Mission Paani: আপোনাৰ খোৱা পানী পৰিস্কাৰ আৰু বীজাণুমুক্ত হয় নে নহয়? কেনেদৰে পৰীক্ষা কৰিব? জানি লওক...

নৰ্দমাৰ ওচৰত অৱস্থিত পাইপৰ জৰিয়তে পানী প্ৰবাহিত কৰোতেও পানী দূষিত হ'ব পাৰে । ইয়াৰ ফলত খোৱা পানীৰ সৈতে মিহলি হ'ব পাৰে নৰ্দমাৰ পানী ।
নৰ্দমাৰ ওচৰত অৱস্থিত পাইপৰ জৰিয়তে পানী প্ৰবাহিত কৰোতেও পানী দূষিত হ'ব পাৰে । ইয়াৰ ফলত খোৱা পানীৰ সৈতে মিহলি হ'ব পাৰে নৰ্দমাৰ পানী ।
- News18 Assam
- Last Updated: March 31, 2021, 2:05 PM IST
পানী দূষিত হোৱাৰ ফলত কি হয় ?
প্ৰটোজোয়া, ভাইৰাছ, বেক্টেৰিয়া, আৰু অন্ত্ৰৰ পৰজীৱীৰ দৰে ৰোগজনক অণুজীৱৰ দ্বাৰা দুষিত খোৱা পানীৰ ফলতেই ভিন্ন ৰোগ সংক্ৰমিত হয় । এই দুষিত পানী সেৱনৰ বাবেই কলেৰা, টাইফইড, ডায়েৰিয়া, হেপাটাইটিছ এ আদিৰ দৰে ৰোগৰ সৃষ্টি হয় । কিন্তু ভাৰতৰ কোনো কোনো প্ৰান্তত কেতিয়াবা পৰিষ্কাৰ খোৱা পানীৰ যোগান এক প্ৰত্যাহ্বান হৈ পৰে, কেতিয়াবা আকৌ দুৰ্বল ব্যক্তিগত পৰিচ্ছন্নতা প্ৰক্ৰিয়াৰ ফলতে দুষিত হয় পানী ।
পানীৰ ফলত সৃষ্টি হোৱা ৰোগ ভিন্ন ধৰণে প্ৰতিহত কৰিব পাৰি ...
১. এক সুৰক্ষিত উৎসৰ পৰা পানী গ্ৰহণ কৰাটো নিশ্চিত কৰা আৰু পানী উতলাই খোৱাৰ চেষ্টা কৰা । কিয়নো উতলা পানী বীজাণু হ্ৰাস পদ্ধতি হিচাপে গ্ৰহণ কৰিব পাৰি,যিয়ে সকলো বীজাণু নাশ কৰিব পাৰে ।
২. খোৱাৰ আগতে আৰু শৌচ কৰাৰ পিছত চাবোন আৰু পানীৰে ভালদৰে হাত ধুই পানী প্ৰবাহিত ৰোগৰ পৰা আতৰি থাকিব পাৰি ৷
৪. ভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ চৌপাশৰ পৰিছন্নতা বজাই ৰখাটো অত্যাৱশ্যকীয়।
যিহেতু আমাৰ বেছিভাগ খোৱা পানীয়েই ভূগৰ্ভস্থ পানী আৰু নদীৰ পৰা আহে ৷ তেনেস্থলত খোৱা পানীৰ সুৰক্ষা আৰু পৰিচ্ছন্নতা নিশ্চিত কৰাৰ প্ৰথম পদক্ষেপ হৈছে পানীৰ প্ৰাকৃতিক উৎসক পৰিষ্কাৰ কৰি ৰখা ।
সেয়েহে বৰ্ধিত পানী প্ৰদূষণৰ প্ৰত্যাহ্বানত যাতে আপুনি অৰিহণা নোযোগায়, তাৰ বাবে অৱলম্বন কৰক এইসমূহ সতৰ্কবানী -
১. আপোনাৰ শৌচাগাৰ আৱৰ্জনাৰ বাকচ নহয় -
বেবী ৱাইপ বা প্লাষ্টিক টেম্পন এপ্লিকেটৰৰ দৰে অজৈৱিক সামগ্ৰী ফ্লাছ নকৰিব। ইয়ে নৰ্দমা শোধন প্ৰক্ৰিয়াত বাধা দিব পাৰে । আপুনি কেতিয়াও শৌচাগাৰত পুৰণি ঔষধ পেলোৱা উচিত নহয় কিয়নো ইয়ে অনিচ্ছাকৃতভাৱে ভিন্ন ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰিব পাৰে।
২. চিৰ তললৈ কি যায় তাৰ প্ৰতি সাৱধান হ'ব -
ৰং, ব্যৱহৃত তেল, চাফ-চিকুণ কৰা ৰাসায়নিক ভিন্ন সামগ্ৰী, বা অন্যান্য প্ৰশ্নযোগ্য ঘৰুৱা সামগ্ৰী নলাৰ তললৈ যোৱাত বাধা প্ৰদান কৰিব ৷ কিয়নো সেইবোৰত ছডিয়াম হাইপোক্লোৰাইট, এমোনিয়া আৰু ফৰ্মালডিহাইডৰ দৰে বিষাক্ত উপাদান থাকে।
৩. পৰিষ্কাৰ কৰিবলৈ জৈৱিক সামগ্ৰী ব্যৱহাৰ কৰক
পৰিষ্কাৰ কৰা সামগ্ৰীৰ পৰা হাজাৰ হাজাৰ ৰাসায়নিক পদাৰ্থ নদী আৰু খাদ্য শৃংখলাত প্ৰৱেশ কৰে । যদি আপুনি পৰিষ্কাৰ কৰিবলৈ জৈৱিক সামগ্ৰী ব্যৱহাৰ কৰে, তেন্তে আপুনি পানীৰ সুৰক্ষা নিশ্চিত কৰি আছে ।
৪. ফছফৰাছ থকা ল'ন সাৰ পৰিহাৰ কৰক -
টাৰ্ফ ঘাঁহৰ দ্বাৰা প্ৰয়োজন নোহোৱা ফছফৰাছ প্ৰায়ে বৰষুণৰ দ্বাৰা ওচৰৰ জলাশয়লৈ লৈ যোৱা হয়,য'ত ই গুৰুতৰ পৰিৱেশ সমস্যাৰ সৃষ্টি কৰিব পাৰে।