உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • হাতত থকা ধন খৰচ কৰিব নালাগে! ঘৰৰ পৰাই উপাৰ্জন কৰক বৃহৎ পৰিমাণৰ ধন! এনেদৰে আগবাঢ়ক...

    হাতত থকা ধন খৰচ কৰিব নালাগে! ঘৰৰ পৰাই উপাৰ্জন কৰক বৃহৎ পৰিমাণৰ ধন! এনেদৰে আগবাঢ়ক...

    সকলোৱে ধন উপাৰ্জন কৰিব বিচাৰে। কম সময়ৰ লগতে কম কষ্টৰে অধিক ধন উপাৰ্জন কৰিব পাৰি। সেয়া কোনে নিবিচাৰে?

    সকলোৱে ধন উপাৰ্জন কৰিব বিচাৰে। কম সময়ৰ লগতে কম কষ্টৰে অধিক ধন উপাৰ্জন কৰিব পাৰি। সেয়া কোনে নিবিচাৰে?

    সকলোৱে ধন উপাৰ্জন কৰিব বিচাৰে। কম সময়ৰ লগতে কম কষ্টৰে অধিক ধন উপাৰ্জন কৰিব পাৰি। সেয়া কোনে নিবিচাৰে?

    • Share this:
    সকলোৱে ধন উপাৰ্জন কৰিব বিচাৰে। কম সময়ৰ লগতে কম কষ্টৰে অধিক ধন উপাৰ্জন কৰিব পাৰি। সেয়া কোনে নিবিচাৰে? সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পিছতে সকলোৱে ঘৰৰ পৰা কাম কৰিছে। ঠিকে এনেদৰে ঘৰতে বহি ইণ্টাৰনেটৰ মাধ্যমেৰে আমি ধন অৰ্জন কৰিব পাৰো। উল্লেখযোগ্য কথাটো হ’ল, এই কামটো কৰিবলৈ আপুনি কোনো বিশেষ কৌশল বা গুণৰ অধিকাৰী হোৱাৰ প্ৰয়োজন নাই। ইণ্টাৰনেটৰ বিস্তৃত জগতখনত এতিয়া এই কাম অতি সহজ হৈ পৰিছে।

    ঘৰত বহি টকা ঘটাৰ এটা সহজ উপায় হৈছে PTC অৰ্থাৎ paid to click ছাইটবোৰ। ইয়াৰ বাবে আপুনি PTC ছাইটত ৰেজিষ্টাৰ কৰিব লাগিব। এতিয়া আপুনি ClixSense.com, BuxP, Neobux আদিৰ দৰে ৱেবছাইটত গৈ তাত থকা বিজ্ঞাপনসমূহত ক্লিক কৰক। বিজ্ঞাপনসমূহ চোৱাৰ বাবে আপোনাক টকা দিয়া হ’ব।

    ছচিয়েল শ্বেয়াৰ প্ৰমোচনো এক লাভজনক উপায়। বৰ্তমান ইণ্টাৰনেট জগতত উপলব্ধ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত কোম্পানীসমূহৰ প্ৰডাক্ট আৰু সেৱাৰ বিষয়ে লিখিও টকা উপাৰ্জন কৰিব পাৰে। কোম্পানীসমূহৰ তেওঁলোকৰ ব্যৱসায় সম্পৰ্কীয় পোষ্ট আৰু ফটো ফেচবুক, ইনষ্টাগ্ৰাম নাইবা টুইটাৰৰ দৰে ছচিয়েল মিডিয়াত চৰ্চা হোৱাটো বিচাৰে আৰু ই আপোনাক অনলাইনযোগে টকা উপাৰ্জনৰ এক পথ দিব পাৰে।

    সৰু ভিডিঅ’ চাই উপাৰ্জন কৰিব পাৰি টকা। ইয়াৰ বাবে আপুনি ৰিচাৰ্ছ ফাৰ্ম নিলছন চাব লাগিব নাইবা ইয়াৰ প্ৰডাক্টসমুহ চাবলৈ আপোনাৰ ডিভাইচত নেটফ্লিক্স টেগাৰ ল’ব লাগিব। ইয়াৰ ওপৰিও ইনবক্সডলছৰ দৰে খেলুৱৈয়ে ভিডিঅ’ চোৱাৰ কাৰণে নগদ ধন আদায় দিয়ে।

    আপুনি জানি আচৰিত হ’ব যে স্ক্ৰীনলিফট, ফ্ৰণ্টো, স্লাইড জয়, চুইটকইন আদিৰ দৰে এণ্ড্ৰইড এপ ইনষ্টল কৰিও আপুনি টকা উপাৰ্জন কৰিব পাৰে। ইবোটাৰ দৰে এপ ব্যৱহাৰ কৰি আপুনি ২০ ডলাৰলৈকে কেশ্ববেক লাভ কৰিব পাৰে।

    কিছুমান ৱেবছাইটে ছেকেণ্ড লাইফ, স্বেগবক্স, ল’ক’টেষ্টিক আৰু মিষ্টপ্লেৰ দৰে গেম খেলিলেআনহাতে আন কিছু পে’পলৰ জৰিয়তে গিফট কাৰ্ড দিয়ে।আপোনাৰ ওচৰত থকা পুৰণি গিফট নাইবা গিফট কাৰ্ড কাৰ্ডকেশ্যৰ মাধ্যমেৰে বিক্ৰী কৰিও উপাৰ্জন কৰিব পাৰে। ই আপোনাক নিশ্চিত কেশ্ববেক প্ৰদান কৰে।

    আপুনি ফটোগ্ৰাফী ভাল পায় যদি ইয়াৰ জৰিয়তেও অধিক উপাৰ্জন কৰিব পাৰে। শ্বাটাৰষ্টক, ফটোশ্বেলটাৰ, গেটি ইমেজেছৰ দৰে জনপ্ৰিয় ফটোগ্ৰাফী ছাইটত আপোনাৰ মনোমোহা ষ্টক ফটোগ্ৰাফী বিক্ৰী কৰিও ধন উপাৰ্জন কৰিব পাৰে। এই ছাইটসমূহত আপোনাৰ ফটো আপলোড কৰিও ধন সংগ্ৰহ কৰিব পাৰে
    Published by:Himangshu Bhuyan
    First published: