ড্ৰইড ম’বাইলৰ গুগল প্লে’ ষ্টৰত থকা "HAJ COMMITTEE OF INDIA" হজ এপৰ জৰিয়তে।

হজ কমিটিয়ে হাতেৰে লিখা বা টাইপ কৰা হাৰ্ড কপি হজ যাত্ৰাৰ কাৰণে গ্ৰহণ নকৰে। যিসকলে হজযাত্ৰাৰ কাৰণে যাব বিচাৰে তেওঁলোকে হজ যাত্ৰাৰ কাৰণে আৱেদন অনলাইনহে কৰিব লাগিব www.hajcommittee.gov.in বা এণ্ড্ৰইড ম’বাইলৰ গুগল প্লে’ ষ্টৰত থকা "HAJ COMMITTEE OF INDIA" হজ এপৰ জৰিয়তে।

হজ কমিটিয়ে হাতেৰে লিখা বা টাইপ কৰা হাৰ্ড কপি হজ যাত্ৰাৰ কাৰণে গ্ৰহণ নকৰে। যিসকলে হজযাত্ৰাৰ কাৰণে যাব বিচাৰে তেওঁলোকে হজ যাত্ৰাৰ কাৰণে আৱেদন অনলাইনহে কৰিব লাগিব www.hajcommittee.gov.in বা এণ্ড্ৰইড ম’বাইলৰ গুগল প্লে’ ষ্টৰত থকা "HAJ COMMITTEE OF INDIA" হজ এপৰ জৰিয়তে।

  • Share this:
হজ ২০২২ৰ যাত্ৰাৰ কাৰণে আৱেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এইবছৰ হজ যাত্ৰাৰ সকলো প্ৰক্ৰিয়া এশ শতাংশ ডিজিটেল বা অনলাইন পদ্ধতিৰে হৈছে। হজ যাত্ৰা ২০২২ৰ কাৰণে আৱেদন কৰাৰ অন্তিম তাৰিখ ৩১ জানুৱাৰী। আগ্ৰহী হজযাত্ৰীয়ে হজ যাত্ৰাৰ কাৰণে আৱেদন "Hajj Mobile App" ৰ জৰিয়তে কৰিব পাৰে। আহক জানো কেনেকৈ আপুনি এই আৱেদন কৰিব লাগিব। হজ যাত্ৰাৰ কাৰণে অনলাইন আৱেদনৰ Step by Step Guide.

আৱেদনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে নিম্নোক্ত তথ্য পাতিসমূহ আপোনাৰ থকাটো জৰুৰী। হজ যাত্ৰা ২০২২ৰ কাৰণে আগ্ৰহী হজযাত্ৰীয়ে এই নথি সমূহ নিজৰ লগত ৰাখিব পাৰে।

Passport :
হজ যাত্ৰাৰ কাৰণে পাৰপত্ৰ বা পাছপৰ্ট জৰুৰী। শেষ মুহূৰ্তৰ খেলিমেলি দূৰ কৰিবলৈ সকলো আগ্ৰহী হজযাত্ৰীয়ে মেচিন ৰিডেবল বৈধ ইণ্ডিয়ান পাছপৰ্ট লগত ৰাখিব লাগিব আৱেদনৰ পূৰ্বে।

Bank Account:
হজ আৱেদনৰ কাৰণে বেংক একাউণ্ট থকাটো জৰুৰী। সকলো হজযাত্ৰীয়ে নিজৰ নামত বেংক একাউণ্ট খোলা বা আপডেট কৰাই লওক যাতে প্ৰয়োজনত ৰিফাণ্ড পোনে পোনে বেংক একাউণ্টত কৰিব পৰা যায়।

Aadhaar Card :
দেশৰ হজ কমিটিয়ে প্ৰতিজন হজযাত্ৰীক আধাৰ কাৰ্ড ৰখাৰ নিৰ্দেশ দিছে। হজৰ আৱেদন ফৰ্মত হজযাত্ৰীয়ে  আধাৰৰসকলো প্ৰয়োজনীয় তথ্য দাখিল কৰিব লাগিব। অৱশ্যে কাৰ্ডখন লগত নাথাকিলেও একো নাই।

Mobile Number:
হজ আৱেদনৰ ফৰ্মত সকলো যাত্ৰীয়ে নিজৰ ম’বাইল নম্বৰ উল্লেখ কৰিব লাগিব। এই নম্বৰৰ জৰিয়তে কৰ্তৃপক্ষই যেতিয়া প্ৰয়োজন হয় তেতিয়া তেওঁলোকক যোগাযোগ কৰিব পাৰিব।

Here is the step by step guide for Hajj Application Form 2022ঃ

Step 1: হজ আৱেদনৰ কাৰণে New Registration বা নতুন পঞ্জীয়ন।
Step 2:  হজ আৱেদন প্ৰ–পত্ৰ পূৰণ।
Step 3: ফটো আৰু ডকুমেণ্ট আপলোড।
Step 4: ফিজ আদায়।
Step 5: হজ আৱেদন ফৰ্মৰ প্ৰিণ্ট আউট বাহিৰ।

Step 1 :নতুন পঞ্জীয়নৰ কাৰণে চৰকাৰী ৱেবছাইট hajcommittee.gov.inত যাওক। "HAJ FORM" ত ক্লিক কৰিক আৰু "Apply" চিলেক্ট কৰক।

এখন স্ক্ৰীণ ওলাব তাত "NEW USER REGISTRATION." ক্লিক কৰক।

"NEW USER REGISTRATION"ত ক্লিক কৰাৰ পিছত registration form  সাৱধানে ভৰাওক। আৱেদনকাৰীয়ে নিজৰ ম’বাইল নম্বৰ, Email ID, প্ৰথম নাম আৰু শেষৰ নাম ভৰ্তি কৰিব লাগে। ষ্ট্ৰংগ পাছৱৰ্ড চিলেক্ট কৰক আৰু পাছৱৰ্ড কনফাৰ্ম কৰক।

ছিকিউৰিটি কোড ভৰাওক। যদি আপোনাৰ তথ্য শুদ্ধকৈ ভৰোৱা হৈছে তেনেহ’লে  "Submit Details" কৰক।

শুদ্ধকৈ OTP ভৰোৱাৰ পিছত স্ক্ৰীণত এটা কনফাৰ্মেচন মেচেজ দেখা পাব। আপোনাৰ একাউণ্ট এক্টিভেট হ’ল আপুনি এতিয়া লগ ইন কৰিব পাৰিব।

Registered User Sign-in & Application Form Filling :

হজ আৱেদনৰ কাৰণে অনলাইন আৱেদন কৰিবলৈ ৰেজিষ্ট্ৰাৰ্ড ম’বাইল নম্বৰ আৰু পাছৱৰ্ড ভৰাওক।

Step 2 হজ যাত্ৰাৰ ফৰ্ম পূৰাওকঃ
sign-inৰ পিছত এখন স্ক্ৰীণ দেখা পাব। উপযুক্ত এপ্লিকেচন কেটেগৰীত ক্লিক কৰক। "NEXT" button ক্লিক কৰি এডাল্টৰ নম্বৰ চিলেক্ট কৰক।

আৱেদনকাৰীৰ তথ্য পূৰণঃ
আৱেদনকাৰীৰ তথ্য পূৰণ কৰক (পাছপৰ্টৰ তথ্য অনুসৰি), Covid-19 Vaccinationৰ তথ্য,  ব্যক্তিগত তথ্য, বৰ্তমান থকাৰ এড্ৰেছ, নমিনীৰ তথ্য, বেংক একাউণ্ট ডিটেইলছ আদি ভৰাওক। সকলো তথ্য ভৰোৱাৰ পিছত ডিক্লেৰেশ্যনত ক্লিক কৰক আৰু 'SAVE & NEXT' button টিপি চাবমিট কৰক।

Step 3 Upload Photo & Document :

