বৰ্তমান সময়ত ইণ্টাৰনেট ব্যৱহাৰ কৰা সকলৰ বাবে Google এক এৰাব নোৱাৰা অংগ হৈ পৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। ৰন্ধন প্ৰকৰণৰ পৰা বানান সংশোধন কৰালৈকে, DIY লিংকৰ পৰা আৰম্ভ কৰি, কাম এটা কেনেদৰে কৰিব লাগে তাৰো বিস্তাৰিত ব্যাখ্যা বিচাৰি গুগ'ল চাৰ্চ কৰা হয়।
কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াৰ এক নেতিবাচক দিশো আছে। যিহেতু সকলো তথ্য আক্ষৰিক ভাবে আপোনাৰ আঙুলিৰ মূৰত উপলব্ধ। গতিকে এনেবোৰ কাৰণত মাজে মাজে কিছুমান সমাজত কু-প্ৰভাৱ পেলাব পৰা বিষয়টো গুগ'লত একাংশই চাৰ্চ কৰি আহিছে।
কোৰোণা মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বতে ঘৰুৱা উৎপীড়ন আচৰিত ধৰণে বৃদ্ধি পোৱা দেখা গৈছে। এতিয়া Taylor আৰু Francis নামৰ আলোচনীখনত এক ৰিপৰ্টত প্ৰকাশ পাইছে যে, ঘৰুৱা উৎপীড়ন বৃদ্ধিৰ বাবে একাংশ লোকে ২০২০ চনত কিছুমান আচৰিত ধৰণৰ টাৰ্ম গুগলত চাৰ্চ কৰিছে।
অধ্যয়নটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰত গুগ'ল অনুসন্ধানৰ ওপৰত চকু দিছিল আৰু দেখিছিল যে, তেওঁলোকে ৬টা বিশেষ বিযয়ত গুৰুত্ব দিছিল। সেইকেইটা হ'ল, প্ৰাক-অসুৰক্ষা, হতাশা আৰু অসহায়তা, পুৰুষৰ হিংসা আৰু ইচ্ছাকৃত পুৰুষৰ হিংসা।
ইচ্ছাকৃত পুৰুষৰ হিংসাৰ সৈতে সম্পৰ্কিত অনুসন্ধানৰ ফলাফলবোৰ আচৰিত আছিল। “How to control your woman" আৰু “how to hit a woman so no one knows" প্ৰত্যেকেই ১৬৫ নিযুতবাৰ গুগল চাৰ্চ কৰিছিল। “I am going to kill her when she gets home" ১৭৮ নিযুত বাৰ গুগল চাৰ্চ কৰা হৈছিল।
একেধৰণৰ অনুসন্ধানৰ ফলাফল বোৰ পুৰুষৰ হিংসাৰ সৈতে দেখা গৈছিল। “He will kill me" ১০৭ নিযুত বাৰ গুগল চাৰ্চ কৰা হৈছিল আৰু “He beats me up" ৩২০ নিযুতবাৰ গুগল চাৰ্চ কৰা হৈছিল। “Help me, he won’t leave" ১.২২ বিলিয়নবাৰ গুগল চাৰ্চ কৰা হৈছিল।
এনেবোৰ তথ্যই প্ৰকৃততে কি সূচাইছে? ভাবক আৰু বিচাৰ কৰক!
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 29, 2021, 14:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।