ভাৰতীয় নিৰ্বাচন আয়োগে সাধাৰণ জনতাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডিজিটেল ভোটাৰ আইডি কাৰ্ডৰ আৰম্ভণি কৰিছে। এতিয়াৰে পৰা ভোটাৰ আইডি প্ৰিণ্ট কৰাৰ প্ৰয়োজন নাই। আপোনাৰ স্মাৰ্টফোনত ভোটাৰ আইডি কাৰ্ড ৰাখিব পাৰব এতিয়াৰে পৰা। ইয়াক ডিজিটেল ভোটাৰ কাৰ্ড অথবা ইলেক্টৰেল ফটো আইডি কাৰ্ড বুলিও কোৱা হয়। উল্লেখ্য যে এই ভোটাৰ কাৰ্ড আই ডি ই আধাৰৰ দৰে। জানো আহক ইয়াক কেনেদৰে ডাউনলোড কৰিব পাৰি...
প্ৰথমে নিৰ্বাচন আয়োগ ৱেবচাইট voterportal.eci.gov.in যাব লাগিব।
তাৰ পিছত নিজৰ পৰিচয় দি একাউণ্ট বনাওক।
একাউণ্ট হোৱাৰ পিছত লগ ইন কৰক।
ইয়াৰ পিছতেই e-EPIC ডাউনলোড কৰি মেনুলৈ যাওক।
ইয়াত আপোনাৰ e-EPIC নম্বৰ অথবা ৰেফাৰেন্স নম্বৰ দিব লাগিব।
তাৰ পিছত আপোনাৰ পঞ্জিয়ন থকা মবাইল নম্বৰত অটিপি আহিব।
অটিপি দিয়াৰ পিছত e-EPIC ডাউনলোড কৰি নিজৰ ডিজিটেল কাৰ্ড ডাউনলোড কৰক।
যদি আপোনাৰ পঞ্জিয়ন মবাইল নম্বৰ বেলেগ তেতিয়া ডাউনলোড কৰিবলৈ kyc প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
kyc প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত নিজৰ নম্বৰ আপডেট হ'ব আৰু ডিজিটেল কাৰ্ড ডাউনলোড কৰিব পাৰিব।
আজি পৰা আৰম্ভ দ্বিতীয় পৰ্যায়ঃ মন কৰিব লগীয়া যে দ্বিতীয় পৰ্যায়ৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ড ডাউনলোড প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। ডিজিটেল ভোটাৰ আইডি কাৰ্ডৰ বাবে নিৰ্বাচন আয়োগত নিজৰ মবাইল নম্বৰ পঞ্জিয়ন হোৱাটো জৰুৰী।
উল্লেখ্য যে ২৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী লৈকে প্ৰথম পৰ্যায়ত ডিজিটেল ভোটাৰ কাৰ্ড সেই সকলৰ কাৰণে আছিল যি সকলে বিগত বৰ্ষত আবেদন কৰিছিল।
ডিজিটেল ভোটাৰ কাৰ্ড এপৰ যোগেদিও ডাউনলোড কৰিব পাৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|