-  dropdownৰ পৰা pilgrims বাচনি কৰক।
-"Browse" ক্লিক কৰক আৰু ফটো তথা অন্য নথি আপলোড কৰক।
- সকলো ডকুমেণ্ট JPG/JPEG ফৰ্মেটত থাকিব লাগিব।
-ফটোগ্ৰাফ(Passport Size)ৰ হ’ব লাগিব চাইজ হ’ব লাগিব 10kb ৰ পৰা 100kb আৰু width  হ’ব লাগিব 570pixel ৰ পৰা 795pixel।

সকলো হজযাত্ৰীৰ ফটো আৰু তথ্য চাবমিট কৰাৰ পিছত 'Upload' button টিপক। এই ষ্টেপকেইটা সকলো সহ যাত্ৰীৰে গাইগুটীয়াকৈ কৰিব লাগিব।

Step 4: Make Payment of Fee :
- ফটো আপলোড কৰাৰ পিছত আৱেদনকাৰীয়ে স্বয়ংক্ৰিয়ভাৱে ফিজৰ লিংকলৈ যাব পাৰিব।

-আৱেদনকাৰীয়ে এই ফিজ Debit/Credit Card/Net Bankingৰ জৰিয়তে আদায় দিব পাৰিব।

''Online Payment" বাচনি কৰক আৰু "Click here to Pay Online."ত ক্লিক কৰক।
-অনলাইন পে’ চিলেক্ট কৰাৰ পিছত আপুনি নিজে নিজে পেমেণ্ট গেটৱেলৈকে যাব।

সফলতাৰে এইখিনি শেষ হোৱাৰ পিছত এখন ট্ৰানজেক্সন ৰিচিপট (transaction receipt) জেনেৰেট হ’ব। আকৌ এবাৰ লগ ইন কৰক ফাইনেল চাবমিচনৰ কাৰণে। "FINAL SUBMISSION"ত ক্লিক কৰক। আপুনি এলাৰ্ট মেচেজ পাব, তাত Ok ক্লিক কৰক।

Step 5 Print Hajj Application Form :
অনলাইন প্ৰ–পত্ৰ পূৰণৰ সফল সমাপনৰ ইংগিত হিচাপে এটা বৈশিষ্ট্যপূৰ্ণ গ্ৰুপ আইডি (A unique system generated Group ID) দেখা পাব।  অনলাইন হজ আৱেদন ফৰ্ম চাবলৈ বা পাবলৈ (To View/ Print the Online Haj Application Form) ডাউনলোড পিডিএফত ক্লিক কৰক।

দেশৰ হজ কমিটিৰ বিষয়াবৰ্গৰ মতে সকলো ডকুমেণ্ট ঠিককৈ আপলোড কৰা হ’লে আপোনাৰ ছপা কৰা HAF আৰু ডকুমেণ্ট ৰাজ্যিক হজ কমিটিক এতিয়াই দিব নালাগে। যদি ডকুমেণ্ট আপলোড হোৱা নাই তেতিয়া এখন প্ৰিণ্টেড হজ আৱেদন কপি আৰু আপোনাৰ ডকুমেণ্ট নিৰ্দিষ্ট ৰাজ্যিক হজ কমিটিক ৩১ জানুৱাৰী, ২০২২ৰ পূৰ্বে জমা দিয়ক যাতে হজ আৱেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হয়।

হজ আৱেদনৰ সৈতে আপলোড কৰিবলগীয়াসমূহঃ
1) ৩০০ টকা নন–ৰিফাণ্ডেবল প্ৰচেচিং ফি হিচাপে (কেৱল অনলাইন)।
2) হজ আৱেদন ফৰ্ম পূৰণ আৰু অনলাইন আপলোড।
3) মেচিন ৰিডেবল ভাৰতীয় পাছপ’ৰ্টৰ প্ৰথম আৰু শেষ পৃষ্ঠা।

4) শেহতীয়া পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড।
5) এখন CANCELLED Cheque বেংক একাউণ্টৰ।

6) এড্ৰেছ প্ৰুফৰ এটা কপি। যদি আপোনাৰ বৰ্তমান এড্ৰেছ পাছপৰ্টত উল্লেখ কৰাৰ সৈতে একে তেনেহ’লে পাছপৰ্টৰ এটা কপি যথেষ্ট আৰু বেলেগকৈ একো ডকুমেণ্ট দিব নালাগে। নহ’লে নিজে এটেষ্ট কৰি (a self-attested copy) তলৰ যিকোনো নথি পূৰণ কৰা হজ প্ৰ–পত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব।

-আধাৰ কাৰ্ড (Aadhaar Card)
-বেংক পাছবুক (Bank Pass Book)
-নিৰ্বাচনী আয়োগে দিয়া ফটো আইডি (Election Commission Photo ID Card) অথবা
-শেহতীয়া তিনি মাহৰ
-কাৰেণ্টৰ বিল বা
-টেলিফোন বিল(Land-line)

Cover Number কি?

কভাৰ নম্বৰ হৈছে কম্পিউটাৰে জেনেৰেট কৰা Hajj Committee of Indiaই IHPMS softwareৰ জৰিয়তে সকলো তথ্য আৰু নথি পৰীক্ষা কৰি দিয়া এটা নম্বৰ। নিৰ্দিষ্ট ৰাজ্যৰ বা কেন্দ্ৰীয় শাসিত হজ কমিটিৰ দ্বাৰা প্ৰাপ্ত তথ্যৰ আধাৰত এই নম্বৰ দিয়া হয়। ৰাজ্যৰ বা কেন্দ্ৰীয় শাসিত এলেকাৰ হজ কমিটিয়ে এই কভাৰ নম্বৰ কভাৰ হেডক প্ৰদান কৰে। আৱেদনকাৰীয়ে ভৱিষ্যতৰ সকলো যোগাযোগত এই কভাৰ নম্বৰ ব্যৱহাৰ কৰিবই লাগিব। আৱেদনকাৰীয়ে সংশ্লিষ্ট হজ কমিটিৰ পৰা এই কভাৰ নম্বৰ ল’বই লাগিব যিহেতু এই কভাৰ নম্বৰ নহ’লে কোনো হজ আৱেদন কুৰাহ বা লটাৰী (Qurrah/Lottery) ৰ কাৰণে যোগ্য বিবেচিত নহ’ব।

কভাৰ নম্বৰ হৈছে আৱেদনকাৰীয়ে এটা গ্ৰুপ হিচাপে কৰাৰ আৱেদনৰ পৰিচায়ক। কেৱল নিকট পৰিয়ালৰ লোক বা ঘনিষ্ঠ আত্মীয়কহে এটা ছিংগল কভাৰত ৰাখিব লাগে।

কভাৰ হেডজন কেৱল এজন প্ৰাপ্তবয়স্ক পুৰুষ হ’ব লাগে আৰু তেওঁ সকলো আৱেদনকাৰীৰ পেমেণ্টৰ কাৰণে দায়ী হ’ব।
এটা কভাৰত থকা সকলো আৱেদনকাৰীৰ থকাৰ কেটেগৰী একে হ’ব লাগিব। এটা কভাৰৰ সকলো যাত্ৰীয়ে একেলগে যাত্ৰা কৰিব লাগিব। KSAৰ দ্বাৰা থকাৰ সুবিধা মিলোৱাৰ বাহিৰে কোনো কাৰণত কভাৰৰ লোকসকলে বেলেগে থাকিব নোৱাৰিব।

কুৰাহ কি? (What is The Qurrah/Lottery?)
কুৰাহ হৈছে কম্পিউটাৰৰ দ্বাৰা উলিওৱা লটাৰী। যিসমূহ ৰাজ্য বা কেন্দ্ৰীয় শাসিত এলেকাত আৱেদনকাৰীৰ সংখ্যা কোটাৰ অধিক হয় তাত এই প্ৰৱিজন যাত্ৰীসকলে বাচনি কৰিব লাগে। সংশ্লিষ্ট হজ কমিটিয়ে এই বাচনি কৰে। সকলো বাচনি কৰা যাত্ৰীয়ে নিজৰ ৰেজিষ্ট্ৰাৰ্ড ম’বাইলত SMS পায়। যাত্ৰীয়ে নিজৰ তথ্য হজ কমিটিৰ ৱেবছাইটতো চেক কৰিব পাৰে।
First published:

শেহতীয়া বাতৰি