• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ডাঙৰ খবৰ! ডিজিটেল হ'ব আপোনাৰ ভোটাৰ কাৰ্ড! পুৰণি ভোটাৰ কাৰ্ড থকা সকলে এতিয়া কি কৰিব লাগিব?

ডাঙৰ খবৰ! ডিজিটেল হ'ব আপোনাৰ ভোটাৰ কাৰ্ড! পুৰণি ভোটাৰ কাৰ্ড থকা সকলে এতিয়া কি কৰিব লাগিব?

কিদৰে কৰিব পঞ্জীয়ন?

কিদৰে কৰিব পঞ্জীয়ন?

কিদৰে কৰিব পঞ্জীয়ন?

  • Share this:
ভোটাৰ আই ডি কাৰ্ড খনৰ গুৰুত্ব অপৰিসীম। বিভিন্ন সময়ত পৰিচয় পত্ৰ হিচাপেও ব্যৱহাৰ কৰা হয় ভোটাৰ আই ডি কাৰ্ড। নিৰ্বাচন অহাৰ লগে লগে এতিয়া দুগুণে বাঢ়িছে ভোটাৰ কাৰ্ডৰ গুৰুত্ব। পিছে ভোটাৰ কাৰ্ডৰ সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ।

শীঘ্ৰে ডিজিটেল হ'ব আপোনাৰ ভোটাৰ কাৰ্ড। পিছে কিদৰে কৰিব পঞ্জীয়ন। এতিয়াৰ পৰা আধাৰ কাৰ্ডৰ দৰে নিজৰ ফোনতেই ডাউনলোড কৰিব পাৰিব ভোটাৰ কাৰ্ড। ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই উপলব্ধ হ'ব ডিজিটেল ভোটাৰ কাৰ্ড। এই কথা ঘোষণা কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে।

অহা ২৫ জানুৱাৰীৰ পৰা নিৰ্বাচন আয়োগে এই সন্দৰ্ভত আৰম্ভ কৰিব এটা মোবাইল এপ। প্ৰথম পৰ্যায়ত ২৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে,  আগন্তুক নিৰ্বাচনত ১৯ হাজাৰ নতুন ভোটাৰে লাভ কৰিব ডিজিটেল ভোটাৰ কাৰ্ড। এই কাৰ্ড মোবাইলতে ৰাখিব পাৰিব।  পিছে ইয়াৰ বাবে মোবাইল নম্বৰৰ জৰিয়তে কৰিব লাগিব পঞ্জীয়ন।

কিদৰে কৰিব পঞ্জীয়ন?

ভোটাৰ তালিকাত নাম পঞ্জীয়ন কৰোতে দিব লাগিব ফোন নম্বৰ। পঞ্জীয়নৰ পিছতে লাভ কৰিব অ'টিপি। e-EPIC এপ ডাউনলোড কৰি কৰিব পাৰিব পঞ্জীয়ন। আৰু ইয়াৰ জৰিয়তেই ডাউনলোড কৰিব পাৰিব নতুন ডিজিটেল ভোটাৰ আই ডি। কিন্তু যিসকলৰ হাতত পুৰণি ভোটাৰ কাৰ্ড আছে, তেওঁলোকে ডিজিটেল কাৰ্ডৰ বাবে KYC জমা দিব লাগিব। আৰু ফৰ্মত উল্লেখ কৰিব লাগিব ফোন নম্বৰ।  আৰু তাৰ পিছতে অটিপিৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব।
Published by:Himangshu Bhuyan
First published: