যদি আপুনি আপোনাৰ জন ধন একাউণ্ট খুলিব বিচাৰে তেন্তে আপুনি আপোনাৰ নিকটতম বেংকলৈ যাব লাগিব।
যদি আপুনি আপোনাৰ জন ধন একাউণ্ট খুলিব বিচাৰে তেন্তে আপুনি আপোনাৰ নিকটতম বেংকলৈ যাব লাগিব।
যদিহে আপোনাৰ ওচৰত ইতিমধ্যেই কেইবাটাও বেংক একাউণ্ট আছে আৰু আপুনি প্ৰধানমন্ত্ৰী জন ধন একাউণ্ট খোলাৰ চিন্তা-চৰ্চা কৰিছে, তেন্তে আপুনি নতুনকৈ একাউণ্ট খোলাৰ কোনো প্ৰয়োজন নাই। আপুনি আপোনাৰ পুৰণি বেংক একাউণ্টেই ৰূপান্তৰ কৰিব পাৰে জন ধন একাউণ্টলৈ। ইয়াৰ বাবে আপুনি যাব লাগিব বেংকৰ শাখালৈ। বেংকত আপুনি এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু ৰুপে কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব। ইয়াৰ পিছতে আপুনি প্ৰ-পত্ৰ বেংকত দাখিল কৰিব লাগিব আৰু ইয়াৰ জৰিয়তে আপোনাৰ বেংক একাউণ্ট জন ধন একাউণ্টলৈ ৰূপান্তৰ কৰা হ'ব।
এনে কৰিলে আপুনি জমাৰ ওপৰত সুত লাভ কৰাৰ উপৰিও একাউণ্টটোৰ সৈতে আপোনাক বিনামূলীয়া মোবাইল বেংকিং সুবিধাও প্ৰদান কৰা হব। জন ধন একাউণ্ট থাকিলে আপুনি অভাৰড্ৰাফ্টৰ জৰিয়তে আপোনাৰ একাউণ্টৰ পৰা অতিৰিক্ত ১০,০০০ টকা লৈকে উলিয়াব পাৰিব। কিন্তু জন ধন একাউণ্টৰ সঠিক তত্বাৱধানৰ কেইমাহমানৰ পিছতহে এইসমূহ সুবিধা উপলব্ধ হ'ব।
লগতে লাভ কৰিব এইসমূহ সুবিধা -
এই জনধন একাউণ্টত আপুনি ২ লাখ টকালৈকে আপদকালীন বীমাৰ সুবিধাও লাভ কৰিব। ৩০,০০০ টকালৈকে লাইফ কভাৰেজ, যি হিতাধিকাৰীৰ মৃত্যুৰ ওপৰত যোগ্যতাৰ চৰ্তাৱলী পূৰণ কৰাৰ বাবে উপলব্ধ হয়। জন ধন একাউণ্ট খোলা ব্যক্তিক ৰুপে ডেবিট কাৰ্ড এখনো দিয়া হয় যাতে তেওঁ একাউণ্টৰ পৰা টকা উলিয়াব পাৰে বা যিকোনো বস্তু ক্ৰয় কৰিব পাৰে। জন ধন একাউণ্টৰ জৰিয়তে বীমা, পেঞ্চন সামগ্ৰী আদিৰ সুবিধা লোৱাটোও অতি সহজ।
ন্যূনতম বেলেন্স বজাই ৰখাৰ নাই কোনো টেনচন -
PMJDYৰ অধীনত খোলা একাউণ্টবোৰত ন্যূনতম বেলেন্স বজাই ৰখাৰ প্ৰয়োজন নাই। কিন্তু যদিহে আপুনি চেকবুক সুবিধা বিচাৰে, তেন্তে আপুনি ন্যূনতম বেলেন্স বজাই ৰাখিব লাগিব।
যদি আপুনি এটা নতুন একাউণ্ট খুলিব বিচাৰে -
যদি আপুনি আপোনাৰ জন ধন একাউণ্ট খুলিব বিচাৰে তেন্তে আপুনি আপোনাৰ নিকটতম বেংকলৈ যাব লাগিব। ইয়াত আপুনি জন ধন একাউণ্টৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । আবেদনকাৰীয়ে তেওঁৰ নাম, ম'বাইল নম্বৰ, বেংক শাখাৰ নাম, ঠিকনা, মনোনীত ব্যক্তি, ব্যৱসায়/নিযুক্তি আৰু বাৰ্ষিক উপাৰ্জন আৰু নিৰ্ভৰশীলৰ সংখ্যা, এছএছএ কোড বা ৱাৰ্ড নম্বৰ, ভিলেজ কোড বা টাউন কোড ইত্যাদি প্ৰদান কৰিব লাগিব।
প্ৰয়োজন হ'ব এইসমূহ নথিপত্ৰৰ -
PMJDYৰ ৱেবছাইট অনুসৰি, আপুনি পাছপোৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড নম্বৰ, নিৰ্বাচন আয়োগে জাৰি কৰা ভোটাৰ পৰিচয় পত্ৰ, ৰাজ্য চৰকাৰৰ বিষয়াই স্বাক্ষৰ কৰা এমজিএনৰেগা জব কাৰ্ড আদি নথিপত্ৰৰ জৰিয়তে জন ধন একাউণ্ট খুলিব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|