ছচিয়েল মিডিয়াত প্ৰকাশিত ভুৱা বাতৰি, ফটো-ভিডিঅ' পৰীক্ষা কৰিব কেনেকৈ? জানি লওক

News18 Assam | News18-Assam
Updated:December 23, 2020, 8:27 PM IST
ছচিয়েল মিডিয়াত প্ৰকাশিত ভুৱা বাতৰি, ফটো-ভিডিঅ' পৰীক্ষা কৰিব কেনেকৈ? জানি লওক
Source-Google

বৰ্তমান ইণ্টাৰনেটত বিয়পি থকা এনে ভুৱা বাতৰিৰ পৰা নিজকে বচাই চলিবলৈ ইন্টাৰনেটৰ জৰিয়তে প্ৰচাৰিত ফটো- ভিডিঅ, বাতৰিৰ সত্যতা পৰীক্ষা কৰাৰ কৌশলসমূহ সকলোৱে জনাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।

  • Share this:
ভাৰতৰ জনসংখ্যাৰ প্ৰায় আধা সংখ্যক লোকে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ লগতে ব্যৱহাৰ কৰে বিভিন্ন ছচিয়েল মিডিয়া চাইট । শেহতীয়াকৈ ছচিয়েল মিডিয়াত প্ৰকাশিত বিভিন্ন ঘটনাৰ তথ্য তথা বাতৰিয়ে প্ৰভাৱিত কৰি আহিছে বাতৰি কাকত আৰু ইলেক্ট্ৰনিক সংবাদ মাধ্যমত।

ইণ্টাৰনেটৰ মাধ্যমেৰে ছচিয়েল মিডিয়াত প্ৰকাশিত বহু খবৰেই পিছত ভুৱা প্ৰমাণিত হৈছে। ছচিয়েল মিডিয়াত প্ৰকাশিত বহু মিছা বাতৰিয়ে বিভিন্ন সময়ত বিভ্ৰান্তিৰ সৃষ্টি কৰি অহাৰ লগতে জনসাধাৰণকো বিপথে পৰিচালিত কৰি আহিছে । এই ক্ষেত্ৰত এনে বাতৰিসমূহৰ সত্যতা নিৰূপণৰ বাবে আছে বহু কৌশল।

অল আছাম জাৰ্নেলিষ্ট ইউনিয়নৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত‘ Google News Initiative’ আৰু ‘Data Leads’ৰ সহযোগত যোৰহাটৰ সাংবাদিকসকলক এই সন্দৰ্ভত এক প্ৰশিক্ষণ প্ৰদান কৰা হয় মঙলবাৰে। বিশেষকৈ ফেচবুক , টুইটাৰ , ইউটিউব তথা আন্যান্য ছচিয়েল মিডিয়াত প্ৰকাশিত ভুৱা বাতৰি, ভুৱা ফটো-ভিডিঅ’ আদি কেনেদৰে চিনাক্ত কৰিব পাৰি সেই সন্দৰ্ভত এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। ‘Google News Initiative’ আৰু ‘Data Leads’ৰ হৈ প্ৰশিক্ষণ প্ৰদান কৰে ইউ এন আইৰ জ্যেষ্ঠ সাংবাদিক সুস্মিতা গোস্বামীয়ে।

এই প্ৰশিক্ষণত ছচিয়েল মিডিয়াত প্ৰকাশিত এখন ফটোৰ প্ৰকৃত তথ্য ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে কেনেদৰে জানিব পৰা যায় বা বিভিন্ন মাধ্যমত প্ৰকাশিত বাতৰি এটাৰ সত্যতা পৰীক্ষা কৰা বহু কিটিপ এই প্ৰশিক্ষণত দাঙি ধৰা হয়। প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা সকলোৱে এনে প্ৰশিক্ষণৰ গুৰুত্বৰ কথা স্বীকাৰ কৰে। বিশেষকৈ ডিজিটেল মিডিয়াই ব্যাপক ৰূপত প্ৰসাৰতা লাভ কৰাৰ সময়ত সাংবাদিকসকলৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণ অপৰিহাৰ্য হৈ পৰিছে ।

" পূৰ্বতে আমি ভাবিছিলো যে ছবিয়ে মিছা কথা নকয় । কিন্তু বৰ্তমান ডিজিটেল মাধ্যমত এখন ছবিয়ে এটা ডাঙৰ মিছা কথা সাব্যস্ত কৰিব পাৰে। সেয়েহে সাংবাদিকসকলে এনে মিছা বাতৰি বা ভুৱা ফটো - ভিডিঅ’ চিনাক্ত কৰিব পৰা কৌশলবোৰৰ সৈতে অভ্যস্ত হব লাগিব। ছচিয়েল মিডিয়াত বহু মিছা বাতৰি প্ৰচাৰ হয় যিবোৰে সংবাদ মাধ্যমসমূহকো প্ৰভাৱিত কৰে।’- প্ৰশিক্ষক তথা জ্যেষ্ঠ সাংবাদিক সুস্মিতা গোস্বামীয়ে এনেদৰে কয়।
Published by: Himangshu Bhuyan
First published: December 23, 2020, 8:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি