• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ঘৰুৱা পদ্ধতিৰে কিদৰে নিয়ন্ত্ৰণ কৰিব ডায়েবেটিছ?

ঘৰুৱা পদ্ধতিৰে কিদৰে নিয়ন্ত্ৰণ কৰিব ডায়েবেটিছ?

তেজত শৰ্কৰাৰ পৰিমাণ ১৪০ৰ তলত থাকিলে নৰ্মেল বুলি ধৰা হয়।

তেজত শৰ্কৰাৰ পৰিমাণ ১৪০ৰ তলত থাকিলে নৰ্মেল বুলি ধৰা হয়।

তেজত শৰ্কৰাৰ পৰিমাণ ১৪০ৰ তলত থাকিলে নৰ্মেল বুলি ধৰা হয়।

  • Share this:
ডায়েবেটিছ সাধাৰণত দুই ধৰণৰ। টাইপ ১ আৰু টাইপ ২। সাধাৰণতে কম বয়সত টাইপ ১ ডায়েবেটিছ হোৱাৰ বিপৰীতে, টাইপ ২ সাধাৰণতে ৪০ বছৰৰ পিছত হোৱা দেখা যায়। মানহৰ জীৱন শৈলীত হোৱা অস্বাভাৱিক পৰিৱৰ্তন, অত্যাধিক আৰাম দায়ক জীৱন, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, সময়মতে খাদ্যগ্ৰহণ নকৰা ইত্যাদি বহু কাৰণ ডায়েবেটিছ ৰোগৰ অন্যতম কাৰক বুলি চিহ্নিত হৈছে। তেজত শৰ্কৰাৰ পৰিমাণ ১৪০ ৰ তলত থাকিলে নৰ্মেল বুলি ধৰা হয়।

কিদৰে ঘৰুৱা পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পৰা যায় ডায়েবেটিছ 

১. নিয়মিত শাৰীৰিক ব্যায়ামঃ নিয়মিত শাৰীৰিক ব্যায়ামে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ লগতে শৰীৰত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰে।

২.আঁহযুক্ত(ফাইবাৰ) শাক–পাচলি, ফল–মূল নিয়মিত খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক।

৪, পৰ্যাপ্ত পৰিমাণে পানী খাওক - পৰ্যাপ্ত পৰিমাণে পানী খালে তেজত শৰ্কৰাৰ পৰিমাণ প্ৰয়োজন অনুপাতে উৎপন্ন হয়। লগতে অতিৰিক্ত শৰ্কৰা প্ৰস্ৰাৱৰ লগত ওলাই যোৱাত সহায় কৰে।

৫. মন সুস্থিৰ ৰাখক– অতিমাত্ৰা মানসিক চাপ ডায়েবেটিছ ৰোগৰ অন্যতম কাৰণ। অত্যাধিক মানসিক চাপে শৰীৰত গ্লোকন আৰু কৰ্টিচ’লৰ পৰিমাণ বৃদ্ধি কৰে। যিবোৰ হৰমন তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধিৰ অন্যতম কাৰক।

৭. সুন্দৰ টোপনী– টোপনী আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। টোপনী কম হ’লে তেজত শৰ্কৰাৰ পৰিমাণৰ লগতে ইনচুলিন উৎপাদনত তাৰতম্য ঘটে।

৮. ক্ৰমিয়াম আৰু মেগনেছিয়াম থকা খাদ্য গ্ৰহণ কৰক–
ক্ৰমিয়াম থকা যেনে– ঘেহুৰে উৎপাদিত খাদ্য,Nuts, বীন, ব্ৰকলি।
মেগনেছিয়াম থকা যেনে– সেউজীয়া পাচলি, মাছ, বীন ইত্যাদি।
Published by:Himangshu Bhuyan
First published: